শেহতীয়া আপডেটঃ

আহোমসকলৰ শাসনকালৰ কাৰ্যাৱলীক বুজিবলৈ সহায়ক গ্ৰন্থ : ‘আহোম বুৰঞ্জী-কোষ’

গ্রন্থখনৰ ‘দীঘলী বাটৰ পট কথা’ত নবীন বুঢ়াগোহাঁয়ে এনেদৰে লিখিছে – ‘আহোম বুৰঞ্জীৰ পৰিসৰ, বিস্তৃতি, উত্থান-পতন বহু বিশাল আৰু ব্যাপক।

‘আহোম বুৰঞ্জী-কোষ’ হৈছে আহোমসকলৰ শাসন কালৰ কাৰ্যাৱলী ভালদৰে আৰু গভীৰভাৱে বুজি পোৱাত সহায়ক এখন গ্ৰন্থ। এই গ্রন্থখনৰ লেখক হৈছে শিৱসাগৰৰ নবীন বুঢ়াগোহাঁই। তেওঁ কবিতা, গল্প, প্রবন্ধ, নাটক, শিশু-সাহিত্য আৰু বুৰঞ্জী বিষয়ক ৰচনাকে আদি কৰি যোৱা দুটা দশকৰো অধিক কাল সাহিত্য-চৰ্চা কৰি আহিছে। ইতিমধ্যে ৩০খনৰো অধিক গ্ৰন্থ ৰচনা কৰিছে। বুৰঞ্জী বিষয়ক কেবাখনো গৱেষণামূলক গ্রন্থ প্রকাশ পাইছে। ইংৰাজী ভাষালৈও তেওঁৰ গ্ৰন্থ অনুবাদ হৈছে। বৰ্তমান অসমত এজন বুৰঞ্জীবিদ হিচাপে সমাদৃত। তেওঁৰ কলমত অসম বুৰঞ্জীৰ বহু নজনা অধ্যায় উন্মোচিত হোৱাৰ লগতে কালৰ সোঁতত হেৰাই যোৱা বহুখিনি তথ্য পুনৰুদ্ধাৰ হৈছে। মহাবিদ্যালয়ৰ পাঠ্যক্ৰমত লেখা অন্তর্ভুক্ত হোৱা বুঢ়াগোহাঁইক অসম চৰকাৰৰ প্ৰত্নতত্ত্ব সঞ্চালকালয়ে ২০২০ বর্ষত ‘ঐতিহ্য মিত্র’ সম্মান আৰু ২০২৩ বৰ্ষত অসমৰ পৰ্যটন খণ্ডত নিষ্ঠা আৰু অসাধাৰণ সেবা আগ বঢ়াৱাৰ বাবে ৰাজ্যৰ পৰ্যটন বিভাগে ‘উৎকৃষ্টতাৰ বঁটা’ প্ৰদান কৰে।


গ্রন্থখনৰ ‘দীঘলী বাটৰ পট কথা’ত নবীন বুঢ়াগোহাঁয়ে এনেদৰে লিখিছে – ‘আহোম বুৰঞ্জীৰ পৰিসৰ, বিস্তৃতি, উত্থান-পতন বহু বিশাল আৰু ব্যাপক। দক্ষিণ চীনৰ পৰা হুকং উপত্যকাইদি আহি ম্যানমাৰৰ লেক অৱ ন’ ৰিটাৰ্ণ অৰ্থাৎ নাংয়াং হ্রদ পাৰ হৈ; বিপদসংকুল পাহাৰ-পৰ্বত, গিৰিখাদ, নৈ-নিজৰা লংঘি; বৰ্তমানৰ অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ ভাৰত-ম্যানমাৰ সীমান্তৰ পাংছুপাছৰ পৰা দূৰণিত দেখা পোৱা দিহিং নৈয়েদি ভটিয়াই; ১২২৮ খ্রিষ্টাব্দত চাওলুং ছ্যু-কা-ফাই প্রাচীন সৌমাৰপীঠৰ তিপামত ভৰি থোৱাৰ আগৰ পৰাই আৰু ১৮৩৮ খ্রিষ্টাব্দলৈ; ব্ৰিটিছৰ লালবন্দিৰ সময়ৰ পুৰন্দৰ সিংহলৈকে এই বুৰঞ্জী বিস্তৃত তথা পৰিব্যাপ্ত হৈ আছে। অসম ইতিহাসৰ ছশ বছৰজোৰা এই বিশেষ সময়ছোৱাৰ বিষয়ে এখন পূৰ্ণাংগ পৰ্যায়ৰ কোষ প্রস্তুত কৰাটো উজু কথা নহয়। তথাপি আহোম বুৰঞ্জীৰ অনেক দৰকাৰী বিষয় নির্বাচন কৰি আহোম বুৰঞ্জী-কোষখন প্ৰস্তুত কৰি উলিওৱা হৈছে।…’
মূল সূচীত অন্তৰ্ভুক্ত বিষয়সমূহ হ’ল – Unfolding The Plot, দীঘলীবাটৰ পটকথা, লেখক-সূচী, আলোকচিত্র-সূচী, ‘বুৰঞ্জী-কোষ’ৰ বিষয়ে জানিবলগীয়া, আহোম বুৰঞ্জী-কোষ, অতিৰিক্ত সংযোজন (১ আৰু ২), চিত্র-ভাষা আদি। ‘পৰিশিষ্ট’ অংশত আছে – কালানুক্ৰমিক ঘটনাপঞ্জী, চাওফাসকলৰ নাম তালিকা, আহোম ৰাজকৰ্মচাৰীসকলৰ অনুক্ৰমিক নাম, তাই উচ্চাৰণ, আহোম বুৰঞ্জীত ব্যৱহৃত নানা সম্বোধন, গ্ৰন্থপঞ্জী, ভদ্রলোকৰ তালিকা, নির্ঘণ্ট, চিত্র-নির্ঘণ্ট, বিষয়-নির্ঘণ্ট আদি। তদুপৰি অন্তৰ্ভুক্ত হৈছে আহোম ৰাজতন্ত্ৰ, ৰাজপৰিয়াল, ৰাজকোঁৱৰ, ৰাজবিষয়া, কৰ-ব্যৱস্থা, কাঁড়ী-কাকতি প্ৰথা, চিত্রকলা, উপাসনা-পদ্ধতি, পৰম্পৰাগত চিকিৎসা, নদ-নদী, পৰ্বত-পাহাৰ, স্থাপত্য, মৈদাম, মন্দিৰ আদি বিষয়।
গ্ৰন্থখনত আহোম যুগৰ চিকিৎসা-পদ্ধতিৰ বিশেষ বিৱৰণ আছে। ঔষধি উদ্ভিদৰ গুণাগুণ আৰু ৰোগত প্ৰয়োগৰ বিষয়ে বিভিন্ন ডাকৰ বচন উদ্ধৃত কৰা হৈছে, যেনে – “আমৰা, আমলখি আমৰি লতা, উদ্‌ফাই ৰোগক মাৰি গতা।”, “আদাৰে ভোজন, শিলিখাৰে শুদ্ধি, তেবেসে লভিবা আয়ুস বৃদ্ধি।”, “কলীয়া তুলসী বেলৰ পাত, মুঠাই সহিতে বাটী পটাত; তপত কৰিয়া জননী খাইব, তেবেসে নাড়ীয়ে দৃঢ়ক পাইব।”, “জেঠত দৈ আহাৰত খৈ, শাওনে মৰাপাট খাবা গৈ।”
‘আহোম বুৰঞ্জী-কোষ’ হৈছে প্ৰস্তুতকৰ্তাৰ বিস্তৃত গৱেষণা আৰু অধ্যয়নৰ ফচল। ই আহোম বুৰঞ্জীৰ প্ৰায় সকলোখিনি বিষয় অন্তর্ভুক্ত হোৱা এখন নিৰ্ভৰযোগ্য দলিল। ইয়াত আহোমসকলৰ বিষয়ে ঐতিহাসিক তথ্য থকাৰ উপৰি আহোম ৰাজত্বকালত তেওঁলোকৰ ৰাজতন্ত্ৰৰ লগত সম্পৰ্ক থকা অসমৰ সকলো জাতি-জনগোষ্ঠী আৰু বৈদেশিক শক্তিসমূহৰ ইতিহাস সন্নিবিষ্ট হৈছে। বুৰঞ্জী-কোষখনে মধ্যযুগৰ অসমৰ এখন বিস্তৃত ছবি দাঙি ধৰিছে। তদুপৰি এইখন হৈছে গবেষণামূলকভাবে আহোম ৰাজতন্ত্ৰৰ বিষয়ে সকলোবোৰ বিষয় সামৰি এতিয়ালৈকে প্রণয়ন কৰা প্ৰথমখন কিতাপ। গ্রন্থখনত ৩০০০-ৰো অধিক বৰ্ণনামূলক প্রৰিষ্টি বা বিষয় আছে। গ্রন্থখনত বিষয়ৰ লগত সম্পৰ্ক থকা ৩০০-ৰো অধিক গৱেষণামূলক ৰেখাচিত্র আছে। লগতে বিষয়বস্তুক প্রতিনিধিত্ব কৰা ২৫০খন আলোকচিত্র গ্রন্থখনত আছে। ‘আহোম বুৰঞ্জী-কোষ’ত আহোম-স্থাপত্যকেন্দ্রিক ৫০খন নক্সা আছে। তাৰোপৰি , অতি গুৰুত্বপূৰ্ণ ৬খন মানচিত্র গ্রন্থখনত আছে।
‘আহোম বুৰঞ্জী-কোষ’নামৰ গ্রন্থখন পাঠক সমাজলৈ লৈ আগবঢ়োৱা বাবে নবীন বুঢ়াগোহাঁইক ধন্যবাদ জনাইছো। এই গ্রন্থখনে শিক্ষাৰ্থী, বুৰঞ্জী অনুসন্ধিৎসু যিকোনো লোক আৰু গৱেষকসকলক বিভিন্ন প্ৰকাৰে সহায় কৰিব। এই গ্রন্থখনৰ প্রকাশক নিতুল নেওগ, অসম বুক ট্রাষ্ট আৰু ইয়াৰ মূল্য ১৫০০ টকা । গ্রন্থখনত মুঠ ১১৬৮ পৃষ্ঠা আছে আৰু গ্রন্থখনৰ প্রথম প্রকাশ জুলাই, ২০২৫।

ড° বুলজিৎ বুঢ়াগোহাঁই
কেৰিয়াৰ পৰামৰ্শদাতা তথা মুৰব্বী, যান্ত্রিক অভিযান্ত্রিক বিভাগ,
অসম ডন বস্ক’ বিশ্ববিদ্যালয়
ফোন: ৯৪৩৫১৮৮৬৩০
ই-মেইল: buljit@gmail.com
www.buljit.com

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.