31.3 C
Guwahati
Thursday, February 19, 2026
More

    Trending Now:

    শেহতীয়া আপডেটঃ

    অবৈধ অৰুণাচলী সুৰা মুকলি বেহা শোণিতপুৰত। কুম্ভুকৰ্ণ নিদ্ৰাত শোণিতপুৰ আবকৱী বিভাগ

    অবৈধ অৰুণাচলী সুৰা মুকলি বেহা শোণিতপুৰত। কুম্ভুকৰ্ণ নিদ্ৰাত শোণিতপুৰ আবকৱী বিভাগ।

     

    শোণিতপুৰ ১৭ জুলাই ::

     

    ৰাজ্যজুৰি নিচাযুক্ত সামগ্ৰীৰ চোৰাং বেহাৰ বিৰুদ্ধে আবকৱী, আৰক্ষীয়ে কঠোৰ অভিযান চলোৱাৰ পিচতো গা লৰা নাই একাংশ সৰবৰাহকাৰীৰ ৷ ন ন কৌশল অৱলবম্বন কৰি সৰবৰাহকাৰীয়ে অব্যাহত ৰাখিছে অবৈধ অৰুণাচলী সুৰা মুকলি বেহা যাৰ ফলত অসম চৰকাৰৰ কোটি কোটি টকাৰ ৰাজহ হেৰুৱাব লগা হৈছে। উল্লেখযোগ্য যে অৰুণাচল প্ৰদেশৰ একাংশ ৱাইনচ’পৰ পৰা গাড়ীয়ে গাড়ীয়ে অবৈধ অৰুণাচলী সুৰা শোণিতপুৰ জিলা লগতে মঙলদৈ, বৰপেটা আদি জিলালৈ দৈনিক সৰবৰাহ হোৱা অভিযোগ উঠিছে। আন এক গুৰুত্ব অভিযোগ অনুসৰি শোণিতপুৰ জিলা কাষতে লাগি থকা অৰুণাচল ভালুকপোঙ পৰা পোনে পোনে নামেৰি ৰাষ্ট্ৰীয় উদ্যানৰ পথেৰে বালিপৰা, ৰঙাপৰা হৈ শোণিতপুৰ জিলা বিভিন্ন স্থানলৈ দীৰ্ঘদিন ধৰি অবাধে সৰবৰাহ কৰি আহিছে অবৈধ অৰুণাচলী সুৰা । আনহাতে এক অভিযোগ অনুসৰি এই অৰুণাচলী সুৰা সমূহ কোনো কোনো সুৰ বেপাৰীয়ে সম্পূৰ্ণ অৰুণাচলী সুৰা ব্ৰেণ্ডেড লেবেল সলনি কৰি অসমৰ ব্ৰেণ্ডেড লেবেল লগাই অসমৰ একাংশ ৱাইন চ’পত যোগান ধৰি এক কলা বেহা চলাই অহা তথ্য পোহৰলৈ আহিছে। কিন্তু দীৰ্ঘদিন ধলি ৰঙাপৰা বালিপৰা হৈ ৰাজ্য বিভিন্ন স্থানলৈ অৰুণাচলী সুৰা সৰবৰাহ হৈ আহিছে যদিও শোণিতপুৰ জিলা আবকৱী,ৰঙাপৰা আবকৱী বিভাগৰ বিষয়া সকলে মৌনতা অৱলবল্বন কৰা অভিযোগ উঠিছে।

    [sonaar_audioplayer albums="latest" order="desc" orderby="date" show_skip_bt="default" show_shuffle_bt="default" show_repeat_bt="default" show_speed_bt="default" show_volume_bt="default" show_miniplayer_note_bt="default" progress_bar_style="default" wave_bar_width="1" wave_bar_gap="1" track_memory="default" player_layout="skin_boxed_tracklist" tracklist_layout="list" hide_track_number="false" show_track_market="true" track_market_inline="true" cta_track_show_label="default" force_cta_dl="default" force_cta_share="default" force_cta_favorite="default" force_cta_singlepost="default" track_artwork_format="thumbnail" show_track_publish_date="default" show_playlist="true"][/sonaar_audioplayer]
    spot_imgspot_imgspot_imgspot_img

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.