শেহতীয়া আপডেটঃ

এজিচিএল-এ অসমৰ হাজাৰিগাঁও ক্ষেত্ৰৰ পৰা ১ লাখ এছচিএমডি গেছ যোগানৰ বাবে কেয়াৰ্ণ অইল এণ্ড গেছৰ সৈতে চুক্তি স্বাক্ষৰ

এজিচিএল-এ অসমৰ হাজাৰিগাঁও ক্ষেত্ৰৰ পৰা ১ লাখ এছচিএমডি গেছ যোগানৰ বাবে কেয়াৰ্ণ অইল এণ্ড গেছৰ সৈতে চুক্তি স্বাক্ষৰ

গুৱাহাটী, ১৬ ডিচেম্বৰ, ২০২১ :

ভাৰতৰ সৰ্ববৃহৎ ব্যক্তিগত অন্বেষণ আৰু উৎপাদন কোম্পানী কেয়াৰ্ণ অইল এণ্ড গেছে অসম চৰকাৰৰ এক মুখ্য প্ৰতিষ্ঠান হিচাপে কাম কৰা এক মুখ্য প্ৰাকৃতিক গেছ উৎপাদন আৰু বিতৰণ কোম্পানী অসম গেছ কোম্পানী লিমিটেডৰ (এজিচিএল) সৈতে গেছ বিক্ৰী চুক্তি (জিএছএ) স্বাক্ষৰ কৰিছে। এই চুক্তিৰ অধীনত এজিচিএল-এ কেয়াৰ্ণৰ হাজাৰিগাঁও ক্ষেত্ৰৰ পৰা ১ লাখ এছচিএমডি সমৃদ্ধ গেছ ক্ৰয় নিশ্চিত কৰিব৷ অসম চৰকাৰৰ পৰিবহন, উদ্যোগ আৰু বাণিজ্য, দক্ষতা বিকাশ, সংখ্যালঘু সকলৰ কল্যাণৰ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীৰ উপস্থিতিত আজি গুৱাহাটীত আয়োজিত এক অনুষ্ঠানত এই চুক্তি সম্পাদন কৰা হয়৷

সংগঠনটোৰ সন্দৰ্ভত ভাষণ প্ৰদান কৰি এজিচিএলৰ পৰিচালন সঞ্চালক গোকুল চন্দ্ৰ স্বৰ্গীয়াৰীয়ে কয়, “কেয়াৰ্ণ অইল এণ্ড গেছৰ সৈতে সম্পৰ্কৰ বাবে আমি আনন্দিত যি অসমত শক্তিৰ প্ৰৱেশাধিকাৰ উন্নত কৰিব আৰু ৰাজ্যখনৰ বহুতো উদ্যোগ, বিশেষকৈ ডাঙৰ চাহ বাগিচাসমূহক বৃদ্ধি কৰিব। এজিচিএল-ত, অহা কেইবছৰমানৰ ভিতৰত ২ লাখ ঘৰুৱা গ্ৰাহকক পাইপযোগে প্ৰাকৃতিক গেছ যোগান ধৰি আমাৰ পৰিচালনা ক্ষেত্ৰৰ ভিতৰত সকলো চহৰক সংযোগ কৰাৰ শক্তিশালী পৰিকল্পনা আছে। এজন পৰিষ্কাৰ শক্তি প্ৰদানকাৰী আৰু এজন দায়িত্বশীল কৰ্পোৰেট নাগৰিক হিচাপে, আমি অধিক ঘৰুৱা আৰু ঔদ্যোগিক গ্ৰাহকক আমাৰ বিদ্যমান নেটৱৰ্কৰ সৈতে সংযোগ কৰিবলৈ আৰু কাৰ্বন ফুটপ্ৰিন্ট নিয়ন্ত্ৰণ কৰিবলৈ আৰু ৰাজ্যখনত শক্তিৰ প্ৰৱেশাধিকাৰ নিশ্চিত কৰিবলৈ পৰম্পৰাগত ইন্ধনৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰিবলৈ সংকল্পবদ্ধ।”

এজিচিএলৰ সৈতে অনুসন্ধান আৰু সম্পৰ্ক ৰ বিষয়ে আলোচনা কৰি কেয়াৰ্ণ অইল এণ্ড গেছৰ উপ মুখ্য কাৰ্যবাহী বিষয়া শ্ৰীযুত প্ৰচুৰ চাহে কয়, “কাৰ্বন ফুটপ্ৰিন্ট হ্ৰাস কৰিবলৈ গেছৰ দৰে বৈকল্পিক শক্তিউৎসৰ গুৰুত্ব আমি বুজি পাওঁ আৰু একেসময়তে ভাৰতৰ বাবে শক্তি আত্মনিৰ্ভৰতা সুৰক্ষিত কৰোঁ। ডি.এছ.এফ.-(Round II) ৰ অধীনত আমাক হাজাৰিগাওঁ ক্ষেত্ৰ প্ৰদান কৰা হৈছিল। আমি অন্বেষণ প্ৰক্ৰিয়াত্ব ত্বৰান্বিত কৰাৰ বাবে সৰ্বশ্ৰেষ্ঠ প্ৰযুক্তি আৰু পদ্ধতি সমূহ প্ৰয়োগ কৰিছো আৰু দ্ৰুতগতিত গেছ উৎপাদন আৰু যোগানৰ দিশত আগবাঢ়িছো। আমি অসমত এই নতুন উন্নয়নত আনন্দিত আৰু ৰাজ্যখনৰ অন্যান্য গুৰুত্বপূৰ্ণ খণ্ডসমূহক সমৰ্থন কৰাৰ লগতে ৰাজ্যখনৰ গুৰুত্বপূৰ্ণ চাহ উদ্যোগক শক্তি প্ৰদান কৰিবলৈ এজিচিএলৰ সৈতে আমাৰ অংশীদাৰীত্বৰ বাবে অপেক্ষা কৰি আছো। আমি ভাৰতৰ উত্তৰ-পূব অঞ্চলত বিশাল সম্ভাৱনা দেখিছো আৰু অঞ্চলটোৰ অৰ্থনৈতিক বিকাশ আৰু প্ৰগতিত অধিক অৰিহণা যোগাবলৈ প্ৰতিশ্ৰুতিবদ্ধ ।”

কেয়াৰ্ণ ভাৰতক গেছ-আধাৰিত অৰ্থনীতি হিচাপে গঢ়ি তোলাৰ চৰকাৰৰ দৃষ্টিভংগীৰ সৈতে সংযোজিত। আমাৰ দৃষ্টিভংগী হৈছে ২০২৬ চনৰ ভিতৰত আমাৰ গেছ উৎপাদন বৰ্তমানৰ ১৭০০ এমএমএছচিএম গেছৰ পৰা ৪৭০০ এমএমএছচিএমলৈ দুগুণ কৰা। কোম্পানীটো ২০৫০ চনৰ ভিতৰত নেট জিৰো এমিছন প্ৰাপ্ত কৰি বহনক্ষম অৰ্থনৈতিক বিকাশৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ।

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.