শোণিতপুৰ লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী ৰঞ্জিত দত্তৰ বাসগৃহত মন্ত্ৰী অতুল বৰা। ১৪ খন আসন দখল কৰিব NDA মিত্ৰ জোট দলে।

শোণিতপুৰ লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী ৰঞ্জিত দত্তৰ বাসগৃহত মন্ত্ৰী অতুল বৰা।
১৪ খন আসন দখল কৰিব NDA মিত্ৰ জোট দলে।

বিশ্বনাথ ১১ এপ্ৰিল :

সমাগত লোক সভা নিৰ্বাচন অহা ১৯ এপ্ৰিলৰ পৰা। অসমত হ’ব প্ৰথম পৰ্যায়ৰ লোক সভা নিৰ্বাচন । এই নিৰ্বাচনক লৈ এতিয়া ৰাজ্যত ৰাজনীতি দল সমূহে নিজৰ নিজৰ দলৰ প্ৰাৰ্থীক জয় কৰাবলৈ বিভিন্ন ৰণকৌশল আৰু প্ৰচাৰ অভিযানেৰে নামি পৰিছে।

আনহাতে ৰাজ্যৰ আন আন সমষ্টিৰ লগতে ১১ নং শোণিতপুৰ সংসদীয় সমষ্টিটো দেখা গৈছে ব্যাপক নিৰ্বাচনী প্ৰচাৰ চলোৱা । ইফালে বিজেপি মিত্ৰ জোটৰ প্ৰাৰ্থী ৰঞ্জিত দত্তক জয় কৰাবলৈ উঠি পৰি লাগিছে বিজেপি দলৰ মিত্ৰ জোটৰ ৰাজনীতি দল সমূহ। বৃস্হপতিবাৰে নিশা প্ৰায় ৯ মান বজাত অসম গণ পৰিষদৰ সভাপতি তথা অসম চৰকাৰৰ মন্ত্ৰী অতুল বৰা উপস্থিত হয় ৰঞ্জিত দত্তৰ বাসগৃহত। বাসগৃহত উপস্থিত হৈ ৰঞ্জিত দত্তক শুভেচ্ছা জ্ঞাপন কৰা লগতে প্ৰাৰ্থী গৰাকীক অধিক ভোটত কি দৰে জয় কৰাব পাৰি তাৰ ওপৰত অসম গণ পৰিষদ দলে ব্যাপক প্ৰচাৰ চলোৱা লগতে ৰণকৌশল প্ৰস্তুত কৰা বুলি সাংবাদিক আগত প্ৰকাশ কৰে মন্ত্ৰী অতুল বৰাই ।লগতে মন্ত্ৰী গৰাকীয়ে কয় বিজেপি মিত্ৰ জোট দলে এই বাৰ অসমত ১৪ খন আসনেই দখল কৰিব কাৰণ অসমত এতিয়া বিৰোধী শূন্য চাৰিওফালে মাথোঁ বিজেপি এজেপি মিত্ৰজ্যোটৰ বুলি প্ৰকাশ কৰে।

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.