31.3 C
Guwahati
Thursday, February 19, 2026
More

    Trending Now:

    শেহতীয়া আপডেটঃ

    গণেশ মন্দিৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তী উৎসৱৰ সামৰণি অনুষ্ঠান

    গুৱাহাটীঃ খানাপাৰাৰ ছয়মাইলত অৱস্থিত গণেশ মন্দিৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তী উৎসৱৰ সামৰণী অনুষ্ঠান অহা ২৫, ২৬ আৰু ২৭ অক্টোবৰত তিনিদিনীয়া বিস্তৃত কাৰ্যসূচীৰে উদযাপন কৰা হ’ব। সোণালী জয়ন্তী উৎসৱ উপলক্ষে ইতিমধ্যে সদৌ অসম ভিত্তিত বিভিন্ন খেল-ধেমালী, তর্ক, কবিতা আবৃতি, ৰচনা, সংগীত প্রতিযোগিতা আয়োজন সমিতিয়ে সফল ভাবে সমাপ্তি কৰিছে। আজি এক সংবাদ মেলত সোণালী জয়ন্তী উদযাপন সমিতিৰ সভাপতি ভূপেন বৰুৱা আৰু মুখ্য সম্পাদক মাধৱ পাঠকে এই কথা জানিবলৈ দিছে।

    সমিতিৰ সভাপতি বৰাই লগতে কয় যে বিদ্যালয়খনত বিদ্যালয় কর্তৃপক্ষ, প্রাক্তন ছাত্র-ছাত্রীসকলৰ সহায় সহযোগত দুখন তোৰণ নিৰ্মাণ কৰা হৈছে। ইয়াৰে এখন তোৰণ ইতিমধ্যে বিদ্যালয়সমূহৰ পৰিদৰ্শকগৰাকীয়ে উন্মোচন কৰিছে। সামৰণী অনুস্থানৰ তিনিওদিনতে অসমৰ কেইবাগৰাকী জনপ্রিয় শিল্পীয়ে সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰিব। সোণালী জয়ন্তীৰ সামৰণী অনুষ্ঠানৰ সকলো কাৰ্যাসূচীত প্রাক্তন শিক্ষক-শিক্ষয়িত্রী, ছাত্র-ছাত্রী, কর্মচাৰী আৰু বৰ্তমানৰ ছাত্ৰ-ছাত্ৰীসকলৰ উপস্থিতিৰ লগতে সহযোগিতা কামনা কৰিছে।

    [sonaar_audioplayer albums="latest" order="desc" orderby="date" show_skip_bt="default" show_shuffle_bt="default" show_repeat_bt="default" show_speed_bt="default" show_volume_bt="default" show_miniplayer_note_bt="default" progress_bar_style="default" wave_bar_width="1" wave_bar_gap="1" track_memory="default" player_layout="skin_boxed_tracklist" tracklist_layout="list" hide_track_number="false" show_track_market="true" track_market_inline="true" cta_track_show_label="default" force_cta_dl="default" force_cta_share="default" force_cta_favorite="default" force_cta_singlepost="default" track_artwork_format="thumbnail" show_track_publish_date="default" show_playlist="true"][/sonaar_audioplayer]
    spot_imgspot_imgspot_imgspot_img

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.