বিহালীত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ :
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ প্ৰকৃতি দাহ

বিশ্বনাথত আছু প্ৰতিবাদত:
বিহালীত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ :
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ প্ৰকৃতি দাহ :

বিশ্বনাথ ১ এপ্ৰিল :

বিশ্বনাথত অত্যাৱশ্যকীয় সামগ্ৰী মূল্য বৃদ্ধি বিৰুদ্ধে আজি প্ৰতিবাদত নামিল বিভিন্ন দল সংগঠনৰ হাজাৰ হাজাৰ কৰ্মী।
বিশেষকৈ ৰাজ্যত হঠাৎ চৰকাৰে অত্যাৱশ্যকীয় সামগ্ৰী মূল্য বৃদ্ধি কৰাত এতিয়া হাহাকাৰ পৰিস্থিতি সৃষ্টি হৈছে ৰাজ্যৰ চৌপাশে।
খাদ্য সামগ্ৰী, ইন্ধনজাত সামগ্ৰীৰ পৰা আৰম্ভ কৰি সকলো ব্যৱহাৰ্য সামগ্ৰীৰ অত্যাধিক আকাশলংঘী মুল্যবৃদ্ধি ঘটিছে সেই মূল্যবৃদ্ধিৰ প্ৰতিবাদত আৰু মূল্য হ্ৰাস কৰাৰ দাবীত আজি
সদৌ অসম ছাত্ৰ সন্থা” ৰ উদ্যোগত সদৌ বিশ্বনাথ জিলা ছাত্ৰ সন্থাই বিশ্বনাথ চাৰিআলিত সত্যাগ্ৰহ কাৰ্যসূচী ৰূপায়ন কৰে ।
ইফালে অত্যাৱশ্যকীয় সামগ্ৰী মূল্য বৃদ্ধি বিৰুদ্ধে বিহালী বৰগাংত প্ৰতিবাদ সাব্যস্ত কৰে
বিহালী আঞ্চলিক ছাত্ৰ মুক্তি সংগ্রাম সমিতিয়ে ।

ছাত্ৰ মুক্তি সংগ্রাম সমিতিৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক অনিল বনিয়া নেতৃত্বত
বিহালী আঞ্চলিক ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয সদস্য সকলে বৰগাঙৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত দাহ কৰিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ পুত্ৰলিকা দাহ।
সংগ্ৰামী সংগঠনটো এই কাৰ্যসূচীত প্ৰায় অধশতাধীক সংগ্ৰামী ছাত্ৰই অংশগ্ৰহণ কৰি শীঘ্ৰে মূল্য বৃদ্ধি হ্ৰাস কৰা দাবী তুলে ‌ছাত্ৰ সংগঠনটোৱে।

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.