শেহতীয়া আপডেটঃ

অবৈধ বালি খননৰ বিৰুদ্ধে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ:

 

পাগলাদিয়া নদীকে ধৰি নলবাৰীত অবৈধ বালি ৰমৰমীয়া বেপাৰ। জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ স্মাৰক পত্ৰ প্ৰদান জিলা উপায়ুক্ত।

 

উল্লেখযোগ্য যে জিলা খনৰ বিভিন্ন স্থানত  একাংশই  অবৈধ বালি খনন কৰি অহা অভিযোগ উত্থাপিত হৈছে।ইফালে এই অবৈধ বালি খনন বন্ধৰ দাবীত আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, নলবাৰী জিলা সমিতিয়ে নলবাৰী জিলা উপায়ুক্তক স্মাৰক পত্ৰ প্ৰদান কৰে।

বিগত বহু দিন ধৰি ৩১নং ৰাষ্ট্ৰীয় ঘাইপথৰ গনেশ মন্দিৰৰ সমীপত পাগলাদিয়া নদীত বিভাগীয় অনুমোদন নোহোৱাকৈ বালিৰ খনন চলি আছে ইয়াৰোপৰি পাগলাদিয়া নদীৰ বিভিন্ন স্থানত অবৈধ খনন অব্যাহত থকাৰ ফলশ্ৰুতিত চৰকাৰী ৰাজহ সংগ্ৰহত বৃহৎ লোকচান হোৱা পৰিলক্ষিত হৈছে। যুৱ ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিৰ সভাপতি পাৰ্থপ্ৰতীম শৰ্মা আৰু সাঃসম্পাদক কৌশিক বৰ্মন স্বাক্ষৰিত স্মাৰক পত্ৰ যোগে সংগঠনটোৱে নলবাৰী জিলাৰ বিভিন্ন নদীত ব্যাপক হাৰত একাংশ মুনাফালোভীয়ে নিজ খেয়ালখুচি মতে চৰকাৰী যাৱতীয় অনুমোদন নোহোৱাকৈ বালি খনন কৰি থকা কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰাৰ লগতে অবৈধ খনন অতিশীঘ্ৰে বন্ধ কৰি ইয়াৰ লগত জড়িত ব্যক্তিক দৃষ্টান্ত মুলক শাস্তি বিহাৰ দাবী জনায়। উল্লেখযোগ্য যে- নলবাৰী জিলাৰ বিভিন্ন নদীত দিনে- নিশাই হৈ থকা অবৈধ বালি খননত ব্যৱহৃত বালি কঢ়িওৱা ট্ৰেক্টৰ, ডাম্পাৰে মথাউৰি সমুহৰ বিস্তৰ ক্ষতি সাধন কৰা পৰিলক্ষিত হৈছে। ইয়াৰোপৰি সম্পূৰ্ণ উন্মুক্ত ভাৱে চলাচল কৰা ট্ৰেক্টৰ, ডাম্পাৰে বায়ু প্ৰদূষণ কৰি জনস্বাস্থ্যৰ প্ৰতিও প্ৰচণ্ড ভাবুকি কঢ়িয়াই আনিছে ইয়াৰ পিছতো নলবাৰী জিলা প্ৰশাসনৰ নিৰ্লিপ্ত ভূমিকাই বিষয়টো ৰহস্যময় কৰি তুলিছে বুলি সংগঠনটোৱে অসন্তুষ্টি ব্যক্ত কৰে।

অতিশীঘ্ৰে অবৈধ বালি খনন বন্ধ নকৰিলে ইয়াৰ বিৰুদ্ধে তীব্ৰ গনতান্ত্ৰিক কাৰ্যসূচী গ্ৰহণ কৰিব বুলি যুৱ ছাত্ৰ পৰিষদ নলবাৰী জিলা সমিতি বাধ্য থাকিব বুলি সকীয়াই দিয়ে। লগতে এই সমগ্ৰ বিষয়ৰ ওপৰত এক উচ্চ স্তৰীয় তদন্তৰো দাবী জনায় সংগঠনটোৱে।

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.