শেহতীয়া আপডেটঃ

কোনো বিদ্যালয়ে ছাত্ৰ-ছাত্ৰীৰ পৰা নামভৰ্তিৰ সময়ত টিউচন ফীজ ল’ব নোৱাৰিব- শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু

মুখ্যমন্ত্ৰীৰ বিশেষ আঁচনিৰ অধীনত দাৰিদ্ৰ্য সীমাৰেখাৰ তলৰ শিক্ষাৰ্থীসকলৰ নামভৰ্তিৰ ৰেহাই মাচুল বিদ্যালয়সমূহক প্ৰদান

দিছপুৰ, ২৭ নৱেম্বৰঃ শিক্ষাৰ্থীয়ে যাতে বিনাদ্বিধাই শিক্ষা গ্ৰহণ কৰিব পাৰে, তাৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগৰ অধীনত মুখ্যমন্ত্ৰীৰ বিশেষ আঁচনিৰ অন্তৰ্গত দাৰিদ্ৰ্য সীমাৰেখাৰ তলৰ শিক্ষাৰ্থীসকলৰ নামভৰ্তিৰ ৰেহাই মাচুল আজি ডি বি টিৰ জৰিয়তে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে বিদ্যালয়সমূহক আনুষ্ঠানিকভাৱে দিছপুৰৰ জনতা ভৱনত আয়োজিত এক অনুষ্ঠানত প্ৰদান কৰে।

উল্লেখ্য যে এইবেলি ২০২৪ বৰ্ষৰ একাদশ আৰু দ্বাদশ শ্ৰেণীৰ সৰ্বমুঠ ২,৫০,৮৯৯ গৰাকী শিক্ষাৰ্থীৰ বিপৰীতে চৰকাৰী আৰু প্ৰাদেশীকৃত ১,১৪৫খন উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ ১৮ কোটি টকাৰ ধনৰাশি ডি বি টিৰ জৰিয়তে এই আঁচনিৰ অধীনত প্ৰদান কৰা হয়। উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰা অসম চৰকাৰৰ শিক্ষা আদি বিভাগৰ মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে উল্লেখ কৰে যে অসম চৰকাৰে নিৰন্তৰভাৱে প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীয়ে যাতে দ্বিধাহীনভাৱে গুণগত শিক্ষা গ্ৰহণ কৰিব পাৰে, তাৰ প্ৰতি লক্ষ্য ৰাখি শিক্ষা বিভাগে শিক্ষাৰ্থীসকলৰ বাবে বিভিন্ন কৰ্মসূচী আৰু আঁচনি গ্ৰহণ কৰি আহিছে।

মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে অহা বছৰৰ ভিতৰত প্ৰতিখন বিদ্যালয়ত স্মাৰ্ট ক্লাছৰুম নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰি তোলাৰ লক্ষ্য হাতত লোৱা হৈছে, যাৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলে প্ৰযুক্তিৰ সহায়ত শিক্ষাগ্ৰহণৰ সুবিধা লাভ কৰিব পাৰিব। ইয়াৰ উপৰি মন্ত্ৰীগৰাকীয়ে আৰু কয় যে অতি সোনকালে শিক্ষাগুৰুসকলৰ সুবিধাৰ্থে প্ৰথম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ ইউটিউব (youTube)ৰ মাধ্যমেৰে সকলো শ্ৰেণীৰ পাঠ উপলব্ধ কৰোৱা হ’ব, যাতে সকলো মুহূৰ্ততে শিক্ষাৰ্থী বা শিক্ষকসকলে নখদৰ্পণতে বাটন (button) তিপিয়ে যিকোনো বিষয়ৰ পাঠ গ্ৰহণ কৰিব পাৰিব।

অনুষ্ঠানত উপস্থিত থকা বিদ্যালয়সমূহৰ অধ্যক্ষ তথা শিক্ষক-শিক্ষয়িত্ৰীসকলক উদ্দেশ্যি মন্ত্ৰীগৰাকীয়ে আৰু কয় যে বিভিন্ন সময়ত মাধ্যমিক পৰ্যায়ত শিক্ষকৰ নাটনিৰ কথা উত্থাপন হোৱা পৰিলক্ষিত হয়, এইক্ষেত্ৰত তেওঁ প্ৰতিগৰাকী শিক্ষাগুৰুকে নিৰ্দিষ্ট ৱেবচাইটত গৈ তেওঁলোকৰ দাতাসমূহ সম্পূৰ্ণকৈ উপলব্ধ কৰাবলৈ কয় আৰু এই প্ৰক্ৰিয়াত বিদ্যালয় প্ৰধানসকলক তেওঁলোকৰ দাতাসমূহ সত্যাপন কৰিবলৈ পৰামৰ্শ দিয়ে। এই কাৰ্যৰ দ্বাৰা শিক্ষা বিভাগে শিক্ষক নিযুক্তি বা বাছনিৰ সময়ত বিভাগ অনুসৰি শিক্ষক নিযুক্তি দিয়াত সহায়ক হ’ব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। অনাগত দিনত বিদ্যালসমূহত চতুৰ্থ বৰ্গৰ কৰ্মচাৰী নিয়োগৰ ক্ষেত্ৰত বিদ্যালসমূহক বিত্ত বিভাগৰ নিয়মাৱলী অনুসৰি বাহ্যিক উৎস (Out sourcing)ৰ ব্যৱস্থা কৰি দিব, যাৰ জৰিয়তে বাছনি প্ৰক্ৰিয়াত স্থানীয় যুৱক-যুৱতীয়ে নিয়োগৰ সুবিধা লাভ কৰিব। মন্ত্ৰীগৰাকীয়ে প্ৰতিগৰাকী শিক্ষাগুৰুক শিক্ষা সেতু এপৰ ব্যৱহাৰ ত্বৰান্বিত কৰি শিক্ষা বিভাগত হৈ থকা যুগান্তৰকামী পৰিৱৰ্তনৰ অংশ হ’বলৈ আহ্বান জনায়।
আজিৰ এই অনুষ্ঠানত বিদ্যালয় শিক্ষা বিভাগৰ সচিব নাৰায়ণ কোঁৱৰ, মাধ্যমিক শিক্ষা বিভাগৰ সঞ্চালক মমতা হোজাই প্রমুখ্যে বিভাগীয় বিষয়াসকল আৰু বিভিন্ন বিদ্যালয়ৰ পৰা অহা শিক্ষক আৰু অধ্যক্ষসকল উপস্থিত থাকে।

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.