শেহতীয়া আপডেটঃ

বিহালী অভয়াৰণ্য সেউজীকৰণত সহযোগিতা সাংবাদিকৰ :পাচঁ শ শগুনীলতাৰ কাটিং প্ৰদান

বিহালী অভয়াৰণ্য সেউজীকৰণত সহযোগিতা সাংবাদিকৰ :পাচঁ শ শগুনীলতাৰ কাটিং প্ৰদান ::

বিহালী ১৯ মে’ :
যি সময়ত অসমৰ বনাঞ্চল সমূহত দুষ্ট চক্ৰ আৰু চোৰাং কাঠ বেপাৰীয়ে বহু মূল্যৱান ঔষধি যুক্ত গছ-গছনি কাটি একাংশ লোকে ধংস কৰিছে তেনে সময়তে বনাঞ্চল পৰা বিলুপ্ত হোৱা এশ গুনেৰে ভৰা ঔষধি যুক্ত লতা শগুনীলতা যোগান ধৰিবলৈ আগবাঢ়ি আহিছে বিশ্বনাথৰ ইটিভি ভাৰত অসমৰ সাংবাদিক শ্ৰীমন্ত দাস ।


উল্লেখযোগ্য যে পূব হিমালয়ৰ পাদদেশৰ অৰ্ধ চিৰসেউজ বিহালী সংৰক্ষিত বনাঞ্চলক ২০২২ৰ ৪ মে’ত অভয়াৰণ্য হিচাবে ঘোষণা কৰাৰ পাচত সম্প্ৰতি অভয়াৰণ্যখনক সুকীয়া ৰূপ দিয়াৰ বাবে উঠিপৰি লাগিছে বন বিভাগ ৷ শোণিতপুৰ জিলাৰ বিশ্বনাথ মহকুমাৰ বিহালী বিধানসভা সমষ্টিত অৱস্থিত অভয়াৰণ্যখনৰ প্ৰায় ১.৫ হেক্টৰ ভূমিত এখন নাৰ্চাৰী মুকলি কৰি তীব্ৰগতিত কাম আগবঢ়াই থকা দেখা গৈছে ।

 

উক্ত নাৰ্চাৰীখনৰ জৰিয়তে বৰগাং বনাঞ্চলিক বিষয়া চক্ৰপাণি ৰয়ৰ নেতৃত্বত প্ৰায় ৬ লাখ ভিন্ন প্ৰজাতিৰ গছপুলি আৰু ঔষধি গুণযুক্ত লতা ৰোপনৰ কাম আগবঢ়াই আছে ৷ উক্ত ৬ লাখ পুলিৰ উপৰিও বিশ্বনাথৰ ইটিভি ভাৰত অসমৰ সাংবাদিক শ্ৰীমন্ত দাসেও ৫ শ শগুণীলতাৰ কাটিং পুলি অভয়াৰণ্যখনলৈ আগবঢ়াইছে ৷
উল্লেখযোগ্য যে শগুনী লতা যিহেতু এশটো গুনেৰে ভৰা এই ঔষধি যুক্ত লতা বিধ বনাঞ্চল সমূহত বিলুপ্ত হোৱা প্ৰতি লক্ষ্য ৰাখি সাংবাদিক গৰাকীয়ে ৫ শ শগুনী লতা কাৰ্টিং বন বিভাগৰ হাতত অৰ্পণ কৰা বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে, উত্তৰ অসমৰ একমাত্ৰ অভয়াৰণ্য হ’ল বিহালী অভয়াৰণ্য । ১৯১৭ চনত সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰা বিহালী সংৰক্ষিত বনাঞ্চল হস্তী সংৰক্ষতিৰ অঞ্চলৰ এক অংশ ৷ ১৯৯৪ চনত বনাঞ্চলখনক গুৰুত্বপূৰ্ণ চৰাই অঞ্চল আৰু ২০০৪ চনত মূল জৈৱ বৈচিত্ৰ্য অঞ্চল হিচাবে স্বীকৃতি দিয়া হৈছিল । সম্প্ৰতে অভয়াৰণ্য হিচাবে স্বীকৃত বিহালী অভয়াৰণ্যক মুঠ ১৪০ কিলোমিটাৰে ভূমিয়ে আৱৰি আছে ।

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.