হেলেমৰ দুলুংমুখত গাওঁৰক্ষী বাহিনীৰ উদ্যোগত বাল্য বিবাহৰ সন্দৰ্ভত সজাগতা সভা

হেলেমৰ দুলুংমুখত গাওঁৰক্ষী বাহিনীৰ উদ্যোগত বাল্য বিবাহৰ সন্দৰ্ভত সজাগতা সভা

বিশ্বনাথ চাৰিআলি ৩০ এপ্ৰিল ::

দেওবাৰে বিয়লি গহপুৰৰ বিধা সভাৰ সমষ্টিৰ অন্তৰ্গত হেলেম আৰক্ষী থানা অধিনৰ দুলুংমুখ প্ৰাথমিক বিদ্যালয় প্ৰাংগণত বাল্য বিবাহৰ সন্দৰ্ভত এক সজাগতা সভা অনুষ্ঠিত হয় । এই সজাগতা সভা খনত গৌশালা স্কলা একাডেমীৰ প্ৰধান শিক্ষক ছন্দে আৰ্য্য ই অংশগ্ৰহণ কৰি উপস্থিত ৰাইজক উদ্দেশ্য কৰি কয় আমি ল’ৰা ছোৱালী সমূহক ১৪ পৰা ১৬ বছৰ বয়সত অধিক গুৰুত্ব দিব লাগে লগতে মোবাইল ফোনৰ পৰা যুৱতী বা যুৱক সকলক আতৰাই ৰাখিব লাগে বুলি উল্লেখ কৰে।
ইফালে এই সজাগতা সভাত উপস্থিত থাকে
হেলেম আৰক্ষী থানা সমিতি সভাপতি সুম কৈয়লা,সম্পাদক দীপক নিৰলা,উপদেষ্টা পন্ম শৰ্মা, হেলেম থানা মেজৰ যদু গগৈ,সমাজ কৰ্মী দয়ালু মেধী,গাওঁ প্ৰধান ৰাজীৱ ৰাজবংশী, গোলাপ ৰাজবংশী সমাজ কৰ্মী, গাওঁ প্ৰধান বিষ্ণুলাল গঞ্জু ,স্বাস্থ্য কৰ্মী স্বপ্না থাপা,গাওঁৰক্ষী বাহিনী দুলু‌ং মুখৰ সম্পাদক, হেলেম চাপৰি সম্পাদক, নাগাবিল গাওঁ ৰক্ষী বাহিনী সম্পাদক মাচি ভাইছা,গচলা গাওঁ ৰক্ষী বাহিনী সম্পাদক, সমাজ কমল বসুমতাৰী, সূৰ্য দাসকে ধৰি বহু কেইজন বিশিষ্ট ব্যক্তি লগতে শতাধিক গাওঁ ৰাইজৰ উপস্থিত থাকে।

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.