শেহতীয়া আপডেটঃ

বিশ্বনাথত ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা

বিশ্বনাথত ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা ::

বিশ্বনাথ ২৭ জুলাই ::

আগন্তুক লোক সভা আৰু পঞ্চায়ত নিৰ্বাচনক লৈ টঙালি বান্ধিছে ভাৰতীয় জনতা পাৰ্টীয়ে।
সমষ্টিয়ে সমষ্টিয়ে দলীয় সাংগঠনিক ভেটি সবল কৰা উদ্দেশ্য দলটোৰ ৰাজ্যিক পৰ্যায়ৰ নেতা সাংগঠনিক কাম কাজত ব্যস্ত হোৱা দেখা গৈছে।
ইফালে বুধবাৰে ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ সভাপতি ভৱেশ কলিতা উপস্থিত হয় বিশ্বনাথত।

বিশ্বনাথ বিধান সভাৰ গড়েহাগীস্থিত কমলাকান্ত নাট্য সমাজৰ সভাগৃহত এখন বিশেষ দলীয় সাংগঠনিক সভাত অংশগ্ৰহণ কৰে সভাপতি কলিতাই।
উল্লেখযোগ্য যে উত্তৰ বিশ্বনাথ জিলা অন্তৰ্গত বিধান সভা সমষ্টি কেইটা বৰ্তমান বিজেপি দখলত আছে যদিও আগন্তুক পঞ্চায়ত নিৰ্বাচনক লৈ এতিয়া অধিক তৎপৰ হৈছে বিজেপি দলৰ নেতা কৰ্মী সকল।
ভাৰতীয় জনতা পাৰ্টিৰ বিশ্বনাথ জিলা সমিতিৰ উদ্যোগত আয়োজন কৰা এখন বিশেষ দলীয় সাংগঠনিক সভাত ৰাজ্যিক সভাপতি ভৱেশ কলিতা অংশগ্ৰহণ কৰি জিলা খনৰ গহপুৰ সমষ্টিৰ বিশ্বনাথ সমষ্টি বিহালী সমষ্টিৰ দলীয় কৰ্মী সকল আৰু বিধায়ক সকলৰ সৈতে সাংগঠনিক আলোচনা কৰি জিলাৰ
খনত বিজেপি দলটোৰ সাংগঠনিক দিশত অধিক সবল কৰা বাবে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লয় সভাত ।

উক্ত বিশেষ সাংগঠনিক সভা খনত উপস্থিত থাকে বিশ্বনাথ বিধান সভা সমষ্টিৰ বিধায়ক প্রমোদ বৰঠাকুৰ,ভাৰতীয় জনতা পাৰ্টি বিশ্বনাথ জিলা সভাপতি পংকজ বৰা, বিহালী সমষ্টিৰ বিধায়ক ৰঞ্জিত দত্ত, গহপুৰ সমষ্টিৰ বিধায়ক উৎপল বৰা, ৰাজ্যিক চাহ জনগোষ্ঠী মর্চাৰ সভাপতি দিগন্ত ঘাটোৱাৰ লগতে ৰাজ্যিক উপঃ সভাপতি অশোক ভট্টৰায়।

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.