শেহতীয়া আপডেটঃ

কলকাতা ভ্ৰমণ ✒️ৰিতুপৰ্ণা আভা

হলটোৰ বাহিৰ ভাগ কিছু ঘূৰা-ফুৰা কৰি খবৰ কৰিলোঁ সন্ধিয়া অনুষ্ঠিত হ'বলগীয়া "light & sound show" ৰ বিষয়ে। তেতিয়ালৈ চাৰে পাঁচমান বাজিছে । হাতত এঘণ্টামান সময় আছে । গতিকে সময়ৰ সদ্ব্যৱহাৰ কৰি কেথাদ্ৰেলৰ সন্মুখৰ ৰস্তাটোৰে কিছু খোজ কাঢ়ি এই চেগতে কেথাদ্ৰেলো দৰ্শন কৰিলোঁ

১৫/০৪/২০২৫
কলকাতা ভ্ৰমণৰ আটাইতকৈ ভাল লগা সময়কণ আছিল “ভিক্টোৰিয়া মেমৰিয়েল হল”ত কটোৱা সময়কণ । দিনৰ আঢ়ৈমান বজাত তাত প্ৰৱেশ কৰি প্ৰায় ৩ ঘণ্টা গোটেই হলটো ঘূৰি-পকি চালোঁ। ব্ৰিটিছ শাসনৰ ঐতিহ্য বহন কৰা এই হলটোৰ প্ৰতিটো চুকে-কোণে খোদিত হৈ আছে স্মৃতি সংৰক্ষণ কৰিব জনা জাতি এটাৰ ৰুচি আৰু পৰাক্ৰমৰ কাহিনী।May be an image of 4 people and text that says "F90153 5 F90 NOREFUSAL NO REFUSAL"
হলটোৰ বাহিৰ ভাগ কিছু ঘূৰা-ফুৰা কৰি খবৰ কৰিলোঁ সন্ধিয়া অনুষ্ঠিত হ’বলগীয়া “light & sound show” ৰ বিষয়ে। তেতিয়ালৈ চাৰে পাঁচমান বাজিছে । হাতত এঘণ্টামান সময় আছে । গতিকে সময়ৰ সদ্ব্যৱহাৰ কৰি কেথাদ্ৰেলৰ সন্মুখৰ ৰস্তাটোৰে কিছু খোজ কাঢ়ি এই চেগতে কেথাদ্ৰেলো দৰ্শন কৰিলোঁ ।
May be an image of 4 people and monument
চাৰে ছয় বজাৰ আগে আগে ভিক্টোৰিয়া মেমৰিয়েলত পুনৰ প্ৰৱেশ কৰিলোঁ পোহৰ আৰু শব্দৰ প্ৰদৰ্শনী চাবলৈ বুলি । মুকলি আকাশৰ তলত শাৰী শাৰী চকী । যাৰ য’ত যেনেকৈ মন বহিব পাৰে । সন্মুখত বিশাল ভিক্টোৰিয়া মেমৰিয়েল। ঠিক চাৰে ছয় বজাত সকলো লাইট নুমুৱাই দিয়া হ’ল। দিনত হেঁপাহ পলুৱাই চোৱা ভিক্টোৰিয়া মেমোৰীয়েল জিলিকি উঠিল অন্য এক ৰূপত । পোহৰৰ যাদুৰে দেখুৱাই গ’ল কলকাতাৰ অনেক কাহিনী, কিছু ইতিহাস আৰু কিছু কলিকতাৰ মৰ্মগাঁথা । চকুৰ পলক নেপেলোৱাকৈ ৪০ মিনিট পাৰ কৰিলোঁ । সময় কেনি পাৰ হ’ল গমেই নাপালোঁ ।
এই “light & sound show”টো নাচালে, কলকাতা ভ্ৰমণ আধৰুৱা হৈ ৰ’লহেঁতেন
album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.