প্ৰধানমন্ত্ৰী মোডীয়ে ঝাজ্জৰৰ ৰাষ্ট্ৰীয় কৰ্কট প্ৰতিষ্ঠানত বিশ্ৰাম সদন উদ্বোধন কৰিব

■ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পুৱা ১০:৩০ বজাত নতুন দিল্লীৰ এইমছৰ ঝাজ্জৰ চৌহদৰ ৰাষ্ট্ৰীয় কৰ্কট প্ৰতিষ্ঠানত ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে ইনফোচিছ ফাউণ্ডেচন বিশ্ৰাম সদন উদ্বোধন কৰাৰ লগতে অনুষ্ঠানটোত ভাষণ প্ৰদান কৰিব। স্বাস্থ্য মন্ত্ৰী মনসুখ মাণ্ডৱিয়া, হাৰিয়ানাৰ মুখ্যমন্ত্ৰী মনোহৰ লাল খট্টৰ আৰু ইনফোচিছ ফাউণ্ডেচনৰ অধ্যক্ষ সুধা মূৰ্তিও অনুষ্ঠানটোত উপস্থিত থাকিব।

কৰ্পোৰেট সামাজিক দায়বদ্ধতাৰ অংশ হিচাপে ইনফোচিছ ফাউণ্ডেচনৰ দ্বাৰা ৮০৬ খন বিচনাযুক্ত বিশ্ৰাম সদন নিৰ্মাণ কৰা হৈছে।

বিশ্ৰাম সদনে কৰ্কট ৰোগীসকলৰ সৈতে থকা পৰিচাৰকসকলক শীতাতপ নিয়ন্ত্ৰিত আৱাসগৃহৰ সুবিধা প্ৰদান কৰিব। কিয়নো বহু ৰোগী প্ৰায়ে দীঘলীয়া সময়ৰ বাবে চিকিৎসালয়ত থাকিব লগা হয়। ইয়াক ইনফোচিছ ফাউণ্ডেচনৰ দ্বাৰা প্ৰায় ৯৩ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা হৈছে।

বিশ্ৰাম সদন ৰাষ্ট্ৰীয় কৰ্কট প্ৰতিষ্ঠানৰ চিকিৎসালয় আৰু অ’পিডি খণ্ডৰ সমীপতে অৱস্থিত।

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.