Tuesday, August 26, 2025
26.5 C
Guwahati
TOP NEWS:

ৰঙাপৰাত ৰে’লৱে সুৰক্ষা বাহিনীৰ প্ৰতিষ্ঠা দিৱস উদযাপন

- Advertisement -

♦ ৰঙাপৰাঃ শোনিতপুৰ জিলাৰ ৰে’লনগৰী খ্যাত ৰঙাপৰাত আজি ৰে’লৱে সুৰক্ষা বাহিনীয়ে উলহ মালহেৰে উদযাপন কৰে ৰেলৱে সুৰক্ষা বাহিনীৰ ৩৮সংখ্যক প্ৰতিষ্ঠা দিৱস। পুৱা ৰঙাপৰা ৰে’লৱে সুৰক্ষা বাহিনীৰ পৰিদৰ্শক ছাদ্ৰে আলম খানে ৰে’লৱে প্লেটফৰ্ম আৰু ৰে’লৱে সুৰক্ষা বাহিনীৰ শিবিৰত পৰিস্কাৰ পৰিছন্নতাৰ উপৰত গুৰুত্ব আৰোপ কৰি ছাফাই অভিযান চলায়।

তাৰ পাছতে আৰক্ষী শিবিৰ আৰু ৰে’লৱে প্লেটফৰ্মত গছ পুলি ৰোপন কৰে। আজিৰ অনুষ্ঠানত ৰঙাপৰা ৰে’লৱে সুৰক্ষা বাহিনীৰ উপ পৰিদৰ্শক ৰাজেন ৰাজবংশী, উপ পৰিদৰ্শক চোহনলাল প্ৰধান, উপ পৰিদৰ্শক মুকেশ চৌধুৰী, উপ পৰিদৰ্শক প্ৰিয়ংকা বৰ্মন, সহকাৰী উপ পৰিদৰ্শক দিবাকৰ বৰ্মনৰ লগতে ৰে’লৱে সুৰক্ষা বাহিনীৰ সমুহ বিষয়া কৰ্মচাৰী উপস্থিত থাকে।

উল্লেখ্য যে উত্তৰ পূব সীমান্ত ৰে’লৱেৰ ৰে’লৱে সুৰক্ষা বাহিনী (আৰ পি এফ) যাত্ৰীবাহী ৰে’ল, ৰে’ল ষ্টেচন, ৰে’লৱে পৰিসৰত নিষিদ্ধ বা নিচাযুক্ত, চোৰাং সামগ্ৰী সৰবৰাহ হব নোৱাৰে তাৰ প্ৰতি সদা সতৰ্ক দৃষ্টি ৰাখি আহিছে। সমান্তৰালভাৱে মানৱ সৰবৰাহকাৰী চক্ৰৰ বিৰুদ্ধেও অভিযান চলাই আহিছে আৰু মানৱ সৰবৰাহৰ সৈতে জড়িত সন্দেহযুক্ত ব্যক্তিৰ লগতে সন্দেহজনক ভাৱে শিশুৰ চলাচল, অকলে, সঠিক অভিভাৱক অবিহনে ভ্ৰমণ কৰা আদিৰ ক্ষেত্ৰত ৰে’লৱে সুৰক্ষা বাহিনী সদায় সতৰ্ক হৈ থাকে।

Hot this week

Topics

আহোমসকলৰ শাসনকালৰ কাৰ্যাৱলীক বুজিবলৈ সহায়ক গ্ৰন্থ : ‘আহোম বুৰঞ্জী-কোষ’

‘আহোম বুৰঞ্জী-কোষ’ হৈছে আহোমসকলৰ শাসন কালৰ কাৰ্যাৱলী ভালদৰে আৰু...

২০ তম পানবাৰী অসম আৰক্ষী বাহিনীৰ ছাউনিত উলহ মালহৰে ৭৯ সংখ্যক স্বাধীনতা দিৱস উদযাপন

● পৰ্বতঝোৰা: আজি দেশবাসীয়ে উদযাপন কৰিছে ৭৯ সংখ্যক স্বাধীনতা...

হাগ্ৰামা মহিলাৰীৰ কথাৰ কোনো মূল্য নাইঃ জয়ন্ত বসুমতাৰী

পৰ্বতঝোৰাঃ বিটিআৰত আৰম্ভ হৈছে নিৰ্বাচনী যুদ্ধ। শাসক বিৰোধী নেতাৰ...

গুৱাহাটীত নাৰিকল উন্নয়ন ব’ৰ্ডৰ উদ্যোগত কাৰিকৰী সমৃদ্ধি

■ গুৱাহাটীস্থিত আঞ্চলিক নাৰিকল উন্নয়ন ব'ৰ্ডৰ উদ্যোগত ৮ আগষ্ট...

Related Articles

Popular Categories

Assam
overcast clouds
24.1 ° C
24.1 °
24.1 °
94 %
1kmh
91 %
Mon
24 °
Tue
33 °
Wed
32 °
Thu
29 °
Fri
28 °