লোকসভা নির্বাচনঃ দেশৰ আটাইতকৈ দুখীয়া প্ৰাৰ্থীৰ সম্পত্তিৰ পৰিমাণ মাত্র ৩২০ টকা

● ৰাজ্যত প্ৰথম পৰ্যায়ত লোকসভা নির্বাচন ২০২৪
● প্ৰথম পৰ্যায়ত ৫টা সমষ্টিৰ ৩৫ গৰাকী ভাগ্য নিৰ্ণয় ১৯ এপ্ৰিলত
● ৩৫ গৰাকীৰ ১৫ গৰাকী প্ৰাৰ্থী কোটিপতি
● প্ৰথম পৰ্যায়ত দেশত মুঠ ১,৬১৮ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ
● কাজিৰঙাৰ নিৰ্দলীয় প্রার্থী দিলৱাৰা বেগম চৌধুৰী সম্পত্তিৰ তালিকাৰ শীৰ্ষস্থানত
● মুঠ সম্পত্তিৰ পৰিমাণ ১৭ কোটি ৫৮ লাখ ৪৩ হাজাৰ ৭৭ টকা
● মধ্যপ্ৰদেশৰ ছিন্দৱাৰা সমষ্টিৰ কংগ্ৰেছ প্রার্থী নকুল নাথ শীৰ্ষত
● নকুল নাথৰ সম্পত্তিৰ পৰিমাণ ৭১৬ কোটিৰো অধিক
● প্ৰথম পৰ্যায়ত দেশৰ আটাইতকৈ দুখীয়া প্ৰাৰ্থী তামিলনাডুৰ পোনৰাজ কে
● থুথুগুৰি সমষ্টিৰ নিৰ্দলীয় প্রার্থী পোনৰাজৰ সম্পত্তিৰ পৰিমাণ মাত্র ৩২০ টকা

● ৰাজ্যত প্ৰথম পৰ্যায়ত লোকসভা নির্বাচন হ’বলগীয়া ৫টা সমষ্টিৰ ৩৫গৰাকী প্ৰাৰ্থী ভিতৰত ১৫ গৰাকী কোটিপতি বুলি এক প্রতিবেদন প্ৰকাশ পাইছে৷ ১৯ এপ্ৰিলত ৰাজ্যত প্ৰথম পৰ্যায়ত লোকসভা নির্বাচনত প্ৰাৰ্থীসকলে শপতনামাত দিয়া তথ্যৰ ভিত্তিতে এক সংস্থাই প্রতিবেদনখন প্ৰকাশ কৰিছে। সংস্থাটোৱে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত অৱতীৰ্ণ হ’বলগীয়া সমগ্ৰ দেশৰ মুঠ ১,৬১৮ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্ৰৰ সৈতে দাখিল কৰা শপতনামা পর্যালোচনা কৰে। প্ৰথম পৰ্যায়ত ৰাজ্যৰ কাজিৰঙা, শোণিতপুৰ, লখিমপুৰ, যোৰহাট আৰু ডিব্ৰুগড় সমষ্টিত ১৯ এপ্ৰিলত নির্বাচন অনুষ্ঠিত হ’ব। এই পৰ্যায়ত এই সমষ্টিকেইটাত প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া ৩৫ গৰাকী প্ৰাৰ্থীৰ ভিতৰত স্থাৱৰ-অস্থাৱৰ সম্পত্তিৰ নিৰীখত কাজিৰঙাৰ নিৰ্দলীয় প্রার্থী দিলৱাৰা বেগম চৌধুৰী সম্পত্তিৰ তালিকাৰ শীৰ্ষস্থানত আছে। তেওঁৰ মুঠ সম্পত্তিৰ পৰিমাণ হৈছে ১৭ কোটি ৫৮ লাখ ৪৩ হাজাৰ ৭৭ টকা। ইপিনে প্রথম পর্যায়ত প্রতিদ্বন্দ্বিতাত অৱতীৰ্ণ প্ৰাৰ্থীসকলৰ ভিতৰত সম্পত্তিৰ পৰিমাণেৰে মধ্যপ্ৰদেশৰ ছিন্দৱাৰা সমষ্টিৰ কংগ্ৰেছ প্রার্থী নকুল নাথ শীৰ্ষত আছে। তেওঁৰ সম্পত্তিৰ পৰিমাণ হৈছে ৭১৬ কোটি টকাৰো অধিক। ইয়াৰ বিপৰীতে তামিলনাডুৰ থুথুগুৰি সমষ্টিৰ নিৰ্দলীয় প্রার্থী পোনৰাজ কেৰ সম্পত্তিৰ পৰিমাণ মাত্র ৩২০ টকা আৰু তেওঁ হৈছে প্ৰথম পৰ্যায়ত নিৰ্বাচনত অৱতীৰ্ণ হোৱা দেশৰ আটাইতকৈ দুখীয়া প্ৰাৰ্থী।

About অশ্বিনী কুমাৰ গগৈ, মুখ্য সম্পাদক, অসম খবৰ 30 Articles
All India Radio- RNU-GHY Web Digital Specialist at Asom Khobor(Chief Editor) Digital Editor NotunSomoy.

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.