শেহতীয়া আপডেটঃ

এটা সপোন খেদি

এটা সপোন খেদি

পঁজাটোৰ উৰুখা ছালিৰে পোহৰ সোমায়৷

বৰষুণো পৰে৷ৰতন আৰু তাৰ তিনিজনীয়া পৰিয়ালটোৱে একাষে থাকি তেতিয়া আকাশলৈ চায়৷

সেই সময়তো সিহঁতৰ শীৰ তিনিটা আকাশমুখী হৈ থকাৰ সন্তুষ্টিয়ে মনক প্ৰশান্তি দিয়ে৷ৰতনহঁতৰ চাৰিবছৰীয়া কন্যাই মাক বাপেকৰ মাজত গভীৰ নিৰাপদে আকাশলৈ চাই তৰা গনে৷

তাইৰ ৰংবিৰঙৰ সচিত্ৰ কিতাপখনে ৰতনৰ মনত আশাৰ সঞ্চাৰ কৰে৷পথাৰৰ মাটি দুডৰাত সিহঁতে গোজ ধৰিছে৷এদিন সেয়া সোণালী হ’ব৷

তাৰ মনটো জীপাল হৈ উঠে৷বৰষুণ জাক ক্ৰমান্বয়ে বাঢ়ি আছে৷পথাৰখন পানীৰে উপচি পৰিছে নিশ্চয়৷তাৰ সেউজীয়া আশাবোৰ!

ৰতনে ছোৱালীজনীক কোলাত তুলি ল’লে৷তাৰ পৰিবাৰে ঘৰৰ ভিতৰৰ লামলাকটুৰ এটা টোপোলা বান্ধিলে৷ছোৱালীজনীৰ ৰংচঙীয়া কিতাপখন পানীত পৰি গ’ল–খৰখেদাত৷

সেইখন পঁজাটোৰ দুৱাৰডলি নেওচি ক্ৰমান্বয়ে উটি গৈছে৷ এই দৃশ্য দেখি ৰতনৰ মনত এটা সপোন উটি যোৱাৰ দৰে অনুভৱ হ’ল৷সি কোলাত ছোৱালীজনী লৈয়ে উটি যোৱা কিতাপখন খেপিয়াই তুলি আনিলে৷কিছু মলঙিছে য’দিও ৰ’দ দিলে সেইখন শুকাব৷আখৰবোৰ পঢ়িব পৰা হ’ব৷ৰতনৰ পৰিয়ালটো ওখ ঠাইৰ সন্ধানত আগবাঢ়িল৷

অৰূপ কলিতা তেজপুৰ

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.