বিহালী- বৰগাঙৰ ছাগলী চোৰ মুজামিল আলি ওৰফে চৰকাৰ আলি আৰু চাহিল আলি

বিহালী- বৰগাঙৰ ছাগলী চোৰ মুজামিল আলি ওৰফে চৰকাৰ আলি আৰু চাহিল আলি

 

দেওবাৰে বিলাসী ওৱেগনাৰ গাড়ীত ছাগলী চুৰ কৰি পলাব লওঁতেই ৰাইজে খেদি খেদি ধৰি গতালে বালিচাং আৰক্ষীক দুটা চোৰক । জানিব পৰামতে, বিহালীৰ বৰগাঙৰ মুজামিল আলি ওৰফে চৰকাৰ আলি আৰু বিহালীৰ চেৰেলীয়াৰ চাহিল আলি নামৰ দুজন যুৱকে টেঙাবস্তিৰ বাসন্তী থানৰ সন্মুখৰ পৰা বিলাসী বাহনত চূৰি কৰি ছাগলী উঠোৱাৰ সময়তে একাংশ ৰাইজৰ চকুত পৰাৰ লগে লগে পলায়ন কৰে চোৰৰ দলটো। পলায়ন কৰা চোৰৰ দলটোৰ পিছ ধৰি খেদি-খেদি দলটোক খেৰবাৰিত কৰায়ত কৰি বালিচাং আৰক্ষীক গতাই দিয়ে ৷ দলটোৰ বাহনত এটা ছাগলী ওলাই যিটো বিশ্বনাথৰ দলংগুৰি দলঙৰ ওপৰত পৰা চূৰি কৰি উঠাই অনা বুলি জানিব পৰা যায় ৷


যদিও প্ৰথম অৱস্থাত এই দুটাক ছাগলী চোৰ বুলি নিশ্চিত হৈছি পিছলৈ আৰক্ষীৰ তদন্তত পোহৰলৈ আহিল আন এক ভয়ংকৰ কাণ্ড ৷ আৰক্ষীৰ অনুসন্ধানত ধৃতএই ছাগলী চোৰ দুটা মাত্ৰ ছাগলী চোৰ তেনে নহয় ৷ ছাগলী চোৰত ধৰা পৰা চোৰ দুটাৰ পকেটত ওলাইছে আন দ্ৰৱ্য ৷অৱশ্যে এই বিষয়ত আৰক্ষীৰ অনুসন্ধান অব্যাহত আছে বুলি জানিব পৰা গৈছে৷

বাতৰি উৎসৱ: গুড মণিং বিহালী

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.