শেহতীয়া আপডেটঃ

অসমত শিক্ষা আৰু সমাজ কল্যাণৰ উদ্যোগ লৈ কেইৰ্ণৰ শিশু দিৱস উদযাপন

গুৱাহাটীঃ শিশুৰ দিৱসৰ পূৰ্বে কেইৰ্ণে অসমৰ উদীয়মান শিক্ষাৰ্থীৰ সম্ভাৱনা উদযাপন কৰিবলৈ কেইবাটাও সমাজ-কেন্দ্ৰিক পদক্ষেপ গ্ৰহণ কৰে। স্থানীয় সম্প্ৰদায়ৰ বাবে শৈক্ষিক উন্নয়ন আৰু জীৱনৰ মান বৃদ্ধিৰ বাবে কেইৰ্ণৰ প্ৰতিশ্ৰুতিৰ সৈতে সংগতি ৰাখি এই প্ৰচেষ্টাসমূহৰ ভিতৰত আছিল শৈক্ষিক সামগ্ৰী বিতৰণ, চিত্ৰাঙ্কন প্ৰতিযোগিতা আয়োজন আৰু স্থানীয় বিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়ন অন্তৰ্ভুক্ত আছিল।

যোৰহাটৰ মৰিয়নি চমুৱা এলপি বিদ্যালয়ত এক ডেস্ক বিতৰণ অনুষ্ঠান আয়োজন কৰা হয়। এই অনুষ্ঠানত ২৪ গৰাকী শিক্ষাৰ্থীক উচ্চমানৰ পঢ়াৰ ডেস্ক প্ৰদান কৰা হয়, যাৰ দ্বাৰা তেওঁলোকৰ শিক্ষাগ্ৰহণৰ অভিজ্ঞতা উন্নত কৰা হয়। এনেদৰে তিনিচুকীয়াৰ জাগুন উত্তৰৰ কোঠা এলপি বিদ্যালয়ত অনুষ্ঠিত আন এক বিতৰণ অনুষ্ঠানত প্ৰথমৰ পৰা পঞ্চম শ্ৰেণীৰ শিক্ষাৰ্থীৰ মাজত ৬৯খন ডেস্ক বিতৰণ কৰা হয়। এই বিতৰণসমূহৰ উদ্দেশ্য আছিল শিক্ষাৰ্থীসকলক ব্যৱহাৰযোগ্য আৰু স্থায়ী ডেস্ক সুবিধা প্ৰদান কৰি এখন অধিক উপযোগী শৈক্ষিক পৰিৱেশ সৃষ্টি কৰাৰ। এই অনুষ্ঠানত প্ৰতিষ্ঠানটোৰ প্ৰতিনিধিসকলৰ লগতে স্থানীয় নেতা, অভিভাৱক আৰু অংগনবাদী কৰ্মীসকল উপস্থিত থাকে। “আমাৰ লক্ষ্য হৈছে শিক্ষাৰ্থীসকলক সফল হ’বলৈ প্ৰয়োজনীয় সংস্থানৰ যোগান দিয়া। এইবোৰ সহায়ক সামগ্ৰী প্ৰদানৰ দ্বাৰা শিক্ষাৰ্থীৰ অধ্যয়ন সহযোগিতা আৰু সমষ্টিকেন্দ্ৰিক বৃদ্ধি হিচাপে আমাৰ পৰিকল্পনাক আগুৱাই নিয়াৰ এটা পদক্ষেপ,” প্ৰতিষ্ঠানটোৰ এজন মুখপাত্ৰই কয়।

জাগুনত কোঠাগাঁও এলপি বিদ্যালয়ত এখন চিত্ৰাঙ্কন প্ৰতিযোগিতা অনুষ্ঠিত হয়। এই প্ৰতিযোগিতাত তিনিখন বিদ্যালয়ৰ ৯৩ জন শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে আৰু বিভিন্ন সৃষ্টিশীল কৃতিত্ব দেখুৱায়। এই অনুষ্ঠানত শিক্ষক, স্থানীয় কৰ্তৃপক্ষ, অভিভাৱককে ধৰি ১৫০ জনতকৈ অধিক লোকৰ আগমন হয়। বিজয়ীসকলক পুৰস্কাৰ প্ৰদান কৰা হয় আৰু সকলো অংশগ্ৰহণকাৰীক মানপত্ৰ দিয়া হয়। “চিত্ৰাঙ্কন হৈছে ভাব প্ৰকাশৰ এটা শক্তিশালী মাধ্যম আৰু আমাৰ স্থানীয় শিশুসকলৰ প্ৰতিভা দেখি আমিবোৰ আনন্দিত। আশা কৰোঁ, এই অভিজ্ঞতাই তেওঁলোকক নিজৰ সৃষ্টিশীল ক্ষমতা অন্বেষণ কৰিবলৈ উৎসাহিত কৰিব,” এই প্ৰচেষ্টাৰ সফলতাৰ কথা প্ৰকাশ কৰি কেইৰ্ণৰ এজন প্ৰতিনিধিয়ে কয়।

আনহাতে, নাগিনিজানৰ ৬৬৬ নং তোৰাতলি আগচমুৱা এলপি বিদ্যালয় আৰু গোহাঁইবাৰী বাগিছা ও অংগনবাদী কেন্দ্ৰত গ্ৰীষ্মকালৰ গৰমৰ পৰা পৰিত্ৰাণৰ বাবে বৈদ্যুতিক পাংখা বিতৰণ কৰা হয়। এই প্ৰচেষ্টাৰ উদ্দেশ্য আছিল শৈক্ষিক আন্তঃগাঁথনি উন্নত কৰি শিক্ষাৰ্থীসকলৰ বাবে এক সৰল আৰু স্নিগ্ধ শিক্ষাৰ পৰিৱেশ নিশ্চিত কৰা।

এই কাৰ্য্যকলাপসমূহে কোম্পানীটোৰ কাৰ্য্যকৰী ক্ষেত্ৰসমূহত সম্প্ৰদায়ক উন্নীত কৰাৰ প্ৰতিশ্ৰুতি প্ৰতিফলিত কৰে। শৈক্ষিক সহায়, আন্তঃগাঁথনি উন্নয়ন আৰু সৃষ্টিশীল সম্পৰ্কৰ ওপৰত কেন্দ্ৰিত হৈ কেইৰ্ণে সমাজ উন্নয়নৰ এক অন্তৰ্ভুক্তিকামী দৃষ্টিভংগী আগুৱাই নিবলৈ চেষ্টা কৰিছে। “আমাৰ উদ্দেশ্য হৈছে শিক্ষাৰ্থীসকলক তেওঁলোকৰ সমাজত উন্নতি কৰাৰ বাবে সহায় প্ৰদান কৰা আৰু জীৱনৰ গুণগত মান উন্নীত কৰা,”।

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.