শেহতীয়া আপডেটঃ

অসম জাতীয় পৰিষদৰ সংবাদ মেলৰ বক্তব্য

‘নিৰ্দিষ্ট এমুঠিমান ঠিকাদাৰৰ দখলত গৰিষ্ঠসংখ্যক চৰকাৰী প্ৰকল্পৰ কাম; বিলৰ ধনো কেৱল আদায় পায় দিছপুৰৰ আশীষধন্য ঠিকাদাৰেহে
ৰাজ্যত বঞ্চিত-উপেক্ষিত লাখ লাখ থলুৱা ঠিকাদাৰ; অৰ্থনীতিৰ ওপৰতো পৰিছে নেতিবাচক প্ৰভাৱ’
-সংবাদ মেলত অসম জাতীয় পৰিষদৰ অভিযোগ
ৰাজ্যৰ অৰ্থনৈতিক অগ্ৰগতিৰ এটা অন্যতম গুৰুত্বপূৰ্ণ স্তম্ভ হ’ল ঠিকাদাৰসকল৷ কাৰণ চৰকাৰী উন্নয়নমূলক কাম-কাজৰ গৰিষ্ঠ অংশ ঠিকাদাৰসকলৰ জৰিয়তেহে বাস্তৱত কাৰ্য্যকৰী হয়৷ কামৰ বিনিময়ত ঠিকাদাৰসকলে লাভ কৰা ধন যোগনীয়াৰৰ পৰা শ্ৰমিকলৈকে বিতৰণ হয়; আৰু তেনেকৈ তৃণমূললৈকে সেই ধনৰ বিস্তাৰ হয়; অৰ্থাৎ সকলোৰে হাতলৈ ধন যায়–যি ৰাজ্যৰ অৰ্থনৈতিক চকৰিখন সমতুলভাৱে ঘুৰাত সহায় কৰে৷

কিন্তু বিজেপি চৰকাৰে ঠিকাদাৰসকলক কাম আৰু বিলৰ ধন আৱন্টন দিয়াৰ ক্ষেত্ৰত পক্ষপাতিত্ব আৰু বঞ্চনাৰ নীতি লোৱাৰ ফলত ঠিকাদাৰসকল তেওঁলোকৰ প্ৰাপ্যৰ পৰা বঞ্চিত হোৱাই নহয়, ৰাজ্যৰ অৰ্থৈতিক অগ্ৰগতিৰ ওপৰতো নেতিবাচক প্ৰভাৱ পৰিছে৷
উল্লেখযোগ্য যে অসমৰ বৰ্তমানৰ চৰকাৰখন জনতাৰ উন্নয়ন কৰা চৰকাৰ নহৈ ক্ষমতাৰ শীৰ্ষত আৰোহন কৰি থকাসকলৰ উন্নয়নৰ চৰকাৰ হিচাপে বেছিকৈ পৰিচিত হৈছে৷ প্ৰয়োজনে অপ্ৰয়োজনে এফালৰ পৰা ফ্লাই অভাৰ আৰু অন্যান্য ধৰণৰ ‘কনষ্ট্ৰাকচন’ৰ জৰিয়তে দিছপুৰত কমিচনৰ মুকলি মেলা বহাৰ বিষয়ে ৰাইজ অৱগত ৷

পৰম্পৰাগত নিয়ম অনুসৰি, চৰকাৰে ঠিকা অৱন্টনৰ সৈতে কেৱল নিৰ্মাণ আৰু উন্নয়নৰ উদ্দেশ্য জড়িত হৈ নাথাকে; তাৰ সৈতে সংস্থাপন সৃষ্টিৰ বিষয়ো জড়িত হৈ থাকে৷ অৰ্থাৎ ৰাজ্যৰ ঠিকাদাৰসকলে চৰকাৰী ঠিকাৰ কাম পালে উক্ত কামৰ সৈতে জড়িত বহু লোকৰ সংস্থাপন বা জীৱিকা নিৰ্বাহৰ পথ মুকলি হয়৷
কিন্তু অসম চৰকাৰৰ বিগত দিনৰ ঠিকা আৱন্টনৰ ইতিহাসে এইটো স্পষ্ট কৰে যে তেওঁলোকে ৰাজ্যখনৰ বিকাশ আৰু নিবনুৱা সংস্থাপনৰ উদ্দেশ্যে নহয়, চৰকাৰী বৰঘৰৰ নিৰ্দিষ্ট কিছুসংখ্যক লোকৰ আৰ্থিক মুনাফাৰ উদ্দেশ্যেহে ঠিকাসমূহ আৱন্টন দিয়ে৷

কেনেকৈ বঞ্চিত থলুৱা ঠিকাদাৰঃ
আনুমানিক হিচাপ অনুসৰি, অসম চৰকাৰৰ ৫৪টা বিভাগৰ অধীনত ১ লাখৰো অধিক ঠিকাদাৰ আছে৷ তাৰে নগণ্য অংশ এটাক বাদ দিলে বাকী সকলো অসমৰে থলুৱা ঠিকাদাৰ৷ পূৰ্বে এই ঠিকাদাসকলে সৰু-ডাঙৰ চৰকাৰী যোগান বা নিৰ্মাণৰ কাম কৰি সংস্থাপনৰ পথ মুকলি কৰিছিল৷
কিন্তু বিজেপি চৰকাৰ অহাৰ পাছত উক্ত ঠিকাদাসকল কামৰ অভাৱত লাহে লাহে নিবনুৱা হ’বলৈ লৈছে৷
আগতে উন্নয়ন আৰু লগতে সংস্থাপন দুয়োটা কথা মনত ৰাখি একো একোটা ঠিকাৰ কাম কেইবাজনো ঠিকাদাৰৰ মাজত ভগাই দিয়া হৈছিল৷

উদাহৰণ স্বৰূপে, জলসম্পদ বিভাগৰ অধীনত যদি এটা প্ৰকল্প/কাম/আঁচনিৰ নিৰ্মাণ ব্যয় যদি ৫ কোটি টকা হয়, সেইটোক ৫জন ঠিকাদাৰক ভাগ কৰি দিয়া হৈছিল যাতে সেই পাঁচজন ঠিকাদাৰৰ লগত জড়িত হৈ থকা এশ এশকৈ পাঁচশজন মানুহ উপকৃত হয়৷ কিন্তু এতিয়া তেনে ৫ কোটি টকীয়া ১০ টা প্ৰকল্প/কাম/আঁচনি একেলগ কৰি তাৰ নিৰ্মাণ ব্যয় ৫০ কোটি টকা বনাই এজন নিৰ্দিষ্ট ঠিকাদাৰ বা ঠিকাদাৰী প্ৰতিষ্ঠানক আৱন্টন দিয়ে ৷ এই ক্ষেত্ৰত নিৰ্দিষ্ট কেইজনমান ঠিকাদাৰ বা বহিৰাগত ঠিকাদাৰ/প্ৰতিষ্ঠানক অগ্ৰাধিকাৰ দিয়া হয়৷

একে ব্যৱস্থা লোকনিৰ্মাণ, জলসিঞ্চন, সমাজ কল্যাণ, কৃষি আদি প্ৰায় সকলো বিভাগত প্ৰচলিত৷
আনহাতে, নিৰ্দিষ্ট কিছু সংখ্যক ঠিকাদাৰক বাদ দি বাকী গৰিষ্ঠসংখ্যক ঠিকাদাৰে কাম সম্পূৰ্ণ হোৱাৰ পিছতো বিলৰ ধন আদায় পোৱা নাই ৷ ফলত উক্ত ঠিকাদাৰসকলৰ সৈতে জড়িত আন হাজাৰ হাজাৰ যোগনীয়াৰ, শ্ৰমিক, দোকানী, গাড়ীৰ মালিক আৰু চালক আদি লোকসকলো তেওঁলোকৰ প্ৰাপ্যৰ পৰা বঞ্চিত হৈ আছে৷ এনে বঞ্চনাৰ প্ৰত্যক্ষ প্ৰভাৱ পৰিছে বজাৰৰ ওপৰত–যাৰ ফলত অৰ্থনৈতিক অগ্ৰগতিৰ চকৰিখন স্তব্ধ হৈ গৈছে৷

অলপতে গুৱাহাটী উচ্চ ন্যায়ালয়ত চলি থকা এটা গোচৰৰ প্ৰসংগত ৰাজহুৱা হোৱা তথ্য অনুসৰি, অকল জনস্বাস্থ্য কাৰিকৰী আৰু সংলগ্ন কেইটামান বিভাগত কাম কৰা ঠিকাদাৰসকলৰ ২২ হাজাৰ কোটি তকা অনাদায় হৈ আছে৷ এই সন্দৰ্ভত CAGয়ে উক্ত ২২ হাজাৰ কোটি টকা ঠিকাদাৰসকলক চৰকাৰে আদায় নিদিয়াত চৰকাৰক সমালোচনা কৰাৰ প্ৰসংগ উল্লেখ কৰিব পাৰি। বৰ্তমানে ধনৰ অভাৱত ভাৰত চৰকাৰৰ অভিলাষী জল জীৱন মিচন আঁচনিৰ কাম বন্ধ হৈ আছে৷

দেখা গৈছে যে দিছপুৰৰ আশীষ থকা কেইগৰাকীমান নিৰ্দিষ্ট ঠিকাদাৰে সৰহভাগ কাম আৰু লগতে বিলৰ ধন সময়মতে আদায় পাই আছে ৷ উদাহৰণ স্বৰূপে, মুখ্যমন্ত্ৰীৰ লোকনিৰ্মাণ (পথ) বিভাগত মাত্ৰ ৩ গৰাকী ঠিকাদাৰে সৰহভাগ কামৰ আৱন্টন আৰু বিলৰ ধন আদায় পাই আহিছে ৷ তাৰে দাস, শৰ্মা আৰু সিংঘী উপাধিৰ উক্ত তিনিগৰাকী ঠিকাদাৰে ২০১৬ চনৰ ১ মে’ৰ পৰা চলিত ২০২৪ বৰ্ষৰ মাৰ্চ মাহলৈ মুঠ ৮,৭৯৮ কোটি টকাৰ ঠিকা লাভ কৰিছে ৷ তাৰে দাস উপাধিৰ ঠিকাদাৰগৰাকীয়ে ২,১৭১.৪৩ কোটি, শৰ্মা উপাধিৰ ঠিকাদাৰগৰাকীয়ে ১,৮২২.২৫ কোটি আৰু সিংঘী উপাধিৰ ঠিকাদাৰগৰাকীয়ে ৪,৮০৪.৬২ কোটি টকাৰ ঠিকা লাভ কৰিছে৷

অসম জাতীয় পৰিষদে ২০১৬ চনৰ পৰা এতিয়ালৈকে ৰাজ্যৰ কোনটো চৰকাৰী বিভাগত কি কি কাম/আঁচনি/প্ৰকল্পৰ ঠিকা আৱন্টন দিয়া হৈছে, কোন কোন ঠিকাদাৰ বা ঠিকাদাৰী প্ৰতিষ্ঠানক কামবোৰ আৱন্টন দিয়া হৈছে আৰু কোনটো কামৰ নিৰ্মাণ ব্যয় আৰম্ভণিত (প্ৰাক কলন মতে) কিমান আছিল আৰু শেষলৈ কিমান হৈছেগৈ–এই সকলো বিষয়ৰ এক ন্যায়িক তদন্ত দাবী কৰে৷

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.