শেহতীয়া আপডেটঃ

পৰ্যটকৰ বাবে পবিতৰা অভয়াৰণ্য মুকলি

গুৱাহাটী চহৰৰ পৰা প্ৰায় নিলগত থকা মৰিগাঁও জিলাৰ অন্তৰ্গত পবিতৰা অভয়াৰণ্য  বহু-দেশী বিদেশী পৰ্যটকৰ আগমন ঘটে।পবিতৰা অভয়াৰণ্য বিচৰণ ভূমিত প্ৰায় ১০২টা এখিঙীয়া গঁড়, ৩০০টা অধিক বনৰীয়া ম'হ,বনৰীয়া গাহৰি,হাজাৰৰ অধিক পৰিভ্ৰমী চৰাই দেখিবলৈ পোৱা যায়।

  অক্টোবৰ মাহৰ ভিতৰত মুকলি কৰি দিয়া হ’ব বুলি বনবিষয়া নয়নজ্যোতি দাসে জানিবলৈ দিছিল। ইয়াৰ পাছতে ১৫অক্টোবৰ তাৰিখে পবিতৰা অভয়াৰণ্য শুভাৰাম্ভ কৰে অসম চৰকাৰৰ মন্ত্ৰী পিয়ুষ হাজৰিকাই পৰ্যটকৰ বাবে মুকলি কৰি দিয়ে।

এশিঙীয়া গঁড়ৰৰ বিচৰণ ভূমি হিচাপে পৰিচিত মায়ঙৰ পবিতৰা অভয়াৰণ্য। যোৱা ১৫ অক্টোবৰত আনুষ্ঠানিক ভাৱে ফিটা কাটি মাঙ্গলিক পূজা অৰ্চনাৰে পবিতৰা অভয়াৰণ্য পৰ্যটকৰ বাবে দুৱাৰ মুকলি কৰা লগতে প্ৰাৰ্থনা আঁচনি চেক বিতৰণ কৰে অসম চৰকাৰৰ মন্ত্রী তথা স্থানীয় বিধায়ক পীযুষ হাজৰিকাই। অনুষ্ঠানত উপস্থিত থাকে অসম চৰকাৰৰ মন্ত্রী পীযুষ হাজৰিকাৰ পত্নী অভিনেত্রী আইমী বৰুৱা, মৰিগাঁও জিলা উপায়ুক্ত প্ৰকাশ ৰঞ্জন ঘৰফলীয়া আৰু জিলা আৰক্ষী অধীক্ষক অৰ্পনা নটাৰাজন, পবিতৰা অভয়াৰণ্যৰ বন বিষয়া নয়নজোতি দাসকে আদি কৰি বহু ব্যক্তি।

অনুষ্ঠানত উপস্থিত হৈ জীপ ছাফাৰী আৰু হাতী ছাফাৰীৰে পবিতৰা অভয়াৰণ্যৰ মনমোহন দৃশ্য উপভোগ কৰে মন্ত্ৰী পীযুষ হাজৰিকাৰ পৰিয়ালে। শেষত মায়ঙৰ পৰ্যটনৰ ক্ষেত্ৰত পবিতৰা অভয়াৰণ্য আৰু অন্যতম পৰ্যটনৰ কেন্দ্র বিন্দু চনকাক পৰ্যটনৰ দিশত বিশ্ব বাসীৰ মাজত আৰু এখোজ আগুৱাই নিয়াত সহায় কৰিব বুলি মন্তব্য প্ৰকাশ কৰে মন্ত্ৰী পীযুষ হাজৰিকাই।

গুৱাহাটী চহৰৰ পৰা প্ৰায় নিলগত থকা মৰিগাঁও জিলাৰ অন্তৰ্গত পবিতৰা অভয়াৰণ্য  বহু-দেশী বিদেশী পৰ্যটকৰ আগমন ঘটে।পবিতৰা অভয়াৰণ্য বিচৰণ ভূমিত প্ৰায় ১০২টা এখিঙীয়া গঁড়, ৩০০টা অধিক বনৰীয়া ম’হ,বনৰীয়া গাহৰি,হাজাৰৰ অধিক পৰিভ্ৰমী চৰাই দেখিবলৈ পোৱা যায়।

পবিতৰাত মূলত মুক্ত বিচৰণ কৰা এহিঙীয়া গঁড়,বনৰীয়া গাহৰি,হাজাৰৰ অধিক পৰিভ্ৰমী চৰাই, বনৰীয়া ম’হ তামুলীডুৱা,অমৰাপুৰ,কমৰাপুৰ অঞ্চলৰ পৰা এই মনোমোহা দৃশ্য উপভোগ কৰিবলৈ বহু পৰ্যটক সমাগম হয়।

জানিব পৰা মতে পবিতৰা অভয়াৰণ্যত বিদেশী পৰ্যটক হিচাপে জাৰ্মানী, চীন, চুইজালেণ্ড, কানাডাৰ পৰা আহি পবিতৰাৰ আটক ধুনীয়া মনোমোহা দৃশ্য উপভোগ কৰে। পূৰ্বতে বনবিষয়া নয়নজ্যোতি দাসে জনোৱা মতে কাজিৰঙা, মানাহ ৰাষ্ট্ৰীয় উদ্যান অনুষ্ঠানিক ভাৱে মুকলি কৰি দিয়া পিছত বিগত মাহৰ ভিতৰত অনুষ্ঠানিক ভাৱে মুকলি কৰা হয় পবিতৰা অভয়াৰণ্য। লগতে এই বছৰত পবিতৰা অভয়াৰণ্যত পৰ্যটকৰ সংখ্যা বিগত বছৰবোৰতকৈ অধিক হ’ব বুলি উল্লেখ কৰিছিল।

পৰৱৰ্তী সময়ত মন্ত্ৰী পীযুষ হাজৰিকাই কয় যে, বিগত বছৰত কৰুণা মহামাৰীৰ বাবে পৰ্যটকৰ সমাগম বন্ধ কৰি ৰখা হৈছিল। কৰুণা মহামাৰীৰ প্ৰাদুৰ্ভাৱ কমাৰ হোৱাৰ বাবে পবিতৰা অভয়াৰণ্য অনুষ্ঠানিক মুকুলি কৰি দিয়া হৈছে। কৰুণা মহামাৰীৰ বাবে বিগত বছৰৰ তুলনাত পবিতৰা অভয়াৰণ্য  পৰ্যটকৰ বাবে মুকুলি কৰি কিছু পলম হৈছে বুলিও মন্ত্ৰী পিয়ুষ হাজৰিকাই জানিবলৈ দিয়ে।

Via By: Assam | News
album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.