31.3 C
Guwahati
Thursday, February 19, 2026
More

    Trending Now:

    শেহতীয়া আপডেটঃ

    বিশ্বনাথৰ কমলাকান্ত ক্ষেত্ৰত শতাধিক প্ৰতিযোগীৰ অংশগ্ৰহণ বিশ্বনাথত অসম সাংস্কৃতিক মহাসংগ্ৰামৰ জিলা পৰ্যায়ৰ প্ৰতিযোগিতাৰ শুভাৰম্ভ

    বিশ্বনাথৰ কমলাকান্ত ক্ষেত্ৰত শতাধিক প্ৰতিযোগীৰ অংশগ্ৰহণ

    বিশ্বনাথত অসম সাংস্কৃতিক মহাসংগ্ৰামৰ জিলা পৰ্যায়ৰ প্ৰতিযোগিতাৰ শুভাৰম্ভ

    বিশ্বনাথ চাৰিআলি, ৫ জানুৱাৰী :

    বৰ্ণাঢ্য কাৰ্যসূচীৰে আজিৰে পৰা বিশ্বনাথত অনুষ্ঠিত হৈছে অসম সাংস্কৃতিক মহাসংগ্ৰাম-২০২৩-২৪ৰ জিলা পৰ্যায়ৰ প্ৰতিযোগিতা। উখল মাখল বিশ্বনাথৰ কমলাকান্ত ক্ষেত্ৰত আজি পুৱা ১০ বজাৰ পৰা শুভাৰম্ভ হোৱা এই জিলা পৰ্যায়ৰ সাংস্কৃতিক প্ৰতিযোগিতাত জিলাখনৰ তিনিওটা সমষ্টি ক্ৰমে গহপুৰ, বিহালী আৰু বিশ্বনাথৰ শতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে । নিৰ্দ্ধাৰিত কাৰ্যসূচী অনুসৰি আজি পুৱা জাতীয় সংগীতেৰে কাৰ্যসূচীৰ পাতনি মেলা হয়। ইয়াৰ পিছতেই জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা, ড০ ভূপেন হাজৰিকা আৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণ কৰে ক্ৰমে বিশ্বনাথৰ জিলা আয়ুক্ত ডাঃ নেহা যাদৱ, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া দিগন্ত বৈশ্য, আৰক্ষী অধীক্ষক শুভাশীষ বৰুৱা প্ৰমুখ্যে বিশিষ্ট অতিথি সকলে । জিলা আয়ুক্ত ডাঃ নেহা যাদৱে প্ৰতিযোগী, বিচাৰক প্ৰমুখ্যে আমন্ত্ৰিত অতিথি সকলক উদ্দেশ্যি আদৰণি ভাষণ প্ৰদান কৰা শুভ আৰম্ভণি অনুষ্ঠানটিত বিশ্বনাথ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া দিগন্ত বৈশ্য, বিশ্বনাথৰ আৰক্ষী অধীক্ষক শুভাশীষ বৰুৱা, অতিৰিক্ত জিলা আয়ুক্ত তথা গহপুৰ মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি লুকুমনি বৰা, সহকাৰী আয়ুক্তদ্বয় ক্ৰমে বিচিত্ৰা দাস, চয়নিকা হাজৰিকা প্ৰমুখ্যে বিশিষ্ট অতিথি সকলে অংশগ্ৰহণ কৰা অনুষ্ঠানটিত বিশিষ্ট অতিথিৰূপে অংশগ্ৰহণ কৰি বিশ্বনাথ চাৰিআলি পৌৰ সভাৰ পৌৰপতি অমৰজ্যোতি বৰঠাকুৰে গ্ৰামাঞ্চলৰ সুপ্ত প্ৰতিভাক উলিয়াই অনাৰ বাবে অসম চৰকাৰে অসম সাংস্কৃতিক মহাসংগ্ৰামৰ দৰে প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰিছে বুলি মন্তব্য কৰে।

    আজিৰ এই বিশেষ অনুষ্ঠানত উপস্থিত থকা অসম সাংস্কৃতিক মহাসংগ্ৰামৰ বিশ্বনাথ জিলাৰ নোডেল বিষয়া আৰু অতিৰিক্ত জিলা আয়ুক্ত তথা গহপুৰ মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি লুকুমনি বৰাই নাতিদীৰ্ঘ ভাষণ প্ৰদান কৰি জিলাখনত একাধিক স্তৰত এই প্ৰতিযোগিতা সাফল্যমণ্ডিত কৰি তোলাৰ ক্ষেত্ৰত সন্মানীয় বিচাৰক, প্ৰতিযোগী তথা সকলো শ্ৰেণীৰ জনতাক ধন্যবাদ জ্ঞাপন কৰে। সমাজসেৱী কন্দৰ্প হাজৰিকাই আঁত ধৰা অনুষ্ঠানটিত অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনলৈ অসামান্য বৰঙণি আগবঢ়োৱাৰ বাবে নাট্য পৰিচালক, অভিনেতা দ্বিজেন মহন্ত, অভিনেতা নিপু বৰঠাকুৰ, নাট্যকাৰ, পৰিচালক তথা নাট্য কৰ্মী কুশল ডেকা আৰু অভিনেত্ৰী মিতালী ৰয় দাসক বিশেষভাৱে সম্বৰ্দ্ধনা জ্ঞাপন কৰা হয় । সত্ৰীয়া সংস্কৃতিৰ সাধক পল্লৱী গোস্বামী মহন্তৰ পৰিচালনাত এটি দলীয় সত্ৰীয়া নৃত্য আৰু অসম সাংস্কৃতিক মহাসংগ্ৰামৰ বিশ্বনাথৰ বিভিন্ন পৰ্যায়ৰ বিচাৰকসকল দ্বাৰা বিষ্ণুৰাভা, ভূপেন্দ্ৰ আৰু ৰবীন্দ্ৰ সংগীতৰ তিনিটি দলীয় সংগীত পৰিবেশন কৰা অনুষ্ঠানটিত আজিৰ জিলা পৰ্যায়ৰ প্ৰতিযোগিতাসমূহৰ ন গৰাকী বিচাৰকৰ উপৰিও জিলাখনৰ সাংস্কৃতিক মহাসংগ্ৰাম কাৰ্যসূচীৰ সকলো বিচাৰকক বিশ্বনাথ জিলা প্ৰশাসনৰ তৰফৰ পৰা সম্বৰ্দ্ধনা জ্ঞাপন কৰা হয়।

    আজিৰ শুভাৰম্ভণি অনুষ্ঠানৰ পিছতে অনুষ্ঠিত হয় বিষ্ণুৰাভা সংগীত, ভূপেন্দ্ৰ সংগীত আৰু ৰবীন্দ্ৰ সংগীত প্ৰতিযোগিতা ।একেদৰে কাইলৈ পুৱাৰ পৰা অনুষ্ঠিত হ’ব পৰম্পৰাগত নৃত্য আৰু বিহু নৃত্য প্ৰতিযোগিতা। আনহাতে ১৭ জানুৱাৰী, ২০২৪ তাৰিখে জ্যোতি সংগীত প্ৰতিযোগিতাৰে বিশ্বনাথত অসম সাংস্কৃতিক মহাসংগ্ৰামৰ জিলা পৰ্যায়ৰ প্ৰতিযোগিতাসমূহৰ সামৰণি পৰিব ।

    [sonaar_audioplayer albums="latest" order="desc" orderby="date" show_skip_bt="default" show_shuffle_bt="default" show_repeat_bt="default" show_speed_bt="default" show_volume_bt="default" show_miniplayer_note_bt="default" progress_bar_style="default" wave_bar_width="1" wave_bar_gap="1" track_memory="default" player_layout="skin_boxed_tracklist" tracklist_layout="list" hide_track_number="false" show_track_market="true" track_market_inline="true" cta_track_show_label="default" force_cta_dl="default" force_cta_share="default" force_cta_favorite="default" force_cta_singlepost="default" track_artwork_format="thumbnail" show_track_publish_date="default" show_playlist="true"][/sonaar_audioplayer]
    spot_imgspot_imgspot_imgspot_img

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.