Saturday, May 24, 2025
33 C
Guwahati

মাত্ৰ ৫০০ টকাত LPG চিলিণ্ডাৰ ২৭ ফেব্ৰুৱাৰীৰ পৰা আৰু বিনামূলীয়া বিদ্যুৎ যোগান ধৰিব চৰকাৰে

- Advertisement -
- Advertisement -
- Advertisement -
- Advertisement -

LPG ২৭ ফেব্ৰুৱাৰীৰ পৰা মাত্ৰ ৫০০ টকাত LPG চিলিণ্ডাৰ আৰু বিনামূলীয়া বিদ্যুৎ যোগান ধৰিব এইখন চৰকাৰে
বিধানসভা নিৰ্বাচনত ঘোষণা কৰা নিশ্চয়তা আঁচনিসমূহ ৰাজ্য চৰকাৰখনে ৰূপায়ণ কৰাৰ দিশে আগবাঢ়িছে।
ৰাজনৈতিক দলসমূহে নিৰ্বাচনী প্ৰচাৰৰ সময়ত বিভিন্ন প্ৰতিশ্ৰুতি দিয়ে যদিও নিৰ্বাচিত হোৱাৰ পিছত ৫ বছৰৰ কাৰ্যকালত ইয়াৰ কেইটামানহে কাৰ্যকৰী কৰা দেখা যায়। কংগ্ৰেছ চৰকাৰে কৰ্ণাটকত নিজৰ সকলো নিশ্চয়তা আঁচনি ৰূপায়ণ কৰাৰ দিশে আগবাঢ়িছে। কিন্তু ইয়াৰ বিপৰীতে তেলেংগানাত কংগ্ৰেছ চৰকাৰে এতিয়াও কিছু নিশ্চয়তা আঁচনি ৰূপায়ণ কৰিব পৰা নাই।
জানিব পৰা মতে, এতিয়া তেলেংগানা চৰকাৰে ৰাজ্যবাসীক ভাল খবৰ দিছে। অতি শীঘ্ৰে ৰাজ্যবাসীয়ে চৰকাৰৰ পৰা উপহাৰ লাভ কৰিব। এই সন্দৰ্ভত শুকুৰবাৰে তেলেংগানাৰ মুখ্যমন্ত্ৰী এ ৰেৱন্ত ৰেড্ডীয়ে এক গুৰুত্বপূৰ্ণ তথ্য প্ৰদান কৰে।

তেলেংগানাৰ লোকসকলক ৫০০ টকাত LPG চিলিণ্ডাৰ আৰু দৰিদ্ৰ লোকক ২০০ ইউনিট পৰ্যন্ত বিনামূলীয়া বিদ্যুৎ যোগান ধৰাৰ বাবে কংগ্ৰেছৰ নিশ্চয়তা আঁচনিসমূহ অহা ২৭ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ কৰা হ’ব।বিগত বিধানসভা নিৰ্বাচনৰ সময়ত কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী ভাদ্ৰাৰ উপস্থিতিত ৰাজ্যখনত এই আঁচনি দুখন ঘোষণা কৰা হৈছিল। এতিয়া চৰকাৰে এই আঁচনি দুখন ৰূপায়ণ কৰিবলৈ লৈছেমুখ্যমন্ত্ৰী ৰেড্ডীয়ে কয় যে ৬টা নিৰ্বাচনী নিশ্চয়তাৰ ভিতৰত দুটা নিশ্চয়তা, ৫০০ টকাত LPG চিলিণ্ডাৰ যোগান আৰু BPL ৰেচন কাৰ্ডধাৰীক ২০০ ইউনিট পৰ্যন্ত বিনামূলীয়া বিদ্যুৎ যোগান ধৰা হ’ব। এই আঁচনি অহা ২৭ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ কৰা হ’ব।এই অনুষ্ঠানত প্ৰিয়ংকা গান্ধীয়েও অংশগ্ৰহণ কৰিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে জনায়। তেওঁ কয় যে, ৰাজ্য চৰকাৰে ইতিমধ্যে দুটা প্ৰতিশ্ৰুতি ৰূপায়ণ কৰিছে, য’ত চৰকাৰী আৰ টি চি বাছত মহিলাসকলৰ বাবে বিনামূলীয়া যাত্ৰা আৰু দৰিদ্ৰ লোকৰ বাবে ১০ লাখ টকাৰ স্বাস্থ্য আঁচনি অন্তৰ্ভুক্ত আছে।মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডীয়ে তেলেংগানাৰ মুলুগু জিলাৰ মেদাৰামত অনুষ্ঠিত জনজাতীয় উৎসৱৰ সময়ত দেৱ-দেৱীক প্ৰাৰ্থনা কৰাৰ পিছত এই কথা সাংবাদিকৰ সৈতে শ্বেয়াৰ কৰে।

- Advertisement -

Hot this week

ASSAM RIFLES CONDUCTS CAREER COUNSELING SESSION AT JIRIBAM

● Assam Rifles conducted a career counseling session aimed...
00:05:02

‘জীৱনৰ ৰামধেনু’ আপোনাৰ বাবে এক নিৰ্ভৰযোগ্য মঞ্চ

▶️আপুনি সাহিত্য চৰ্চা কৰি ভাল পায় নেকি? ▶️আপুনি মনৰ অনুভৱ...

Topics

বিশ্বনাথত অনা অসমীয়া ব্যৱসায়ীৰ কু কাণ্ড

বিশ্বনাথত অনা অসমীয়া ব্যৱসায়ীৰ কু কাণ্ড অসম খবৰ বিশ্বনাথ ২১...
00:05:02

‘জীৱনৰ ৰামধেনু’ আপোনাৰ বাবে এক নিৰ্ভৰযোগ্য মঞ্চ

▶️আপুনি সাহিত্য চৰ্চা কৰি ভাল পায় নেকি? ▶️আপুনি মনৰ অনুভৱ...

ASSAM RIFLES CONDUCTS CAREER COUNSELING SESSION AT JIRIBAM

● Assam Rifles conducted a career counseling session aimed...

গুৱাহাটীৰ মাজমজিয়াত ইউনিপল হৰ্ডিং আঁতৰাবলৈ নিৰ্দেশ লোক নিৰ্মাণ বিভাগৰ

▶️গুৱাহাটীৰ মাজমজিয়াত ইউনিপল হৰ্ডিং আঁতৰাবলৈ নিৰ্দেশ লোক নিৰ্মাণ বিভাগৰ ▶️১০...

Related Articles

Popular Categories

Assam
few clouds
36.3 ° C
36.3 °
36.3 °
41 %
1.2kmh
17 %
Sat
36 °
Sun
28 °
Mon
25 °
Tue
32 °
Wed
34 °

লেখনি বিচৰা হৈছেঃ


Follow the Khobor Media Group channel on WhatsApp: https://whatsapp.com/channel/0029Va7zdb21SWswKyHYlX11

লেখনি বিচৰা হৈছেঃ
অসম খবৰ ডিজিটেল সংবাদ গোষ্ঠীৰ বাৰ্ষিক আলোচনী ‘জনকণ্ঠ’ৰ বাবে সৃষ্টিশীল লেখনি বিচৰা হৈছেঃ
প্ৰতিগৰাকী লেখক/লেখিকাৰ বাবে অনুৰোধঃ

📌 লেখাবোৰ সৃজনীমূলক লেখা, যেনে- স্বৰচিত গল্প, প্ৰৱন্ধ, কবিতা, ধাৰাবাহিক উপন্যাস, অনুবাদ সাহিত্য, ভৌতিক গল্প, বিশেষ ব্যক্তিৰ সাক্ষাৎকাৰ, ভ্ৰমণ কাহিনী, ক্ৰীড়া বাৰ্তা, নীলাখামৰ চিঠি, কৌতুক, সাঁথৰ, মহৎ লোকৰ বাণী, কুইজ, সাংবাদিকতাৰ অভিজ্ঞতা, সংবাদ ক্ষেত্ৰৰ ভৱিষ্যত, বুৰঞ্জীমূলক লেখা, স্বাস্থ্য সজাগতা,
ৰাজনীতিৰ ওপৰত লেখা, সৃষ্টিশীল বাতৰি, ছবি, কাৰ্টুন, ফটোগ্ৰাফী ইত্যাদি সামৰি লোৱা হৈছে।
📌 একেজন লিখকৰ একাধিক সৃষ্টিও ইয়াত প্ৰকাশ পাব। চৰ্ত কেৱল প্ৰকাৰ ভিন্ন হোৱাটো বাঞ্চনীয়।
📌আলোচনীত যিকোনো ধৰণৰ লেখা প্ৰকাশ পাবৰ বাবে আপোনাৰ সৃষ্টিৰাজিক স্পষ্টকৈ মোবাইলত বা কম্পিউটাৰ DTP কৰি  asomkhobor@gmail.com অথবা 8404052898 নম্বৰত প্ৰেৰণ কৰিবলৈ অনুৰোধ জনালোঁ।
ইতি-
অসম খবৰ’ পৰিয়ালৰ হৈ
মুখ্য সম্পাদক অশ্বিনী কুমাৰ গগৈ
মুখপাত্ৰ সম্পাদক শ্ৰীমন্ত দাস


This will close in 45 seconds