১৫/০৪/২০২৫
কলকাতা ভ্ৰমণৰ আটাইতকৈ ভাল লগা সময়কণ আছিল “ভিক্টোৰিয়া মেমৰিয়েল হল”ত কটোৱা সময়কণ । দিনৰ আঢ়ৈমান বজাত তাত প্ৰৱেশ কৰি প্ৰায় ৩ ঘণ্টা গোটেই হলটো ঘূৰি-পকি চালোঁ। ব্ৰিটিছ শাসনৰ ঐতিহ্য বহন কৰা এই হলটোৰ প্ৰতিটো চুকে-কোণে খোদিত হৈ আছে স্মৃতি সংৰক্ষণ কৰিব জনা জাতি এটাৰ ৰুচি আৰু পৰাক্ৰমৰ কাহিনী।

হলটোৰ বাহিৰ ভাগ কিছু ঘূৰা-ফুৰা কৰি খবৰ কৰিলোঁ সন্ধিয়া অনুষ্ঠিত হ’বলগীয়া “light & sound show” ৰ বিষয়ে। তেতিয়ালৈ চাৰে পাঁচমান বাজিছে । হাতত এঘণ্টামান সময় আছে । গতিকে সময়ৰ সদ্ব্যৱহাৰ কৰি কেথাদ্ৰেলৰ সন্মুখৰ ৰস্তাটোৰে কিছু খোজ কাঢ়ি এই চেগতে কেথাদ্ৰেলো দৰ্শন কৰিলোঁ ।

চাৰে ছয় বজাৰ আগে আগে ভিক্টোৰিয়া মেমৰিয়েলত পুনৰ প্ৰৱেশ কৰিলোঁ পোহৰ আৰু শব্দৰ প্ৰদৰ্শনী চাবলৈ বুলি । মুকলি আকাশৰ তলত শাৰী শাৰী চকী । যাৰ য’ত যেনেকৈ মন বহিব পাৰে । সন্মুখত বিশাল ভিক্টোৰিয়া মেমৰিয়েল। ঠিক চাৰে ছয় বজাত সকলো লাইট নুমুৱাই দিয়া হ’ল। দিনত হেঁপাহ পলুৱাই চোৱা ভিক্টোৰিয়া মেমোৰীয়েল জিলিকি উঠিল অন্য এক ৰূপত । পোহৰৰ যাদুৰে দেখুৱাই গ’ল কলকাতাৰ অনেক কাহিনী, কিছু ইতিহাস আৰু কিছু কলিকতাৰ মৰ্মগাঁথা । চকুৰ পলক নেপেলোৱাকৈ ৪০ মিনিট পাৰ কৰিলোঁ । সময় কেনি পাৰ হ’ল গমেই নাপালোঁ ।
এই “light & sound show”টো নাচালে, কলকাতা ভ্ৰমণ আধৰুৱা হৈ ৰ’লহেঁতেন



