বিহালীৰ মিজিকাজান চাহ বাগিছাত বিধায়কৰ এম্বুলেঞ্চ প্রদান

বিহালীৰ চাহ বাগিছাত বিধায়কৰ এম্বুলেঞ্চ প্রদান

অসম খবৰ বিহালী,২৩ মে’-

বিহালী সমষ্টিৰ বিধায়ক ৰঞ্জিত দত্তই চাহ বাগিছাৰ কৰ্মী সকলৰ চিকিৎসা সেৱাৰ সুবিধাৰ্থে সমষ্টিটোৰ চাহবাগিছা সমূহত একোখনকৈ উন্নত মান দণ্ডৰ এম্বুলেঞ্চ প্রদানৰ ব্যৱস্থা লৈছে।

বিধায়ক ৰঞ্জিত দত্তই এম্বুলেঞ্চ খন বাগিছা জেষ্ঠ পৰিচালকক নথি পত্ৰ দিয়া মূহুৰ্তত

২০২১-২২ বৰ্ষৰ বিধায়ক পূজিঁৰ পৰা আজি মিজিকা জান চাহ বাগিছাত এখন এম্বুলেঞ্চ বাগিছা খনৰ জেষ্ঠ পৰিচালকক আনুষ্ঠানিক ভাৱে বাগিছাখনৰ চিকিৎসক আৰু সমূহ কৰ্মচাৰীৰ উপস্থিতিত প্রদান কৰে। দুই-এদিনতে আন কেইবাখনো বাগিছাত এনেদৰে এম্বুলেঞ্চ প্রদান কৰা হব বুলিও বিধায়ক গৰাকীয়ে বক্তব্য ডাঙি ধৰে। বিধায়ক গৰাকীৰ এনে সিদ্ধান্ত চাহ জনজাতি ছাত্র সন্থাকে ধৰি বাগিছা সমূহৰ চাহমজদুৰ সংঘৰ বিষয় ববীয়া সকলে আদৰণি জনাইছে।

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.