বৰবড়ী মিলন মাধ্যমিক বিদ্যালয়ত নৱ নিৰ্মিত উচ্চতৰ মাধ্যমিক বিদ্যালয় ভৱনৰ আধাৰশিলা স্থাপন

বৰবড়ী মিলন মাধ্যমিক বিদ্যালয়ত নৱ নিৰ্মিত উচ্চতৰ মাধ্যমিক বিদ্যালয় ভৱনৰ আধাৰশিলা স্থাপন

অসম খবৰ
প্ৰতিবেদক, মায়ং,১ডিচেম্বৰ:: মৰিগাঁও জিলাৰ মায়ং ৰাজহ চক্ৰ অন্তৰ্গত বৰবড়ী মিলন মাধ্যমিক বিদ্যালয়ত মৰিগাঁও জিলাৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক বুলি গগৈ ভূঞা উপস্থিত হয়। পৰিদৰ্শক বুলি গগৈ ভূঞা বিদ্যালয় খনৰ ছাত্ৰ ছাত্ৰীয়ে পুষ্প আদিৰে উস্ম আদৰণি জনায়।লগতে বিদ্যালয়ৰ ফালৰ পৰা আই,এচ গামোচা,জাপি,ফুল আদিৰে উস্ম আদৰণি জনাই।


বিদ্যালয় খনত নিৰ্মাণ হবলগা উচ্চতৰ মাধ্যমিকৰ প্ৰায় আঢ়ৈ কোটি টকীয়া ব্যয় সাপেক্ষে বিদ্যালয় ভৱনটিৰ শুভ উদ্বোধন কৰে।উক্ত উদ্বোধন অনুষ্ঠানটিত আই,এচ বিষয়ায়ে বিদ্যালয়ৰ সৰ্বাংগীন বিকাশৰ বাবে কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়। উল্লেখ্য যে বিদ্যালয় খনত ২০১০ চনৰ পৰাই স্থানীয় ৰাইজৰ সহযোগ তথা তদানীন্তন বিধায়কৰ প্ৰচেষ্টাত উচ্চতৰ মাধ্যমিক কলা শাখা আৰম্ভ কৰা হৈছিল।

বিদ্যালয় পৰিচালনা সমিতিয়ে শিক্ষক সকলক নিযুক্তি প্ৰদান কৰিছিল। যদিও আজিলৈকে শিক্ষক সকলে কোনো ধৰণৰ চৰকৰী সা সুবিধা লাভ কৰিবলৈ সক্ষম হোৱা নাই। সেয়ে শিক্ষক সকলে
আই,এচ লগত সেই কথাখিনি অবগত কৰোৱায়।লগতে স্থানীয় ৰাইজ তথা শিক্ষক সকলে তেওঁলোকৰ পদ চৰকাৰী কৰন কৰি দিবলৈ চৰকাৰক কৰযোৰে দাবী জনায়।

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.