শেহতীয়া আপডেটঃ

৩১ডিচেম্বৰৰ ভিতৰত আপোনাৰ যান-বাহনৰ নথিপত্ৰ পৰীক্ষা আৰু নৱীকৰণ কৰক: ৰাজপথত সুৰক্ষিত যাতায়াত বাহাল ৰখাত সতৰ্ক পৰিবহণ বিভাগ

গুৱাহাটীঃ ৩ডিচেম্বৰঃ চলিত বৰ্ষৰ অন্ত পৰিবলৈ মাজত আৰু মাত্ৰ ২৬টা দিন ৷ এটা নতুন বছৰৰ সন্মুখত এই দিনকেইটা সকলোৰে বাবে ব্যস্ততাৰে ভৰা। বিভিন্ন উৎসৱ-অনুষ্ঠানৰ উপৰি এয়া বনভোজৰ আনন্দ উপভোগৰ সময়। সেয়ে এইসময়ত সকলো শ্ৰেণীৰ লোকৰ ক্ষেত্ৰতে যানবাহন ব্যৱহাৰো অধিক হয় ৷ ইফালে জাৰকালিৰ সময়চোৱাত নিশাৰ ভাগত কুঁৱলীৰ ডাঠ আচ্ছাদন পৰিবলৈ ধৰাত বাহন চলোৱাটো কঠিন, কষ্টকৰ হৈ পৰে । ফলত বছৰটোৰ এনেকুৱা সময়তে পথ-দুৰ্ঘটনা আৰু দুৰ্ঘটনাত আহত-নিহতৰ সংখ্যায়ো সাধাৰণতে বৃদ্ধি পায়। সেয়ে বাহনৰ হৰ্ণ, চকা, লাইট আদিৰ উপৰি অনান্য যন্ত্ৰপাতি পৰীক্ষা কৰাৰ লগতে বাহনৰ নথিপত্ৰৰ পৰীক্ষা আৰু নৱীকৰণ কৰাটো অত্যন্ত প্ৰয়োজন। যান্ত্ৰিক বিজুটি থাকিলে বাহন এখন চলোৱাটো যিদৰে অসম্ভৱ, সেইদৰে সঠিক নথিপত্ৰ নাথাকিলে বাহনখন নিৰ্ভয় আৰু সুৰক্ষিতভাৱে চলোৱা অসম্ভৱ। বাহনৰ এই নথিপত্ৰসমূহ আচলতে মানুহৰ জীৱন কুণ্ডলীৰ দৰে। সেয়ে এটা নতুন বছৰৰ সন্মুখত অৰ্থাৎ আগন্তুক ৩১ডিচেম্বৰৰ ভিতৰত আপোনাৰ যানবাহনৰ নথিপত্ৰসমূহ পৰীক্ষা আৰু নৱীকৰণ কৰক ৷ যদিহে আপুনি সময়মতে যানবাহনৰ কৰ আদায় দিয়া নাই তেন্তে বকেয়াসহ যাৱতীয় সকলো কৰ অনতিপলমে আদায় দিয়ক। এই বিনম্ৰ আহ্বান অসম চৰকাৰৰ পৰিবহণ বিভাগৰ বিশেষ কতৰ্ব্যৰত বিষয়া আৰু কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত দায়িত্ববাহী জিলা পৰিবহণ বিষয়া গৌতম দাসৰ ৷ তেওঁ কয় যে নতুন-পুৰণি দুটা বছৰৰ এই ব্যস্ততাময় সময় আৰু নিশা হলেই কুঁৱলীৰ ডাঠ আচ্ছাদনে সন্মুখৰ পথ মনিব নোৱাৰা হোৱা বিপজ্জনকভাৱে অৱস্থাত কোনো পথ-দুৰ্ঘটনাই যাতে কাৰো জীৱনলৈকে বিষাদ কঢ়িয়াই আনিব নোৱাৰে, বৰঞ্চ পথত সকলোৱে যাতে সুৰক্ষিতভাৱে যাতায়াত কৰিব পাৰে তাৰবাবে বিভিন্ন বিভাগসমূহৰ সহযোগত পথ-সুৰক্ষা বজাই ৰাখিবলৈ পৰিবহণ বিভাগে পাৰ্যমানে প্ৰচেষ্টা চলাইছে । ব্যক্তিগত বাহনকে ধৰি বিশেষকৈ বাণিজ্যিক তথা বহুজাতিক উদ্যোগ-প্ৰতিষ্ঠান, নিৰ্মাণ সংস্থা আদিত ব্যৱহৃত সঠিক নথিপত্ৰ নোহোৱা কোনো বাহনে যাতে পথ-সুৰক্ষা বিনষ্ট কৰিব নোৱাৰে তাৰ বাবে সতৰ্ক দৃষ্টি ৰাখিছে পৰিবহণ বিভাগে। এইক্ষেত্ৰত পৰিবহণৰ বিশেষ কতৰ্ব্যৰত বিষয়া গৰাকীয়ে অতি বিনম্ৰতাৰে আহ্বান জনায় কয় যে, বাহনৰ গৰাকীয়ে অনতিপলমে নিজৰ ঘৰতে বহিয়ে অনলাইনযোগে বাহনৰ নথি-পত্ৰসমূহ সঠিক কৰি লওক ৷ প্ৰয়োজন হ’লে কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়লৈ আহি হ’লেও নিজৰ বাহনখন পথত চলাচলৰ বাবে বৈধ কৰি ৰখাৰ স্বাৰ্থত বকেয়াসহ যাৱতীয় সকলো কৰ পৰিশোধ কৰি লওক। চালকৰ বাহন চালনাৰ অনুজ্ঞাপত্ৰ, ফিটনেছ, পাৰ্মিট, প্ৰদূষণমুক্তকে ধৰি সকলো নথিপত্ৰ সঠিক হৈ থকা বাহনহে পথত সকলোৰে বাবে সুৰক্ষিত বুলিও গুৰুত্বপূৰ্ণ মন্তব্য কৰে পৰিবহণৰ উচ্চপদস্থ বিষয়াগৰাকীয়ে ৷

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.