শেহতীয়া আপডেটঃ

বিশ্বনাথ বিহালীত ভয়ংকৰ পথ দুৰ্ঘটনা: থিতাতে নিহত এক গুৰুতৰভাৱে আহত এক :

বিশ্বনাথ বিহালীত ভয়ংকৰ পথ দুৰ্ঘটনা: থিতাতে নিহত এক গুৰুতৰভাৱে আহত এক :

বিহালী ২১ মে ::

বিশ্বনাথৰ বিহালী আৰক্ষী থানাৰ অন্তৰ্গত বিহালী বেদেতীৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত দেওবাৰে বিয়লি সংঘটিত হোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনা। এই পথ দুৰ্ঘটনাত (Road Accident) এজন লোক থিতাতে নিহত হোৱাৰ লগতে এজন গুৰুতৰভাৱে আহত হয়।
প্ৰাপ্ত তথ্য অনুসৰি লক্ষীমপুৰ পৰা বৰগাং অভিমুখে গৈ থকা এএছ-১২-ই ৫৫৬৪ নম্বৰৰ তীব্ৰ বেগী মিনি ট্ৰাক খনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ ওপৰত লুটি বাগৰ মৰাত এই দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি জানিব পৰা গৈছে।
এই দুৰ্ঘটনাত ৰাজু কলকমাৰ নামৰ এজন লোক থিতাতে নিহত হোৱা লগতে সঞ্জীৱ গোৱালা নামৰ লোক জন গুৰুত্ব ভাৱে আহত হয়।
আহত লোক জনক বিহালী আৰক্ষীয়ে ততাতৰিয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰে।উল্লেখযোগ্য যে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ বৰগাং পৰা গহপুৰলৈ যোৱা ৰাষ্ট্ৰীয় ঘাইপথ চোৱাত যোৱা কেইদিনত বহু কেইটা দুৰ্ঘটনা সংঘটিত হোৱা দেখা গৈছে।
যাৰ ফলত কেইবাজনো লোকে ইতিমধ্যে প্ৰাণ হেৰুৱাইছে।


বিশেষকৈ এই দুৰ্ঘটনা সমূহ ইটা ভৰ্তি ট্ৰাকৰ মাজত দেখা গৈছে। দুদিন পূৰ্বে বিহালী সমষ্টিৰ বিহালী আৰক্ষী থানা অন্তৰ্গত বৰগাং আৰক্ষী চকী অধিনৰ বৰগাং চেন্টাৰত AS01AC5824
নম্বৰ ইটা ভৰ্তি তীব্ৰ বেগী ট্ৰাক খনে নিয়ন্ত্ৰণ হেৰুৱাই দ- খাৱৈত সোমোৱা ফলত কোনো মতে ৰক্ষা পৰে কেইবাজনো পথচাৰী। ।আনহাতে সেই দিনাই আন এখন ইটা ভৰ্তি তীব্ৰ বেগী মিনি ট্ৰাকে নিয়ন্ত্ৰণ হেৰুৱাই গহপুৰ আৰক্ষী থানাৰ ওচৰৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ৰেলিংত খুন্দা মাৰি ৰেলিং ভাঙি দ-খাৱৈত সোমোৱা ফলত কোনো মতে প্ৰাণ ৰক্ষা পৰে চালক হেণ্ডিমেনৰ। গুৰুত্বপূৰ্ণ কথাটো হ’ল এই যে দুৰ্ঘটনা সংঘটিত কৰা অধিকাংশ গাড়ী হৈছে ইটা ভৰ্ত্তি ট্ৰাক। জানিব পৰা মতে এই গাড়ী সমূহৰ অধিকাংশ নথি-পত্ৰ নোহোৱ লগতে অধিকাংশ গাড়ী চালকৰ কোনো পৰিচয় পত্ৰ নাথাকে । ইফালে দেওবাৰে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ বেদেতীত দুৰ্ঘটনা সংঘটিত কৰা মিনি ট্ৰাক খনৰো কোনো নথি-পত্ৰ নোহোৱা লগতে পুনৰ-নবিকৰণ নকৰা বুলি জানিব পৰা গৈছে। এতিয়া প্ৰশ্ন হয় মুখ্যমন্ত্ৰী ড০হিমন্ত বিশ্ব শৰ্মাই অত্যাধিক বোজা কঢ়িওৱা আৰু নথি পত্ৰ নোহোৱা বাহনৰ বিৰুদ্ধে কঠোৰ স্হিতি গ্ৰহণ কৰিবলৈ পৰিবহণ বিভাগৰ বিষয়া কৰ্মচাৰী কঠোৰ নিৰ্দেশ দিয়া পিছতো কি দৰে ৰাষ্ট্ৰীয় ঘাইপথত অত্যাধিক ইটা বোজা ভৰ্তি গাড়ীৰ ৰাজপথত চলাচল কৰিব পৰিছে সেইটো ডাঙৰ প্ৰশ্ন । তাৰ উপৰিও এই গাড়ী সমূহৰ অধিকাংশ নথি-পত্ৰ নোহোৱাকৈ ৰাষ্ট্ৰীয় ঘাইপথত দিন ৰাতি বিহালী পৰা লক্ষীমপুৰ, অৰুণাচললৈ ইটালৈ চলাচল কৰিব পাৰিছে সেইটো ৰহস্যৰ বিষয় । এই সকল ধুৰন্ধৰ গাড়ী মালিক সকলক নাকি লগাবলৈ  পৰিবহণ বিভাগৰ সাহস হ’ব নে সেইটোহে হ’ব লক্ষ্যণীয়।

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.