শেহতীয়া আপডেটঃ

ভাৰতীৰ ৩৫ তম্ ৰাষ্ট্ৰীয় এথলেটিকচ প্ৰতিযোগিতাত বিদ্যা ভাৰতী পূৰ্বোত্তৰ ক্ষেত্ৰৰ সুন্দৰ প্ৰদৰ্শনৰে পদক অৰ্জন

গুৱাহাটী● মধ্য প্ৰদেশৰ চাতনাৰ সৰস্বতী বীদ্যাপীঠ অনুষ্ঠিত হোৱা বিদ্যা ভাৰতীৰ ৩৫ তম্ ৰাষ্ট্ৰীয় এথলেটিকচ প্ৰতিযোগিতাত বিদ্যা ভাৰতী পূৰ্বোত্তৰ ক্ষেত্ৰৰ পৰা ৫৪ গৰাকী খেলুৱৈ ছাত্ৰ-ছাত্ৰীয়ে অংশ গ্ৰহণ কৰি চমকপ্ৰদ সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে। বিদ্যা ভাৰতী পূৰ্বোত্তৰ ক্ষেত্ৰৰ লগতে শিশু শিক্ষা সমিতি, অসম তথা স্থানীয় নিকেতন লৈ গৌৰৱ কঢ়িয়াই আনে।

শিশু শিক্ষা সমিতি, অসমৰ প্ৰচাৰ প্ৰমুখ মুকুটেশ্বৰ গোস্বামীয়ে জানিবলৈ দিয়া মতে অংশগ্ৰহণকাৰী খেলুৱৈসকল গুৱাহাটী উপস্থিত হয় ছাত্ৰ-ছাত্ৰী সকলৰ ভিতৰত ১৯ বছৰ অনুৰ্ধ্ব শাখাত বি,এল বেৰীয়া সৰস্বতী শিশু মন্দিৰ, চৌকিডিঙি, ডিব্ৰুগড়ৰ ছাত্ৰ ময়ুৰ বেজবৰুৱাই দীঘল‌ জাপ, ত্ৰিপল জাপত সোণৰ পদকৰ‌ লগত ২০০ মিটাৰ দৌৰত ব্ৰঞ্জৰ পদক, শংকৰদেৱ শিশু নিকেতন, কঠিয়াতলীৰ ছাত্ৰ প্ৰণৱ বেই দীঘল জাপত ৰূপৰ পদক,

শংকৰদেৱ শিশু নিকেতন, খলিহাৰ ছাত্ৰী বন্দিতা দাসে দীঘল জাপত ৰূপৰ পদকৰ লগতে ত্ৰিপল জাপত ব্ৰঞ্জৰ পদক, শংকৰদেৱ শিশু নিকেতন,বেতকুছিৰ ছাত্ৰ জিৎপল কাশ্যপে ১০০ মিটাৰ দৌৰত ৰূপৰ পদক, ১৭ বছৰ অনুৰ্ধ্ব শাখাত শঙ্কৰদেৱ শিশু নিকেতন, মধুপুৰৰ ছাত্ৰী বাৰ্লিনা ভৰালীয়ে ওখ জাপত ৰূপৰ পদক, শংকৰদেৱ শিশু নিকেতন, কৃষ্ণাইৰ ছাত্ৰী কুঁহি ৰায়ে ১০০ মিটাৰ দৌৰত ৰূপৰ পদক, ৰামেশ্বৰ শৰ্মা ফুকন শংকৰদেৱ বিদ্যা নিকেতন, চিৰিং চাপৰি, ডিব্ৰুগড়ৰ ছাত্ৰদ্বয় হিমাংশু দাসে ৪০০ মিটাৰ দৌৰত সোণৰ পদক, প্ৰণৱ গগৈয়ে ওখ জাপত ৰূপৰ পদকৰ লগতে ৮০ মিটাৰ বাধা দৌৰত ব্ৰঞ্জৰ পদক, লম্বোদৰ বুঢ়াগোহাই শংকৰদেৱ বিদ্যা নিকেতন, ডিমৌৰ ছাত্ৰ নিৱিড় নয়ন দত্ত ই ডিচকাচ দলিওৱাত ৰূপৰ পদক, শংকৰদেৱ শিশু নিকেতন, খলিহাৰ ছাত্ৰী ৰিয়া দাসে চটপুট ত ব্ৰঞ্জৰ পদক, শংকৰদেৱ শিশু নিকেতন, অভয়াপুৰীৰ ছাত্ৰী অংকিতা ৰায়ে ২০০ মিটাৰ দৌৰত ৰূপৰ পদক আৰু ১৪ বছৰ অনুৰ্ধ্ব শাখাত শংকৰদেৱ বিদ্যা নিকেতন, ধেমাজি ৰ ছাত্ৰী ডিম্পী কোঁছে ওখ জাপত ৰূপৰ পদক লাভ কৰে। ইয়াৰে বি এল বেৰীয়া সৰস্বতী শিশু মন্দিৰ, চৌকিডিঙিৰ ছাত্ৰ ময়ুৰ বেজবৰুৱা ই ত্ৰিপল জাপত বিদ্যা ভাৰতী ৰাষ্ট্ৰীয় খেলৰ পূৰ্বৰ অভিলেখ ভংগ কৰি ১৩:৮৬ মিটাৰ জপিয়াই।

ময়ুৰ বেজবৰুৱা ৰ লগতে চিৰিং চাপৰি, ডিব্ৰুগড়ৰ ছাত্ৰ হিমাংশু দাস, শংকৰদেৱ শিশু নিকেতন, কঠিয়াতলীৰ ছাত্ৰ প্ৰণৱ বে, শংকৰদেৱ শিশু নিকেতন, বেতকুছিৰ ছাত্ৰ জিৎপল কাশ্যপ, শংকৰদেৱ শিশু নিকেতন,কৃষ্ণাইৰ ছাত্ৰী কুঁহি ৰায় আৰু শংকৰদেৱ শিশু নিকেতন,খলিহাৰ ছাত্ৰী বন্দিতা দাসে SGFI ( School Games Fedaration Of India) ত খেলাৰ বাবে নিৰ্বাচিত হয়।

এই পদক প্ৰাপ্ত আটাইকেইগৰাকী ছাত্ৰ-ছাত্ৰীক কামাখ্যা ৰেলৱে ষ্টেচনত আদৰণি তথা সম্বৰ্দ্ধনা জনায় বিদ্যা ভাৰতী পূৰ্বোত্তৰ ক্ষেত্ৰৰ ক্ষেত্ৰীয় খেল প্ৰমুখ ৰঞ্জিত কুমাৰ শইকীয়া, প্ৰান্তীয় খেল পৰিষদৰ সভাপতি সুবোধ বৰা তথা সমিতিৰ সহ কাৰ্যালয় সচিব দ্বয় মাধব কলিতা আৰু ৰাতুল ডেকাই।

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.