শেহতীয়া আপডেটঃ

বন্ধন বেংকৰ বাবে স্বাৱলম্বী নলবাৰীৰ এগৰাকী মহিলা

নিজৰ একমাত্ৰ কষ্ট আৰু পৰিশ্ৰমৰ দ্বাৰা বিভিন্ন ক্ষুদ্ৰ ব্যৱসায় তথা ক্ষুদ্ৰ উদ্যোগৰ দ্বাৰা স্বাৱলম্বী হব ধৰিছে ৰাজ্যখনৰ ভিন্ন জিলাৰ মহিলা সকল  । কিন্তু এই মহিলা সকলৰ স্বাৱলম্বিতাৰ আঁৰত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে বিভিন্ন বেংক সহ মাইক্ৰ ফাইনেঞ্চে  । তেনেদৰে মহিলা সকলক স্বাৱলম্বিতাৰ পথত আগুৱাই যাবলৈ ওতঃপ্ৰোত ভাবে সহায়ৰ হাত আগবঢ়াই আহিছে বন্ধন বেংকে ।বৰ্তমান সময়ত বন্ধন বেংককে ধৰি আন আন মাইক্ৰফাইনেন্স পৰা ঋণ লৈ মহিলাসকলে বিভিন্ন দিশত কৰ্মৰ দ্বাৰা অৰ্থনৈতিক ভাৱে স্বাৱলম্বী হবলৈ সক্ষম হৈছে  ৷ৰাজ্যৰ বিভিন্ন জিলাৰ চহৰ অঞ্চলৰ লগতে গাৱঁৰ মহিলাসকলে নিজৰ ভৰিত নিজে থিয় দিবলৈ আৰম্ভ কৰিছে বিভিন্ন ব্যৱসায়ৰ দ্বাৰা  ৷ কিছুমানে যদি গৰু ছাগলী গাহৰি হাঁহ কুকুৰা আদিৰ ফাৰ্মৰ দ্বাৰা স্বাৱলম্বী হৈছে আন কোনোৱাই আকৌ ক্ষুদ্ৰ ব্যৱসায় সহ ক্ষুদ্ৰ উদ্যোগৰ দ্বাৰা স্বাৱলম্বী হোৱাত পৰিলক্ষিত হৈছে  ৷ এনে সময়তে উল্লেখনীয় কথা এই  যে  বৰ্তমানৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই বন্ধন বেংককে ধৰি মাইক্ৰফাইনেন্সৰ পৰা লোন লোৱা মহিলা সকলৰ ঋণ মাফ কৰাৰ বিষয়ে কিছু চৰ্ত বান্ধি দিছে ৷ কিন্তু এই চৰ্ত মতে ঋণ মাফ নলৈ নিয়মিত কিস্তি পৰিশোধ কৰি শূণ্যৰ পৰা স্বাৱলম্বী হোৱা কিছু মহিলাৰ স্বাৱলম্বী হোৱাৰ আৰঁৰ কাহিনী লৈ আজি দৈনন্দিন বাৰ্তাত নলবাৰীৰ আমাৰ বিশেষ প্ৰতিবেদন ।নলবাৰী জিলাৰ অন্তৰ্গত নলবাৰী গাঁওৰ এগৰাকী মহিলা  । মহিলাগৰাকীৰ নাম মিনা দাস  ৷ মহিলা গৰাকীৰ এনেকুৱা এটা দিন আছিল যে অভাৱত মিনা দাসৰ পৰিয়ালবৰ্গৰ জীৱন নিৰ্বাহ কৰিবলৈ অতি কষ্টকৰ আছিল । ঠিক সেই সময়তে বিগত ২০১০ চনত মিনা দাসে বন্ধন বেংক নলবাৰী শাখাৰ পৰা দহ হেজাৰ (১০,০০০) টকাৰ ঋণ লাভ কৰি এখন গেলামাল দোকান আৰম্ভ কৰে । দোকানখন আৰম্ভ কৰাৰ পিছত মিনা দাসে বন্ধন বেংকৰ সাপ্তাহিক ভাৱে ঋণৰ কিস্তি পৰিশোধ কৰি পৰিয়ালটো সাধাৰণ ভাৱে হ’লেও দায়িত্ব ল’ব পৰা হ’লে।  এনেকৈ মহিলা গৰাকীয়ে বছৰ পৰা বছৰ ধৰি বন্ধন বেংকৰ পৰা ঋণ লৈ নিজৰ গেলামাল দোকানৰ লগালগি কৈ এখন মাংসৰ দোকান দিবলৈ সক্ষম হল । যাৰ বাবে বাবে মিনা দাসে পৰিয়ালটোক সুকলমে চলাই নিবলৈ সক্ষম হোৱাৰ লগতে নিজৰ ল’ৰা ছোৱালীক শিক্ষাৰ দিশত আগবঢ়াই নিবলৈ এক সকাহ লাভ কৰিলে একমাত্ৰ বন্ধন বেংকৰ কাৰণে । বৰ্তমান সময়ত মিনা দাসে বন্ধন বেংক নলবাৰী শাখাৰ পৰা এক লাখ পচিশ হাজাৰ (১,২৫,০০০) টকাৰ ঋণ লৈ নিজৰ ক্ষুদ্ৰ ব্যৱসায় খন উন্নত দিশত আগবঢ়াই নিবলৈ সক্ষম হৈছে । যাৰ বাবে মহিলা গৰাকীয়ে বন্ধন বেংকক সুন্দৰ ভাৱে নিয়মিত ঋণৰ কিস্তি আদায় দি পৰিয়াল পোহপাল দিব পাৰিছে  । যাৰ বাবে মিনা দাস সহ তেখেতৰ পৰিয়ালবৰ্গই বন্ধন বেংক নলবাৰী শাখা সহ আটাইবোৰ  বেংক কৰ্তৃপক্ষক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছে । তদুপৰি আমাৰ বাতৰি কাকতৰ জৰিয়তে মিনা দাসে বন্ধন বেংকৰ লগত জৰিত গ্ৰাহক সকলক এক মেছেজ দিয়ে যে, ঋণৰ কিস্তি নিয়মিত ভাবে সময় অনুসৰি পৰিশোধ কৰিব লাগে  ৷ কাৰন ঋণ ৰেহাই ললে আমাৰ চিভিল স্ক’ৰ নিম্নগামী হব ৷ গতিকে আমি ঋণ মাফ নলৈ নিয়মিত কিস্তি পৰিশোধ কৰো আহঁক ৷আৰু পৰৱৰ্তীত পুনৰাই ঋণ লৈ নিজে কষ্ট আৰু পৰিশ্ৰমৰ দ্বাৰা গঢ়ি তোলা ব্যৱসায়ত খটুৱাই স্বাৱলম্বী হবলৈ আহ্বান জনায় মিনা দাসে ৷
album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.