ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ জিনজিয়া আঞ্চলিকৰ ৩১ জনীয়া নতুন সমিতি গঠন

ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ জিনজিয়া আঞ্চলিকৰ ৩১ জনীয়া নতুন সমিতি গঠন

বিহালী ৯ অক্টোবৰ :

বিহালী সমষ্টিৰ জিনজিয়াত সোমবাৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, জিনজিয়া আঞ্চলিক সমিতিৰ এখনি বিশেষ প্ৰতিনিধি সভা অনুষ্ঠিত হয় । ৰতোৱা ৰংঘ মঞ্চত অনুষ্ঠিত হোৱা সভা খনৰ সভাপতিত্ব কৰে কেন্দ্ৰীয় সমিতি মুখ্য সম্পাদক অনিল বনীয়াই ।
এই বিশেষ প্ৰতিনিধি সভাত উপস্থিত থাকে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সমিতি মুখ্য সাংগঠনিক সম্পাদক অনিল বনীয়া লগতে জিলাৰ সমিতি কেইবাজনো বিষয়ববীয়া উপস্থিত থাকে ।

আজিৰ এই বিশেষ কাৰ্যনিৰ্বাহ সভাতেই পুৰণি আঞ্চলিক সমিতিখন ভংগ কৰি নতুন আঞ্চলিক সমিতি গঠন কৰা হয়।

নতুন আঞ্চলিক সমিতিখনৰ সভাপতি হিচাপে কৃষ্ণা বৰা, উপ সভাপতি হিচাপে নৱ জ্যোতি বৰা, সাধাৰণ সম্পাদক- দিপাংকৰ পাল,শ্লোক দত্ত, সহকাৰী সম্পাদক নৱকিশোৰ বৰুৱা, লগতে বিকাশ খাকলাৰী বিত্ত সম্পাদক সহ ৩১ জনীয়া সদস্যৰে এক শক্তিশালী সমিতি নিৰ্বাচিত কৰা হয়।

আনহাতে অনাগত দিনত এই সমিতিখনে শিক্ষাৰ্থীসকলৰ লগতে বিভিন্ন সামাজিক সমস্যা সমাধানৰ হেতুকে সবল নেতৃত্ব গ্ৰহণৰ শপত গ্ৰহণ কৰে।

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.