31.3 C
Guwahati
Thursday, February 19, 2026
More

    Trending Now:

    শেহতীয়া আপডেটঃ

    বিশ্বনাথত অসম গণিত শিক্ষায়তনৰ প্ৰতিষ্ঠা দিৱস পালন

    বিশ্বনাথত অসম গণিত শিক্ষায়তনৰ প্ৰতিষ্ঠা দিৱস পালন ।

    অসম খবৰ , বিশ্বনাথৰ পৰা ৰমেশ চন্দ্ৰ চৰেণ , ১৮ জুলাই ঃ বিশ্বনাথ মহাবিদ্যালয়ৰ প্ৰাংগণত অসম গণিত শিক্ষায়তনৰ বিশ্বনাথ জিলা সমিতিয়ে আজি ৩৭ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন কৰে। অসম গণিত শিক্ষায়তনৰ বিশ্বনাথ জিলাৰ সম্পাদক প্ৰাঞ্জল বৰদলৈয়ে আঁত ধৰা অনুষ্ঠানত সভাপতি ড০ অৰুণ চলিহাই অসম গণিত শিক্ষায়তনৰ পতাকা উত্তোলন কৰে। বিশ্বনাথ মহাবিদ্যালয়ৰ গণিত আৰু বিজ্ঞান বিষয়ত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰী সকলৰ মাজত গণিত শিক্ষাৰ গুৰুত্ব আৰু জনপ্ৰিয়কৰণৰ ওপৰত চেঙামাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ বিজ্ঞান শিক্ষক ৰিপুঞ্জয় বৰদলৈ আৰু দলংগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিজ্ঞান শিক্ষক সঞ্জীৱ গগৈয়ে বক্তব্য দাঙি ধৰে। অনুষ্ঠানত অসম গণিত শিক্ষায়তনৰ কেন্দ্ৰীয় সমিতিৰ সদস্য চতিয়াৰ ভাস্কৰজ্যোতি আদৰ্শ বিদ্যাপীঠৰ নৱজ্যোতি ওজা, বিশ্বনাথ মহাবিদ্যালয়ৰ অধ্যাপিকা প্ৰণামী ফুকন উপস্থিত থাকে। সভাপতিৰ ভাষণত বিশ্বনাথ মহাবিদ্যালয়ৰ গণিত বিজ্ঞান বিভাগৰ মূৰব্বী অধ্যাপক ড০ অৰুণ চলিহাই সাংবাদিকক জনোৱা অনুসৰি ১৯৮৬ চনৰ ১৮ জুলাইত বিশিষ্ট গণিতজ্ঞ ড০ বুদ্ধপ্ৰসাদ চেতিয়াৰ সভাপতিত্বত আৰু ড০ তাৰেকেশ্বৰ চৌধুৰীয়ে সম্পাদকৰ দায়িত্ব লৈ গঠন কৰিছিল ‘অসম গণিত শিক্ষায়তন’ নামৰ গণিত শিক্ষাক শিশুৰ মাজত জনপ্ৰিয় কৰা এই অনুষ্ঠানৰ। অহা ২১ আগষ্টত সদৌ অসম ভিত্তিত অনুষ্ঠিত হ’বলগীয়া গণিত অলিম্পিয়াডৰ প্ৰস্তুতি কৰ্মশালাসমূহ অসম গণিত শিক্ষায়তনৰ বিশ্বনাথ জিলাই ১৯ জুলাইৰ পৰা গহপুৰ, বিশ্বনাথ, চতিয়া আৰু দিকৰাই অঞ্চলৰ পঞ্চম শ্ৰেণীৰপৰা একাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ মাজত অনুষ্ঠিত কৰিব বুলি সাংবাদিকক জানিবলৈ দিয়ে।

    [sonaar_audioplayer albums="latest" order="desc" orderby="date" show_skip_bt="default" show_shuffle_bt="default" show_repeat_bt="default" show_speed_bt="default" show_volume_bt="default" show_miniplayer_note_bt="default" progress_bar_style="default" wave_bar_width="1" wave_bar_gap="1" track_memory="default" player_layout="skin_boxed_tracklist" tracklist_layout="list" hide_track_number="false" show_track_market="true" track_market_inline="true" cta_track_show_label="default" force_cta_dl="default" force_cta_share="default" force_cta_favorite="default" force_cta_singlepost="default" track_artwork_format="thumbnail" show_track_publish_date="default" show_playlist="true"][/sonaar_audioplayer]
    spot_imgspot_imgspot_imgspot_img

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.