শেহতীয়া আপডেটঃ

নলবাৰীৰ প্ৰাক্তন বিধায়ক মদন কলিতাৰ মৃত্যু

নলবাৰীৰ প্ৰাক্তন বিধায়ক মদন কলিতাৰ মৃত্যু

নলবাৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক মদন কলিতাৰ আকস্মিকভাবে মৃত্যু হয়৷ হৃদৰোগত আক্ৰান্ত হৈ যোৱা নিশা প্ৰায় দহ বজাত আকস্মিকভাবে মৃত্যুৰ মুখত পৰে প্ৰাক্তন কংগ্ৰেছী বিধায়ক গৰাকী৷ গুৱাহাটীৰ বাসভৱনত মৃত্যু হয় তেওঁৰ৷ ২০০১ চনৰ পৰা ২০০৬ চনলৈ নলবাৰী সমষ্টিৰ কংগ্ৰেছী বিধায়ক আছিল তেওঁ৷ সুদীৰ্ঘ ৩৩ বছৰৰ মূৰত নলবাৰী সমষ্টিক কংগ্ৰেছৰ দখললৈ আনিবলৈ সক্ষম হৈছিল মদন কলিতাই৷২০০৬ ৰ নিৰ্বাচনত অগপৰ অলকা শৰ্মাৰ হাতত পৰাজিত হয় ৷২০১১ চনৰ নিৰ্বাচনত কংগ্ৰেছৰ টিকটৰ পৰা বঞ্চিত হৈ উক্ত নিৰ্বাচনত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে নলবাৰী সমষ্টিত প্ৰতিদ্বন্দিতা আগবঢ়াই পৰাজিত হৈছিল৷ পৰৱৰ্তী সময়ত তেওঁ অগপ দলত যোগদান কৰিছিল৷ মদন কলিতা বিধায়ক হৈ থকা কালত পত্নী চাৰুবালা কলিতা ঘগ্ৰাপাৰ জিলা পৰিষদৰ পৰা জয়ী হৈ নলবাৰী জিলা পৰিষদৰ উপ সভানেত্ৰী আৰু পিচলৈ ভাৰপ্ৰাপ্ত সভানেত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল৷ মৃত্যুৰ সময়ত তেওঁ পত্নী, প্ৰতিষ্ঠিত ব্যৱসায়ী পুত্ৰ আৰু এ চি এছ বিষয়া দুই কন্যা ইহসংসাৰত এৰি থৈ যায়৷ তেওঁৰ আকস্মিক মৃত্যুত নলবাৰীত গভীৰ শোকৰ ছাঁ পৰিছে৷ মদন কলিতা প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈৰ অতি প্ৰিয়ভাজন আছিল৷

নলবাৰীৰ পৰা ফইজুল হক চৌধুৰীৰ

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.