শেহতীয়া আপডেটঃ

আঘাতৰ পাছত গুৱাহাটীত সাঁতোৰ খেলুৱৈ ভূমিঃ চতুৰ্থ খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছত ৩টাকৈ পদক লাভ

আঘাতৰ দীঘলীয়া বিৰতিৰ পিছত সফল প্ৰত্যাৱৰ্তন কৰি চলিত চতুৰ্থ খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছত তিনিটাকৈ পদক লাভ কৰিলে চণ্ডীগড় বিশ্ববিদ্যালয়ৰ সাঁতোৰ খেলুৱৈ ভূমি গুপ্তাই৷ উল্লেখ্য যে যোৱা বছৰ মধ্যপ্ৰদেশত অনুষ্ঠিত খেলো ইণ্ডিয়া ইউথ গেমছৰ সময়তে গুৰুতৰ আঘাত পাইছিল ভূমিয়ে৷ পৰবৰ্তী সময়ত কান্ধত পোৱা আঘাতৰ বাবে অস্ত্ৰোপচাৰৰো প্ৰয়োজন হৈছিল৷ প্ৰায় নমাহ ধৰি খেলৰ পৰা আঁতৰি আছিল ১৮ বছৰীয়া ভূমি৷

নতুন আশাৰে এইবাৰ গুৱাহাটীত হোৱা চতুৰ্থ খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছত অংশ লয় বিলাসপুৰত জন্মগ্ৰহণ কৰা সাঁতোৰবিদগৰাকীয়ে৷ উল্লেখ্য যে চণ্ডীগড় বিশ্ববিদ্যালয়ক প্ৰতিনিধিত্ব কৰি ভূমিয়ে সাঁতোৰ প্ৰতিযোগিতাৰ অন্তিম দিনটোত এটাকৈ সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক লাভ কৰি নতুন যাত্ৰাৰ চমকপ্ৰদ আৰম্ভণি কৰে৷

সৰুসজাই ক্ৰীড়া প্ৰকল্পৰ ডাঃ জাকিৰ হুছেইন একুৱাটিক কমপ্লেক্সত অনুষ্ঠিত প্ৰতিযোগিতাত নতুন দিল্লীৰ এছ এ আই-গ্লেনমাৰ্ক চেণ্টাৰৰ প্ৰশিক্ষাৰ্থী ভূমিয়ে ২০০ মিটাৰ ব্যক্তিগত মেডলীত ২:৩২.৪৩ ছেকেণ্ড সময়ৰে সোণৰ পদক লাভ কৰাৰ পিছত ১০০ মিটাৰ ফ্ৰীষ্টাইলত ব্ৰঞ্জ আৰু ১০০ ফ্ৰীষ্টাইল ৰিলেত ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হয়৷

ভূমি গুপ্তাই পদক লাভ কৰি উল্লেখ কৰে যে, ‘আঘাতৰ পিছৰ সময়ছোৱা মোৰ বাবে আৱেগিক তথা অতি কঠিন আছিল৷ কিন্তু মই আশা হেৰুওৱা নাছিলো৷ ন মাহৰ বিৰতিৰ পাছত টলকাতোৰা ষ্টেডিয়ামত প্ৰশিক্ষক পাৰ্থ প্ৰতিম মজুমদাৰৰ অধীনত পুনৰ প্ৰশিক্ষণ আৰম্ভ কৰিছিলো৷ মোৰ লক্ষ্য আছিল খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছত অংশ লৈ পদক জয় কৰা৷ এই গেমছত অংশগ্ৰহণ কৰাৰ যোগ্যতা অৰ্জনৰ বাবে প্ৰথমে মই সৰ্বভাৰতীয় বিশ্ববিদ্যালয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অংশ লৈছিলো আৰু পদক জয় কৰাত সফলো হৈছিলো৷’ তেওঁ লগতে কয়, গৃহ চহৰতে প্ৰাক্তন জুনিয়ৰ আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ জগদীশ বানিকৰ অধীনত তৃতীয় মানত পঢ়ি থকাৰ সময়তে সাঁতোৰ খেলৰ প্ৰশিক্ষণ লৈছিলো৷ ‘আঘাতৰ পৰা উভতি অহাৰ পিছত মোৰ মনে বিচাৰিছিল নিজৰ দক্ষতাক ৰাষ্ট্ৰীয় স্তৰত প্ৰমাণ কৰিবলৈ৷ সেয়ে মই আত্মবিশ্বাসী আৰু দৃঢ়তা লৈ গুৱাহাটীলৈ আহিছো৷ এই সফলতা মোৰ বাবে নতুন অনুপ্ৰেৰণা৷’

চলিত বৰ্ষৰ জুলাইত অনুষ্ঠিত হ’বলগীয়া ছিনিয়ৰ ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপত অংশ লোৱাৰ বাবে সাজু হৈছে ভূমি৷ ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপত পদক লাভ কৰি ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰা আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশ লোৱাৰ সপোন বাস্তৱ কৰিবলৈ আশাবাদী ভূমি গুপ্তা৷

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.