ডিমা হাছাও জিলাত ভয়ংকৰ ভূমিস্খলনৰ ফলত শিলচৰ-লামডিঙৰ মাজত ৰে’লসেৱা অনিৰ্দিষ্টকালৰ বাবে বন্ধ: বিশেষ

ডিমা হাছাও জিলাত ভয়ংকৰ ভূমিস্খলনৰ ফলত শিলচৰ-লামডিঙৰ মাজত ৰে’লসেৱা অনিৰ্দিষ্টকালৰ বাবে বন্ধ:

গুৱাহাটী,16 মে’:

ডিমা হাছাও জিলাত ভয়ংকৰ ভূমিস্খলনৰ ফলত শিলচৰ-লামডিঙৰ মাজত ৰে’লসেৱা অনিৰ্দিষ্টকালৰ বাবে বন্ধ কৰা হৈছে। পাহাৰীয়া জিলাখনৰ বিভিন্ন অংশত ভূমিস্খলনৰ ফলতে বন্ধ হৈ পৰে এই ৰে’ল সেৱা।ইপিনে অনিৰ্দিষ্ট কালৰ বাবে জিলাখনৰ মাজেৰে ৰেলৰ চলাচল বন্ধ হৈ পৰাৰ বাবে নিউ হাফলং ষ্টেচনত আবদ্ধ হৈ পৰিছে গুৱাহাটী-শিলচৰ এক্সপ্ৰেছ ৰে’লখন।ফলত খাদ্যৰ অভাৱত প্ৰায় ২ হাজাৰ ৰে’ল যাত্ৰীৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ।

নিউ হাফলং ষ্টেচনৰ পৰা হাফলং চহৰলৈ এই পথচোৱা ভূমিস্খলনৰ ফলত বন্ধ হৈ পৰাত যাত্ৰী সকলৰ মাজত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে ।ইফালে ভূমিস্খলনৰ ফলত লাংটিং ষ্টেচন আৰু মাইবং ষ্টেচনত আবদ্ধ হৈ পৰিছে চিয়ালদাহ আগৰতলা এক্সপ্ৰেছখনো । আনহাতে লামডিং আৰু গুৱাহাটী-বদৰপুৰৰ মাজত চলাচল কৰা ভিষ্টাড’ম ৰে’লখন গুৱাহাটীলৈ লৈ যোৱা হয় ।কিন্তু নিউ হাফলং ষ্টেচনৰ আগৰ আৰু পিছৰ ৰে’লপথচোৱাত ভূমিস্খলন হোৱাৰ ফলত ৰে’লপথ বন্ধ হৈ পৰাৰ বাবে গুৱাহাটী-শিলচৰ এক্সপ্ৰেছ ৰে’লগাড়ীখন নিউ হাফলং ষ্টেচনত আবদ্ধ পৰে । ইপিনে জিলাখনৰ লগত ৰাজ্যৰ অন্যান্য অংশৰ যোগাযোগ প্ৰায় বিছিন্ন হৈ পৰিছে।

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.