শেহতীয়া আপডেটঃ

১৪ আগষ্টত মুক্তিৰ পূৰ্বেই ৮টা সন্মানীয় বঁটাৰে উজলি উঠিছে বৰলুইত প্ৰডাকচনৰ ‘ৰং’

১৪ আগষ্টত মুক্তিৰ পূৰ্বেই ৮টা সন্মানীয় বঁটাৰে উজলি উঠিছে বৰলুইত প্ৰডাকচনৰ ‘ৰং’

অসম খবৰ গুৱাহাটী ২৪ জুলাই, ২০২৪ :

গুৱাহাটীস্থিত প্ৰখ্যাত চলচ্চিত্ৰ প্ৰডাকচন প্ৰতিষ্ঠান বৰলুইত প্ৰডাকচনে ১৪ আগষ্টত নিজৰ বহু প্ৰশংসিত অসমীয়া চুটি ছবি ‘ৰং (দ্য কালাৰ)’ দৰ্শকৰ বাবে মুকলি কৰাৰ কথা সগৌৰৱেৰে ঘোষণা কৰিছে। ইতিমধ্যে বিশ্বৰ কেবাখনো আগশাৰীৰ চলচ্চিত্ৰ মহোৎসৱত মুঠ ১১টা শাখাত মনোনয়ন লাভ কৰাৰ উপৰি ৮টা সন্মানীয় বঁটা জিনিবলৈ সক্ষম হোৱা চলচ্চিত্ৰখনে আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ জগতত যথেষ্ট প্ৰশংসা লাভ কৰিছে।

নেকিব আহমেদৰ পৰিচালনা আৰু সম্পাদনা তথা অঞ্জন কৌশিক শৰ্মাৰ প্ৰাণৱন্ত কাহিনী আৰু চিত্ৰনাট্যৰে প্ৰস্তুত কৰা ‘ৰং (দ্য কালাৰ)’-এ গভীৰ বিষয়বস্তুৰ মাজত সকলোকে নিমজ্জিত কৰি ভাৰতৰ প্ৰকৃত ৰং তুলি কৰিছে। ছবিখনত অংকুৰ বৈদ্য, ইমৰান হুছেইন, প্ৰীতম জ্যোতি দাস, মনীষা কাশ্যপ, পিংকু বৈশ্য, টিকেন্দ্ৰজিৎ হাজৰিকা, মৌচম বৰা, ৰেখামণি শইকীয়া, লক্ষীপ্ৰিয়া শইকীয়া, মহেশ কলিতা, পল্লৱ বসুমতাৰী, আকাশদ্বীপ দাসকে ধৰি বহুকেইগৰাকী শিল্পীয়ে অভিনয় কৰিছে। সহযোগ কৰিছে হিৰণ্য দাসৰ সহযোগিতাৰে মানৱজ্যোতি কলিতাৰ চিনেমেট’গ্ৰাফী, জেকিব আহমেদৰ প্ৰযোজনা আৰু দেৱজিৎ ব্ৰহ্মৰ মন্ত্ৰমুগ্ধকৰ আৱহ সংগীতেৰে বিশ্বজুৰি দৰ্শকক মুগ্ধ কৰিবলৈ ছবিখন সম্পূৰ্ণৰূপে সাজু হৈ উঠিছে।

ব্যতিক্ৰমী কাহিনী, পৰিচালনা আৰু উৎকৃষ্টতাৰ বাবে ‘ৰং (দ্য কালাৰ)’ ছবিখনে স্বীকৃতি লাভ কৰিছে আৰু সন্মানীয় চলচ্চিত্ৰ মহোৎসৱৰ পৰা প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে। ২০২৩ চনৰ ত্ৰিলোকা আন্তঃৰাষ্ট্ৰীয় ফিল্মফেয়াৰ এৱাৰ্ডত শ্ৰেষ্ঠ চুটি ছবি, ২০২৩ চনৰ কলিউড আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত বিশেষ জুৰী বঁটা, ২০২৪ৰ চতুৰ্থ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চুটি ছবি মহোৎসৱত শ্ৰেষ্ঠত্বৰ সন্মান, ৰোহিপ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ ২০২৪ত বিশেষ জুৰীৰ সন্মান আৰু ২০২৪ চনৰ ইণ্ডো-ডুবাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ ভাৰতীয় চুটি ছবিৰ সন্মান লাভ কৰিছিল।

ইয়াৰ লগতে, ২০২৩ চনৰ ইণ্ডো-ফ্ৰান্স আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ আৰু ২০২৪ বৰ্ষৰ গ্ৰীচ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱতো এই চুটি ছবিখনে প্ৰশংসা বুটলিবলৈ সক্ষম হৈছিল। আনহাতে, ২০২৪ চনৰ দাদা চাহেব ফাল্কে আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শীৰ্ষ ১০০খন চুটি ছবিৰ মাজত স্থান লাভ কৰিছিল।

চুটি ছবিখনে ২০২৩ৰ দ্বাদশ মুম্বাই চুটি ছবি আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ, ২০২৪ চনৰ তৃতীয় হিমাচল চুটি ছবি মহোৎসৱ, ২০২৩ৰ নৰ্থ-ইষ্ট আন্তঃৰাষ্ট্ৰীয় তথ্যচিত্ৰ আৰু চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শনৰ বাবেও আনুষ্ঠানিকভাৱে নিৰ্বাচিত হৈছিল।

এই স্বীকৃতি সমূহে ছবিখনৰ অসাধাৰণ প্ৰভাৱ আৰু চলচ্চিত্ৰ নিৰ্মাণৰ ক্ষেত্ৰত উৎকৃষ্টতাৰ প্ৰতি বৰলুইত প্ৰডাকচনৰ দায়বদ্ধতাক আৰু অধিক উজ্বল কৰি তুলিছে।

সমগ্ৰ বিশ্বতে চলচ্চিত্ৰ মহোৎসৱত সফলতাৰে প্ৰদৰ্শনৰ পিছত ১৪ আগষ্টৰ পৰা ৰাজহুৱাকৈ উপভোগৰ বাবে উপলব্ধ হ’ব ‘ৰং (দ্য কালাৰ)’। উল্লেখযোগ্য যে, বৰলুইত প্ৰডাকচনৰ প্ৰথমখন চুটি ছবি আকাশ বিচাৰি (ইনটু দ্য স্কাই)-এ ৮টা আন্তঃৰাষ্ট্ৰীয় বঁটা আৰু স্বীকৃতিৰে প্ৰশংসা বুটলিবলৈ সক্ষম হৈছিল।

বৰলুইত প্ৰডাকচনে নিজৰ বঁটা বিজয়ী চুটি ছবি আৰু মিউজিক ভিডিঅ’ৰ বাবে সুপৰিচিত। উচ্চ মানদণ্ডৰ দৃশ্য-শ্ৰাব্য প্ৰকল্পৰ জৰিয়তে অসমীয়া সংস্কৃতি আৰু গল্প-কাহিনীৰ প্ৰচাৰৰ ক্ষেত্ৰত প্ৰতিষ্ঠানটোৱে কাম কৰি আছে। অসমৰ বিভিন্ন প্ৰান্তৰ নতুন প্ৰতিভাসমূহক সুযোগ প্ৰদান কৰাৰ মানসেৰে জন্ম হোৱা বৰলুইত প্ৰডাকচনে বিভিন্ন অভিনয় আৰু গায়কী অডিচন পৰিচালনা কৰাৰ লগতে মিউজিক ভিডিঅ’ আৰু চুটি ছবিত প্ৰতিভাশালী শিল্পী আৰু সংগীতজ্ঞসকলক সুযোগ প্ৰদান কৰিছে।

Trailer Link: https://www.youtube.com/watch?v=EZiXJskf_os

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.