ৰঙাপৰাত ঢোল বাদন আৰু বিহুনাচৰ কৰ্মশালা

■ ৰঙাপৰাঃ অসমীয়া নৱ বৰ্ষলৈ মাজত মাথো কেইটামান দিন বাকী। বহাগ বিহু উৎযাপন কৰিবলৈ টঙালি বান্ধি সাজু হৈছে অসমবাসী ৰাইজ।

এটা বছৰ মহামাৰীৰ সৈতে যুঁজ দিয়াৰ পিছত সম্পূৰ্ণ নতুন উৎসাহেৰে ৰঙালী বিহুলৈ বুলি সাজু হৈ উঠিছে অসমবাসী ৰাইজ। এনে সময়তেই অসমজুৰি প্ৰস্তুতি চলাইছে বিভিন্ন বিহুৱা দলে।

ৰাজ্যখনৰ চাৰিওফালে বিহুৰ কৰ্মশালা। অসমত বিধানসভা নিৰ্বাচনৰ প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণ সমাপ্ত। নিৰ্বাচনৰ পৰিবেশৰ মাজতে অসমীয়াৰ বাপতি সাহোন বহাগৰ বিহুটি আহি পালেহি পদুলি মুখ।

বিগত বৰ্ষ কৰোনা মহামাৰীৰ বাবে অসমবাসীয়ে চেনেহৰ ৰঙালী বিহুটি উদযাপন কৰিবলৈ নাপালে, এইবাৰো কৰোনা সংক্ৰমণ বৃদ্ধি পোৱাৰ মাজতে হেপাঁহৰ বিহুটি উদযাপনৰ পূৰ্ণ প্ৰস্তুতি চলাইছে অসমবাসীয়ে।

বিভিন্ন প্ৰান্তত চলিছে বিহুৰ আখৰা। শোণিতপুৰ জিলাৰ ৰঙাপৰাতো আৰম্ভ বিহুৰ অনুশীলন। ৰঙাপৰা ৰে’লৱে ৰঙালী বিহু সন্মিলনৰ উদ্যোগত স্থানীয় ৰে’লৱে খেলপথাৰত বিহুনাচ আৰু ঢোল বাদনৰ দহদিনীয়া কৰ্মশালাৰ আয়োজন কৰা হৈছে।

বৰ্তমান চোতালৰ বিহু মঞ্চলৈ ধাৱমান হোৱাৰ সময়ত আৰু বিহুৰ স্বকীয়তা নৱ প্ৰজন্মৰ মাজত সজাগতাৰ বাবে ৰঙাপৰা ৰেলৱে ৰঙালী বিহু সন্মিলনৰ উদ্যোগত আয়োজিত বিহুনাচ আৰু ঢোল বাদন কৰ্মশালাত বিহুৰ আখৰা চলাইছে।

ৰঙাপৰা ৰে’লৱে ৰঙালী বিহু সন্মিলনৰ উদ্যোগত প্ৰশিক্ষক লক্ষী শইকীয়াৰ তত্বাৱধানত প্ৰায় ৭০ গৰাকী প্ৰশিক্ষাৰ্থীয়ে প্ৰশিক্ষণ লৈ আছে।

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.