শেহতীয়া আপডেটঃ

বিশ্বনাথত ড০ বাণীকান্ত কাকতি মেধা বঁটাৰ স্কুটী বিতৰণ শুভাৰম্ভ কেবিনেট মন্ত্ৰীৰ

বিশ্বনাথত ড০ বাণীকান্ত কাকতি মেধা বঁটাৰ স্কুটী বিতৰণ শুভাৰম্ভ কেবিনেট মন্ত্ৰীৰ

 

শৈক্ষিক যাত্ৰাত অধিক মনোনিবেশ কৰিবলৈ ছাত্ৰ ছাত্ৰীসকলক মন্ত্ৰী কেশৱ মহন্তৰ আহ্বান

বিশ্বনাথৰ ৮০৪ গৰাকী ছাত্ৰ ছাত্ৰী উগকৃত হ’ব এই অভিলাষী আঁচনিৰ দ্বাৰা

বিশ্বনাথ চাৰিআলি, ৩০ নৱেম্বৰ :_ ছাত্ৰ-ছাত্ৰীসকলৰ জ্ঞান অন্বেষণৰ যাত্ৰা সুগম কৰি তোলাৰ উদ্দেশ্যৰে অসম চৰকাৰৰ উচ্চ শিক্ষা বিভাগে ৰূপায়ন কৰা ড০ বাণীকান্ত কাকতি মেধা বঁটাৰ অংশৰূপে আজি বিশ্বনাথ জিলাৰ মেধা সম্পন্ন ৮০৪ গৰাকী ছাত্ৰ ছাত্ৰীৰ মাজত স্কুটী বিতৰন কৰা হয় ।

উল্লেখ্য যে, প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত ২০২৩ বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাত বিশ্বনাথ জিলাখনৰ অন্তৰ্গত উচ্চতৰ মাধ্যমিকত প্ৰথম বিভাগত উত্তীৰ্ণ ছাত্ৰী আৰু ৭৫% বা ততোধিক নম্বৰ পাই উত্তীৰ্ণ হোৱা ছাত্ৰক প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত স্কুটী সমূহ বিতৰণ কৰা হয় । বিশ্বনাথ জিলাৰ বৰগাংস্হিত শ্ৰীমন্ত শংকৰদেৱ প্ৰেক্ষাগৃহত আজি দিনৰ ১১ বজাত অনুষ্ঠিত এক বিশেষ অনুষ্ঠানত স্কুটী বিতৰণৰ কাৰ্যসূচীত মুখ্য অতিথিৰূপে উপস্থিত থাকি স্কুটী বিতৰণ শুভাৰম্ভ কৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, বিজ্ঞান আৰু প্ৰযুক্তি, তথ্য প্ৰযুক্তি তথা চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই ।

ছাত্ৰ-ছাত্ৰীসকলৰ জ্ঞান অন্বেষণৰ যাত্ৰা সুগম কৰি তোলাৰ অবিৰত প্ৰয়াসত সমৰ্পিত জনপ্ৰিয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে ইতিমধ্যে উচ্চতৰ মাধ্যমিকত প্ৰথম বিভাগত উত্তীৰ্ণ ছাত্ৰী আৰু ৭৫% বা ততোধিক নম্বৰ পাই উত্তীৰ্ণ হোৱা ছাত্ৰক প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত প্ৰদান কৰা স্কুটীসহ এই বঁটাক অসমীয়া সাহিত্য আৰু সংস্কৃতিৰ একনিষ্ঠ সেৱক, গৱেষক, ভাষাবিদ তথা কলিকতাৰ প্ৰেচিডেন্সী কলেজৰ পৰা ইংৰাজী বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা ড° বাণীকান্ত কাকতিৰ নামত প্ৰদান কৰা হৈছে। উল্লেখ্য যে, বিশ্বনাথ জিলাত এইবেলি মুঠ ৮০৪ গৰাকী ছাত্ৰ ছাত্ৰীয়ে ড° বাণীকান্ত কাকতি মেধা বঁটা প্ৰাপ্ত কৰিবলৈ সক্ষম হৈছে।

ইয়াৰে ১৬২ জন ছাত্ৰ আৰু ছাত্ৰী ৬৪২ গৰাকী।

এয়া জিলাখনৰ বাবে এক আশাৰ বতৰা বুলি অভিহিত কৰি কেবিনেট মন্ত্ৰী কেশৱ মহন্তই বঁটা প্ৰাপ্ত কৰি পিতৃ-মাতৃ আৰু জিলাখনক গৌৰৱান্বিত কৰা ছাত্ৰ ছাত্ৰীসকলক অভিনন্দন জ্ঞাপন কৰে আৰু অনাগত দিনত এনে প্ৰাপ্তিৰ দ্বাৰা অনুপ্ৰাণিত হৈ নিজৰ শৈক্ষিক যাত্ৰাত অধিক মনোনিবেশ কৰিবলৈ আৰু ইয়াতকৈয়ো ভাল ফলাফল দেখুৱাবলৈ সক্ষম হ’ব বুলি আশা প্ৰকাশ কৰে। নাতিদীৰ্ঘ ভাষণত মন্ত্ৰী গৰাকীয়ে লগতে কয় যে, অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কোনো ছাত্ৰ ছাত্ৰীকে বিদ্যালয়লৈ নোযোৱালৈকে থাকিবলৈ দিয়া নাই। অসম চৰকাৰে ছাত্ৰ-ছাত্ৰীৰ বৌদ্ধিক উত্তৰণৰ প্ৰতি লক্ষ্য ৰাখি অনেক আঁচনি গ্ৰহণ কৰিছে। বিনামূলীয়া নামভৰ্তিকৰণ, হোষ্টেলৰ আৱাসী ছাত্ৰ-ছাত্ৰীসকলক এককালীন সাহাৰ্য্য, ছাত্ৰ ছাত্ৰীসকলৰ কিতাপ ক্ৰয়ৰ বাবে আৰ্থিক সকাহ প্ৰদানো কৰি আহিছে। তেওঁআৰু কয় যে, ছাত্ৰ ছাত্ৰী সকল পৰিয়াল আৰু সমাজৰ বোজা হ’ব নালাগে, তেওঁলোকক ভবিষ্যতে দেশ, জাতি আৰু সমাজৰ একো একোজন সম্পদ হ’বলৈ আহ্বান জনালে।

 


চৰকাৰে বিতৰণ কৰা স্কুটী হওঁক বা লেপটপ হওঁক, এয়া ছাত্ৰ ছাত্ৰীৰ সময় আৰু যোগাযোগৰ উন্নত মাধ্যম হিচাপে পৰিগণিত কৰিবলৈ মন্ত্ৰী গৰাকীয়ে আহ্বান জনালে।

মুখ্য অতিথি তথা কেবিনেট মন্ত্ৰী কেশৱ মহন্ত প্ৰমুখ্যে সন্মানীয় অতিথি সকলে বন্তি প্ৰজ্বলন কৰা এই অনুষ্ঠানত বিশ্বনাথৰ জিলা আয়ুক্ত ডাঃ নেহা যাদৱে আদৰণি ভাষণ প্ৰদান কৰে। অনুষ্ঠানটিত ছাত্ৰ ছাত্ৰীসকলক উদেশ্যি বহুমূলীয়া ভাষণ প্ৰদান কৰে বিহালী সমষ্টিৰ বিধায়ক ৰঞ্জিত দত্ত আৰু গহপুৰ সমষ্টিৰ বিধায়ক উৎপল বৰাইও বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকি নাতিদীৰ্ঘ ভাষণ প্ৰদান কৰে । আজিৰ অনুষ্ঠানটিত প্ৰাক্তন মন্ত্ৰী তথা বীজ নিগমৰ অধ্যক্ষ প্ৰবীণ হাজৰিকা, আৰক্ষী অধীক্ষক শুভাশীষ বৰুৱা, বিশ্বনাথ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া দিগন্ত বৈশ্য, অতিৰিক্ত জিলা আয়ুক্ত ধ্ৰুৱজ্যোতি দাস, অতিৰিক্ত জিলা আয়ুক্ত তথা গহপুৰ মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি লুকুমনি বৰা, বিশ্বনাথ মহাবিদ্যালয়ৰ অধ্যক্ষ তথা নোডেল বিষয়া ড০ চিন্তামনি শৰ্মা, বিশ্বনাথৰ চক্ৰ বিষয়া তৃষ্ণা মিপুন, সহকাৰী আয়ুক্তসকল ক্ৰমে মাধুৰ্য পৰাশৰ, পুষ্পাংকৰ পাতিৰ, বিচিত্ৰা দাস আৰু চয়নিকা হাজৰিকা, জিলাখনৰ শিক্ষা বিভাগৰ অন্যান্য বিষয়া আৰু কৰ্মচাৰীসকলৰ উপৰিও অভিভাৱক, ছাত্ৰ ছাত্ৰী তথা ভালেসংখ্যক সন্মানীয় ব্যক্তি উপস্থিত আছিল ।

আজিৰ বিশেষ অনুষ্ঠানটিত আনুষ্ঠানিক ভাৱে ছয় গৰাকী ছাত্ৰ ছাত্ৰীক স্কুটী প্ৰদান কৰা হয়। স্কুটী লাভ কৰা বিশ্বনাথ জিলাৰ ছাত্ৰ ছাত্ৰীসকলক প্ৰথমে তেওঁলোকৰ উচ্চতৰ মাধ্যমিকৰ ফলাফল আৰু আন নথি পত্ৰৰ আধাৰত প্ৰশস্তি পত্ৰ প্ৰদান কৰা হয়। আজিৰ অনুষ্ঠানত ৬ গৰাকী ছাত্ৰ ছাত্ৰী ক্ৰমে ৰশ্মিতা দেৱী, নাবাৰুন দাস, ৰঞ্জিতা বৰুৱা, সন্তোষ ছেত্ৰী, অটল কুমাৰ কাৰদং আৰু দৰ্শনা কাশ্যপক আনুষ্ঠানিকভাৱে স্কুটী প্ৰদান কৰা হয়। অন্যান্য বঁটাপ্ৰাপ্ত ছাত্ৰ ছাত্ৰী সকলে সংগ্ৰহ কৰা প্ৰশস্তিপত্ৰৰ দ্বাৰা পৰ্যায়ক্ৰমে নিজৰ নিজৰ স্কুটীসমুহ প্ৰাপ্ত কৰিব পৰিব বুলি সভাত নোডেল বিষয়া ড০ চিন্তামনি শৰ্মাই প্ৰকাশ কৰে।

ভাস্কৰজ্যোতি বৰাই আঁত ধৰা এই অনুষ্ঠানটোত বিশ্বনাথ মহাবিদ্যালয়ৰ অধ্যক্ষ তথা এই সমগ্ৰ অনুষ্ঠানটোৰ নোডেল বিষয়া ড০ চিন্তামনি শৰ্মাই স্কুটী বিতৰণ প্ৰক্ৰিয়াটোৰ পৰিচালনা কৰাৰ লগতে সকলোকে শলাগ জ্ঞাপন কৰে।

উল্লেখযোগ্য অসম চৰকাৰৰ উচ্চ শিক্ষা বিভাগে প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত ২০২৩ বৰ্ষৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ ছাত্ৰী আৰু ৭৫% কৈ অধিক নম্বৰ লাভ কৰা ছাত্ৰক আনুষ্ঠানিকভাৱে স্কুটী বিতৰণ কৰাৰ এক যুগান্তকাৰী ব্যৱস্থা লৈছে। ৰাজ্যত ২০২৩ বৰ্ষত এই অভিলাষী আঁচনিৰ অধীনত মুঠ ৩৫,৭৭০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে স্কুটী পাবলৈ সক্ষম হৈছে।

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.