শেহতীয়া আপডেটঃ

দুশ এবছৰত ভৰি দিলে উত্তৰ গুৱাহাটীৰ ‘ন-গোঁসাই হাউলীৰ দুৰ্গা পূজা’

জাকজমকতা বিহীন ভাবে আধ্যাত্মিকতাৰে পৰিবেশত সম্পন্ন কৰা হ’ব পূজা

অসমত শক্তি পূজাৰ পৰম্পৰা প্ৰাচীন কালৰে পৰা চলি আহিছে যদিও ৰাজহুৱা দুৰ্গা পূজা অনুষ্ঠিত এটা শতিকাৰ পূৰ্বে আৰম্ভ হৈছিল। ১৮৮৯ চনৰ পৰা অসমত ৰাজহুৱা স্থানত দুৰ্গা পূজা কৰা হৈছিল বুলি জানিব পৰা গৈছে। আহোম ৰাজ পৰিয়ালৰ পৰা পূজা ভাগ ৰাইজৰ মাজলৈ উলিয়াই দিয়াত প্ৰথমতেই উজান বজাৰৰ বাৰোৱাৰীত ৰাইজৰ উদ্যোগত দুৰ্গা পূজা অনুষ্ঠিত কৰা হয়। ইয়াৰ পূৰ্বে অসমত দেৱীৰ দেৱালয় আৰু কিছু সম্ভ্ৰান্ত পৰিয়ালত শাৰদীয় দুৰ্গা পূজা অনুষ্ঠিত হৈছিল। আহোম ৰাজপৰিয়ালৰ পৃষ্ঠপোষকতা লাভ কৰা ৰাজপুৰোহিত-পুৰোহিত সকল লগতে ডা-ডাঙৰীয়াসকলে ব্যক্তিগত ভাবে দুৰ্গা পূজা পাতিবলৈ আৰম্ভ কৰে। বৃটিছৰ আমোলত বহু বঙালী পৰিয়ালে দুৰ্গা কৰিবলৈ লোৱাত অসমত দুৰ্গা পূজাৰ প্ৰচলন বৃদ্ধি পাবলৈ ধৰে।

উল্লেখ্য যে অসমত ডেৰশ-দুশ বছৰ অতিক্ৰম কৰা বহু দুৰ্গা পূজা আছে। তেনেকুৱা এখন পূজা হৈছে উত্তৰ গুৱাহাটী ৰজাদুৱাৰৰ ন-গোসাঁই পৰিয়ালৰ দুৰ্গা পূজা ভাগ। স্বৰ্গদেউ লক্ষ্মী কান্ত সিংহৰ দীক্ষা গুৰু ন-গোঁসাই পৰিয়ালৰ আচাৰ্য ৰমানন্দৰ সৰুজনা পুত্ৰ গংগেশ্বৰ গোসাঁইৰ বংশধৰ মৌজাদাৰ প্ৰয়াত গোবিন্দেশ্বৰ গোস্বামীৰ পৰিয়াল বৰ্গই পুৰণি পৰম্পৰা অব্যাহত ৰাখি সাত্ত্বিক পৰিবেশত দুৰ্গা পূজা আজিও কৰি আহিছে। এই পূজাভাগ ব্ৰিটিছৰ অসম আগমনৰ সময়ৰে পৰা অনুষ্ঠিত হোৱা বুলি অনুমান কৰা হয় কিয়নো ১৮১৮ খ্ৰীষ্টাব্দত হোৱা মানৰ তৃতীয় আক্ৰমণৰ সময়ত স্বৰ্গদেউ সকলে দা ডাঙৰীয়া সকলৰ সৈতে নামনি অসমলৈ পলায়ন কৰিব লগীয়া হৈছিল।সেই সময়ত মাজুলীৰ পহুমাৰা অঞ্চলৰ পৰা স্বৰ্গদেও চন্দ্ৰকান্ত সিংহৰ দীক্ষা গুৰু ন-গোঁসাই পৰিয়ালেও ৰজাৰ সৈতে নামনি অসমলৈ আহে।পৰৱৰ্তী সময়ত ন-গোঁসাই পৰিয়ালৰ বাৰ জনা আৰু মাজুজনা গোসাঁইৰ পৰিয়াল বৰ্গ পুনৰ উজনি অসমলৈ উভতি গৈ দেৰগাঁৱত স্থায়ী ভাবে থাকিবলৈ লয়। আনহাতে সৰুজনা ন-গোসাঁইৰ পৰিয়াল বৰ্গই উত্তৰ গুৱাহাটীৰ ৰজা দুৱাৰত থাকিবলৈ লয়।

উত্তৰ গুৱাহাটীত ন-গোসাঁই পৰিয়াল যোগেশ্বৰ গোস্বামীৰ দিনৰ পৰা পূজা ভাগ নিৰবিচ্ছিন্নভাৱে কৰি অহা হৈছে। উত্তৰ গুৱাহাটীত বসতি কৰা ন-গোসাঁই পৰিয়ালটোৱে শাক্ত আৰু শৈৱ পন্থা মানি চলে। ন-গোসাঁই পৰিয়ালৰ উজনি অসমৰ দেৰগাঁৱৰ ডাঙৰজনা আৰু মাজুজনা গোসাঁইৰ পৰিয়াল বৰ্গই নিজ পৰম্পৰা অক্ষুন্ন ৰাখি বৰ্তমানেও শাৰদীয় দুৰ্গোৎসৱ উদযাপন কৰি আহিছে।

উত্তৰ গুৱাহাটীৰ ন-গোসাঁই পৰিয়ালৰ দুৰ্গা পূজাই এইবেলি দুশ বছৰ অতিক্ৰম কৰিব। অসমত বৃটিছ সাম্ৰাজ্যই খোপনি পোতাৰ পূৰ্বে ১৮২৩ চনৰ পৰা সৰুজনা গোসাঁয়ে নিগাজীকৈ থাকিবলৈ লোৱা উত্তৰ গুৱাহাটী ৰজাদুৱাৰৰ গোসাঁই হাউলীত দুৰ্গা পূজা অনুষ্ঠিত কৰি আহিছে। আজি মাজুলীত দুৰ্গাপূজা পতাকলৈ বিতৰ্ক চলি আছে যদিও ন-গোসাঁই পৰিয়ালটো মাজুলীৰ পহুমৰাত থকা সময়ত তাতো দুৰ্গা পূজা আহোম ৰজাৰ পৃষ্ঠপোষকতাত অনুষ্ঠিত কৰি অহা বুলি পৰিয়ালটোৱে জানিবলৈ দিছে।


ইতিহাস সমৃদ্ধ উত্তৰ কামৰূপৰ প্ৰাচীনতম এই পূজাভাগে বৰ্তমানেও বিশেষ প্ৰচাৰ লাভ কৰা নাই। বৰ্তমান মৌজাদাৰ প্ৰয়াত গোৱিন্দেশ্বৰ গোস্বামীৰ পৰিয়ালবৰ্গই গাম্ভীৰ্যপূৰ্ণ পৰিৱেশ, বৈদিক আৰু তান্ত্ৰিক শাক্তধৰ্মৰ ৰীতি নীতি অনুসৰি পূজা প্ৰতি বছৰে অনুষ্ঠিত কৰা হয়। বৰ্তমান বাৰোৱাৰী পূজাবোৰত দেখা পোৱা প্ৰতিযোগিতাৰ পৰা এই পূজাভাগ সম্পূৰ্ণ মুক্ত। ন-গোসাঁই পৰিয়ালৰ পূজাত সদায় বৈদিক আৰু আধ্যাত্মিক বিষয়ৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰা হয়। পূৰ্বে ন-গোসাঁই পূজাত বলি-বিধান আছিল যদিও ১৮৮০ দশকত বলি-বিধান প্ৰথা বন্ধ কৰা হয়।

১৯০১ চনৰ পৰা ন-গোসাঁই পৰিয়ালৰ পূজাত মাটিৰ প্ৰতিমা পূজা প্ৰচলন হয়। উল্লেখযোগ্য যে এই পূজা ভাগৰ প্ৰতিমা নিৰ্মাণৰ বাবেই অসমৰ এগৰাকী প্ৰসিদ্ধ ভাস্কৰ্য শিল্পী ৰমেশ চন্দ্ৰ ঘোষ পিতৃ নবীন ঘোষক বংগ দেশৰ পৰা ১৯০১ চনত অসমলৈ আনিছিল মৌজাদাৰ গোবিন্দেশ্বৰ গোস্বামীয়ে।তেখেতে মাটি বাৰী দি উত্তৰ গুৱাহাটীত সংস্থাপিত কৰা নবীন ঘোষৰ পৰিয়ালটি আজিও সম্পূৰ্ণ অসমীয়া পৰিয়াল হিচাবে অসমত প্ৰতিষ্ঠিত হৈ বাস কৰি আছে।

বৃহত্তৰ উত্তৰ গুৱাহাটী আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলৰ বাৰোৱাৰী দুৰ্গা পূজাৰ ইতিহাস বিচাৰিলে উত্তৰ গুৱাহাটীৰ দ্বিতীয়খন দুৰ্গা পূজা বৰ্তমান শিলসাঁকোৰ প্ৰাগজ্যোতিষ কলা পৰিষদৰ পূজা। ৰাইজে, সাৰ্বজনীনভাৱে এই পূজাভাগ পালন কৰি আহিছে। ১৯৪১-৪২ বৰ্ষত ৰংমহলৰ ৰাইজে নিজাকৈ বাৰোৱাৰী দুৰ্গা পূজা আৰম্ভ কৰে। ইয়াৰ পূৰ্বে ৰংমহলৰ ৰাইজেও ন-গোসাঁই পৰিয়ালৰ পূজাত সহযোগিতা আগবঢ়াইছিল। ইয়াৰ ঠিক তিনি বছৰ পিছত মনিকৰ্ণেশ্বৰ ৰাইজেও ন-গোসাঁই পৰিয়াল পৰা পৃথকে নিজাববীয়াকৈ বাৰোৱাৰী পূজা আয়োজন কৰিবলৈ লয়। একেদৰে ১৯৭৬ চনত ন-গোসাঁই পৰিয়াল লগত থকা ৰাইজৰ গড়মূৰ সত্ৰৰ ঠালটোৰ উদ্যোগত নিজাকৈ সদৌ উত্তৰ গুৱাহাটী বাৰোৱাৰী পূজা নামেৰে পূজা ভাগ আৰম্ভ কৰে। বৰ্তমান এই পূজাভাগৰ ৰাবণ দহণ আকৰ্ষণীয় হৈ উঠিছে। ৰাবণ দহণ চাবলৈ বছৰি হাজাৰ হাজাৰ ভক্তৰ সমাগম হয়।
এসময়ত উত্তৰ গুৱাহাটীত ন-গোসাঁই পূজাখনকে ৰজাদুৱাৰ, শিলসাঁকো, ৰূদ্ৰেশ্বৰ, ৰংমহল, অভয়পুৰ, মনিকৰ্ণেশ্বৰ, মাজগাওঁ, কটাবজাৰ, অভয়পুৰ, বিহলঙনী অঞ্চলৰ ৰাইজে উপভোগ কৰিছিল যদিও কালক্ৰমত জনসংখ্যা বৃদ্ধিৰ বাবে আঞ্চলিক ভিত্তিত দুৰ্গা পূজা অনুষ্ঠিত কৰিবলৈ লয়।

বৰ্তমান কলেজ চ’ক, ঘোঁৰামাৰা আৰু শেহতীয়া নিশাপূৰীয়া খেলপথাৰ মাজগাওঁটো আৰম্বৰপূৰ্ণ ভাবে দুৰ্গোৎসৱ অনুষ্ঠিত হয়। আনহাতে পৰিয়াল নীতি নিয়ম, লোকাচাৰ পালন কৰি ন-গোসাঁই পূজা পৰিয়ালটোৱে পালন কৰি আহিছে। এই ন-গোসাঁই পূজাত বাহ্যিকতাক পৰিহাৰ কৰি আধ্যাত্মিকতাক গুৰুত্ব দিয়া হয়। ২০২৩ বৰ্ষত ২০০ বছৰীয়া উদযাপনৰ সৈতে সংগতি ৰাখি আয়োজিত অনুষ্ঠানত অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা উপস্থিত হৈ মহানৱমী পূজাত দেৱী দুৰ্গাৰ চৰণত শৰণ লৈ সেৱা নিবেদন কৰে। আমাৰ পৰিয়ালৰ মা, বৰমা জেষ্ঠসকলে কৰ্মোদ্যমী মুখ্যমন্ত্ৰী গৰকীক তেখেতৰ মহান কৰ্মৰাজিৰে দেশৰ প্ৰধানমন্ত্ৰীৰ আসন সুশোভিত কৰিবলৈ আশীৰ্বাদ দি দেৱী মাৰ চৰণ সেৱা আগবঢ়াই প্ৰাৰ্থনা জনায়।
এই বেলি ন-গোসাঁই পৰিয়ালৰ দুৰ্গা পূজা ভাগে ২০১ বছৰত ভৰি দিছে। এইবাৰো আধ্যাত্মিক পৰিবেশত পূজা ভাগ অনুষ্ঠিত কৰা হ’ব।

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.