শেহতীয়া আপডেটঃ

দেৱচন্স গ্ৰুপৰ বিশেষ সাহিত্য প্ৰতিভা বঁটা আৰু সামাজিক দায়বদ্ধতা✒️ফখৰুদ্দিন আহমেদ

ডাঃ অমৰেন্দ্ৰ নাৰায়ন দেৱ এটা সময়ত আৰ্থিক সংকটত পতিত হৈছিল। মঙ্গলদৈৰ দৰে চহৰত চিকিৎসা জগতখনত নিজক প্ৰতিষ্ঠা কৰা সহজ সাধ্য নাছিল।সেই সময়ত আইনৰ স্নাতক ,তেখেতৰ মনোৰমা পত্নী , জীৱনে মৰনে ইজনে সিজনক এক কৰি ৰখাৰ প্ৰতিশ্ৰুতিৰে প্ৰেমৰ সফল ৰূপ দাত্ৰী ৰুণু দেৱীয়ে মঙ্গলদৈ বাৰত যোগদান কৰি ডাঃ দেৱক আৰ্থিক ভাবে সহায়ৰ হাত আগবঢ়াইছিল।এনেকৈয়ে আৰম্ভ হৈছিল "দেৱ চন্স গ্ৰুপ" ৰ জন্ম যন্ত্ৰণা।

✒️ফখৰুদ্দিন আহমেদ

✒️ ডঃ লক্ষ্মীনন্দন বৰাই সভাপতিত্ব কৰা ইং ১৯৯৬ চনৰ অসম সাহিত্য সভাৰ বোকাখাট অধিবেশনৰ বিষয় বাচনি সভাত দৰং জিলা সাহিত্য সভাৰ হৈ প্ৰতিনিধিত্ব কৰা এগৰাকী ডেকা চিকিৎসক সাহিত্য কৰ্মীৰ দূৰ্দান্ত সাহস আৰু স্পষ্টবাদিতাৰ বিষয়ে বৰা চাৰে প্ৰান্তিক আলোচনীৰ বিশেষ সাহিত্য সভা সংখ্যাত ” সাহিত্য সভাৰ বিশেষ ডায়েৰী ” নামৰ শিতানত লিখিছিল যে দৰং জিলাৰ মঙ্গলদৈৰ এগৰাকী ডেকা চিকিৎসক সাহিত্য কৰ্মীয়ে অসমৰ সংস্কৃতিৰ ধ্বজ্বা ধাৰন কৰি তামোল পানেৰে বিষয় বাচনি সভাত শৰাই আগবঢ়াই আৰু উপস্থিত অসমৰ বিভিন্ন জিলাৰ প্ৰতিনিধি সকলে সন্তোষ প্ৰকাশ কৰে। সেই গৰাকী ডেকা চিকিৎসক সাহিত্য কৰ্মী আৰু অসম সাহিত্য সভাৰ একনিষ্ঠ কৰ্মী গৰাকীৰ নাম হৈছে ডাঃ অমৰেন্দ্ৰ নাৰায়ন দেৱ। দৰঙী ৰজা ধৰ্ম নাৰায়নৰ সুযোগ্য উত্তৰাধীকাৰী।
চিকিৎসকৰ দৰে ব্যস্ততাপূৰ্ন পেচা গ্ৰহন কৰি ৰাইজক সেৱা কৰাৰ উপৰিও ডাঃ অমৰেন্দ্ৰ নাৰায়ন দেৱৰ অন্য এক সুকীয়া পৰিচয় কেৱল দৰং জিলাতেই নহয় সমগ্ৰ অসমত দাঙি ধৰিবলৈ সক্ষম হৈছে। সেই অনুপাতে নিজৰ পেচাত আঁচোৰ নলগাকৈ সাহিত্য , সংস্কৃতি , সমাজসেৱা , খেতি-পথাৰ , ভ্ৰমন আৰু বিভিন্ন ব্যবসায়ত ডাঃ দেৱে নিজৰ পাৰদৰ্শিতাৰ ঔচিত্য প্ৰতিটো পলতে প্ৰতিপন্ন কৰি আহিছে। এনে ধৰনৰ সুকীয়া অথচ জীৱনৰ মাদকতা পূৰ্ন সিদ্ধান্তৰ ইতিবাচক ফচল হৈছে “দেৱ চন্স গ্ৰুপ “। প্ৰথমতে শুনা আৰু ডাঃ দেৱৰ চিনাকী সকলে ভাবিব পাৰে যে এয়া চিকিৎসা সম্পৰ্কীয় এটি সংস্থা। কিন্তু নহয়।

ফাইল ফটো

ডাঃ অমৰেন্দ্ৰ নাৰায়ন দেৱ এক ব্যতিক্ৰমি চিন্তাধাৰাৰে পৰিচালিত ব্যক্তি। স্পষ্টবাদীতা আৰু দুৰ্দান্ত সাহসিকতা তেখেতৰ জীৱন আৰু যৌৱনৰ সফলতাৰ মূল চাবি কাঠি। চিকিৎসা বিভাগত স্নাতক অৰ্হতা লাভ কৰি আহি অবিভক্ত দৰং জিলাৰ টংলা চহৰত ইং ১৯৭০ চনৰ ৬ এপ্ৰিলত ব্যক্তিগত প্ৰতিষ্ঠান খুলি চিকিৎসা সেৱা আৰম্ভ কৰিছিল। এই বিষয়ত সফলতাৰ পৰিক্ৰমাত আৰোহন কৰিবলৈ ধৰাৰ সময়তে ডাঃ দেৱে পুনৰ ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয়ত ” ৰেডিঅ’লজি” বিষয়ত উচ্চ শিক্ষা গ্ৰহন কৰিবলৈ নামভৰ্তি কৰিছিল।
ডাঃ অমৰেন্দ্ৰ নাৰায়ন দেৱ এটা সময়ত আৰ্থিক সংকটত পতিত হৈছিল। মঙ্গলদৈৰ দৰে চহৰত চিকিৎসা জগতখনত নিজক প্ৰতিষ্ঠা কৰা সহজ সাধ্য নাছিল।সেই সময়ত আইনৰ স্নাতক ,তেখেতৰ মনোৰমা পত্নী , জীৱনে মৰনে ইজনে সিজনক এক কৰি ৰখাৰ প্ৰতিশ্ৰুতিৰে প্ৰেমৰ সফল ৰূপ দাত্ৰী ৰুণু দেৱীয়ে মঙ্গলদৈ বাৰত যোগদান কৰি ডাঃ দেৱক আৰ্থিক ভাবে সহায়ৰ হাত আগবঢ়াইছিল।এনেকৈয়ে আৰম্ভ হৈছিল “দেৱ চন্স গ্ৰুপ” ৰ জন্ম যন্ত্ৰণা।
মঙ্গলদৈ চহৰৰ কাষৰতে থকা মঙ্গলদৈ নদীৰ পাৰত গঢ়ি তোলা সোনালী পামৰ ” ৰুনমল বাগিছা” ৰ পৰা আৰম্ভ কৰি গুৱাহাটীৰ বৰসজাইৰ ” উৰুলি” লৈকে বিস্তৃত হৈ আছে ডাঃ অমৰেন্দ্ৰ নাৰায়ন দেৱৰ সৃষ্টিশীল হাতৰ পৰশ আৰু আন্তৰিকতাপূৰ্ন সঁচা বদান্যতাশীল কৰ্মক্ষেত্ৰৰ পৰিসৰ।
ভিন্ন ধৰনৰ অনুষ্ঠানৰ কাৰ্যকৰনেৰে অসমৰ ৰাইজৰ দৃষ্টি আকৰ্ষন কৰা ” দেৱ চন্স গ্ৰুপ”ক একক , অনন্য আৰু ব্যতিক্ৰমধৰ্মী ভাবে অসমৰ সাহিত্য জগতৰ শীৰ্ষত উপস্থাপন কৰা অনুষ্ঠানটি হৈছে ” দেৱচন্স গ্ৰুপৰ বিশেষ সাহিত্য বঁটা ” প্ৰদান । ইয়াৰ অনুভবী দিশটো হৈছে প্ৰতি বছৰে অসমৰ একো গৰাকী বিশেষ ভাবে সক্ষম বিশিষ্ট উদীয়মান লেখক/লেখিকাক বঁটা প্ৰদান কৰি সাহিত্যৰ ক্ষেত্ৰখনিত উৎসাহ আৰু জীয়াই থাকিবলৈ প্ৰেৰনা প্ৰদান কৰা কাৰ্যাৱলী। ইং ২০১৫ চনৰ পৰা আৰম্ভ কৰা এই বঁটাটিত নগদ এক লাখ টকা , এখনি প্ৰশস্তি পত্ৰ ,এখনি বস্ত্ৰ , এটি গ্ৰন্থৰ টোপোলা আৰু এটি ফুলৰ থোপা প্ৰদান কৰাৰ ব্যবস্থা আছে। ইং ২০১৫ চনৰ পৰা ইং ২০১৭ চনলৈ এবছৰীয়াকৈ প্ৰদান কৰা এই “দেৱচন্স বিশেষ সাহিত্য প্ৰতিভা বঁটা ” প্ৰাপকবিশিষ্ট সাহিত্যিক সকল হৈছে ক্ৰমে শ্ৰীমতী ৰশ্মিৰেখা ভূঞা ,মিছ জেছমিন আৰা বেগম ,শ্ৰী শৰ্মিষ্ঠা প্ৰীতম আৰু ইং ২০১৮ চনৰ পৰা দুবছৰীয়াকৈ প্ৰদান কৰা এই বঁটা প্ৰাপক সকল হৈছে ক্ৰমে শ্ৰী ধ্ৰুৱজ্যোতি দাস আৰু চলিত ইং ২০২১ বৰ্ষত শ্ৰী জোৱালা বৰা।

ফাইল ফটো

ইয়াৰ উপৰিও দেৱচন্স গ্ৰুপৰ অধীনস্থ দেৱচন্স নাৰ্চিং হোমৰ পালন কৰা প্ৰতিষ্ঠা দিৱসবোৰত প্ৰদান কৰা ” জীৱনজোৰা বিনামূলীয়া চিকিৎসা সেৱা” লাভ কৰা প্ৰথিতযশা শিল্পী , সাহিত্যিক সকল হৈছে ক্ৰমে অসম সাহিত্য সভাৰ প্ৰাক্তন উপসভাপতি , বিশিষ্ট কবি , গীতিকাৰ ইদ্ৰিছ আলি,বৰ্ষীয়ান কালিবাদক শ্ৰী কুলেন্দ্ৰ নাথ ,বিশিষ্ট ভাষ্কৰ্য শিল্পী শ্ৰী কমিৰাম বসুমতাৰী আৰু বৰ্ষীয়ান সমাজকৰ্মী শ্ৰী খৰ্গেশ্বৰ ডেকা।
দেৱচন্স গ্ৰুপৰ গ্ৰন্থ প্ৰকাশন সংস্থা ” দেৱ পুত্ৰ প্ৰকাশন”ৰ পৃষ্ঠপোষকতাত ইতিমধ্যে ন খনকৈ মূল্যবান বিষয়বস্তুৰ গ্ৰন্থ প্ৰকাশ হৈছে।সেইবোৰ হৈছে-নঙঠা সুৰ্যৰ পোহৰত ( কবিতা সংকলন), যুগ্ম (গল্প সংকলন),অসম স্বাধীন কৰোঁ আহক (প্ৰবন্ধ সংকলন),দৰং গৌৰৱ কৃষ্ণ নাৰায়ন (বুৰঞ্জীমূলক পৰিকল্পনা), জীৱনৰ ক’লা-বগা ছবি( প্ৰবন্ধ সংকলন), জিৰণি পামত জিৰণি নোলোৱা বিদ্ৰোহীজন (কবি এম্ ইব্ৰাহীম আলিৰ প্ৰতি শ্ৰদ্ধাঞ্জলি), ডায়েবেটিক ডাক্তৰ , নাহৰফুটুকী আৰু অন্যান্য আৰু ধৰ্ম জ্যোতি ।

ফাইল ফটো

শেহতীয়াকৈ দেৱচন্স গ্ৰুপৰ তৰফৰ পৰা মঙ্গলদৈ চহৰত দৰঙী কোচ ৰাজ্যৰ প্ৰতিষ্ঠাতা ৰজা ধৰ্ম নাৰায়নৰ প্ৰতিমূৰ্তি স্থাপন কৰি দৰঙীয়া ৰাইজক গৌৰৱোজ্বল ইতিহাসৰ প্ৰতি সচেতন কৰি ডাঃ অমৰেন্দ্ৰ নাৰায়ন দেৱ ধন্য হৈছে।ডঃ দেৱৰ এগৰাকী জ্যেষ্ঠ ভাতৃ সমৰেন্দ্ৰ নাৰায়ন দেৱ অসমৰ কথাছবি জগতৰ এটি সুপৰিচিত নাম।তেখেতৰ অৰণ্য আৰু পুতলা ঘৰ নামৰ কথাছবি দুখন সাম্প্ৰতিক সময়তো দৰ্শকৰ আকৰ্ষনৰ কেন্দ্ৰবিন্দু হৈ আছে। চলিত বৰ্ষত সমৰেন্দ্ৰ নাৰায়ন দেৱক তেজপুৰৰ চাতক নাট্য গোষ্ঠীয়ে ” চাতক সন্মান” ৰ কাৰনে বাচনি কৰি জীৱন জোৰা সাধনাৰ বাবে স্বীকৃতি দিবলৈ বিচাৰিছে।
সামাজিক , সাহিত্যিক ,সাংস্কৃতিক আৰু ঐতিহাসিক সচেতনতাক মুলধন কৰি লৈ চিকিৎসকৰ দৰে বৃত্তিত সদা ব্যস্ত ডাঃ অমৰেন্দ্ৰ নাৰায়ন দেৱে স্বকীয় জাতীয় চেতনাৰে নিজে উদ্বুদ্ধ হোৱাই নহয় প্ৰতি গৰাকী অসমবাসীৰ বাবে অনুপ্ৰেৰনাৰ উৎস হ’বলৈ সক্ষম হোৱা যেন অনুভব হৈছে।

মোবাইন নং- ৮৬৩৮৩১২৭০৭

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.