শেহতীয়া আপডেটঃ

মোনাবাৰীত স্বেচ্ছাসেৱী সংগঠন ৱাৰিৱৰ্ছৰ আঞ্চলিক সমিতি গঠন :
নাৰী অধিকাৰ, নাৰী সুৰক্ষাই আমাৰ লক্ষ্য : উৎপল শিৱম

মোনাবাৰীত স্বেচ্ছাসেৱী সংগঠন ৱাৰিৱৰ্ছৰ আঞ্চলিক সমিতি গঠন :
নাৰী অধিকাৰ, নাৰী সুৰক্ষাই আমাৰ লক্ষ্য : উৎপল শিৱম :

ASOM KHOBOR বিশ্বনাথ চাৰিআলি ২০ মাৰ্চ:
দেওবাৰে বিশ্বনাথ জিলা বিহালী সমষ্টিৰ মোনাবাৰী চাহ বাগিচাৰ ষ্টাফ ক্লাবত ৰাজ্য সৰ্ববৃহৎ স্বেচ্ছাসেৱী ৰাজ্যিক সংগঠন ৱাৰিৱৰ্ছৰ বিশ্বনাথ জিলা সমিতি উদ্যোগত আৰু মোনাবাৰী ৰাইজৰ সহযোগত এখনি সজাগতা সভা অনুষ্ঠিত হয়। জিলা সভানেত্ৰী অঞ্জলি বৰুৱাৰ সভাপতিত্বত সভা খনৰ উদ্দেশ্য বাখ্যা আৰু চিনাকি পৰ্ব আৰু সম্বৰ্ধনাৰ আঁত ধৰে ৱাৰিৱৰ্ছৰ জিলা সম্পাদক অৰ্জুন ছেত্ৰীয়ে।

ইফালে সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰা ৱাৰিৱৰ্ছৰ ৰাজ্যিক সম্পাদিকা সুস্বপনা হাজৰিকা ৱাৰিয়ৰ্ছৰ লক্ষ্য আৰু উদ্দেশ্য কৰণীয় কাম কাজৰ ওপৰত মন্তব্য দাঙি ধৰে। আনহাতে ৰাজ্যিক বিত্ত সম্পাদিকা নিতুপৰ্না শৰ্মাই নিজৰ বক্তব্যত সংগঠনৰ জৰিয়তে কি দৰে ভুক্তভোগী নাৰী দৰিদ্ৰ পৰিয়ালক সহায় কৰিব পাৰি তাৰ ওপৰত বক্তব্য প্ৰদান কৰে।
ইফালে বিশ্বনাথ জিলা ৱাৰিৱৰ্ছৰ উপদেষ্টা পিন্স মহ: চামছুল হকে উপস্থিত ৰাইজক উদ্দেশ্য কৰি বহু কেইটা পৰামৰ্শ আৰু নাৰী সুৰক্ষা ওপৰত পৰামৰ্শ আগবঢ়াই।
গুৰুত্বপূৰ্ণ সজাগতা সভা খনত বিশিষ্ট অতিথিৰূপে উপস্থিত থকা সংগঠনটোৰ ৰাজ্যিক অধ্যক্ষ তথা ৱাৰিৱৰ্চৰ জন্মদাতা উৎপল শিৱমে নিজৰ ভাষাণত কয় ৱাৰিৱৰ্ছৰ মুল লক্ষ্য উদ্দেশ্যয়েই হৈছে ৰাজ্যখনত শোষিত ভুক্তভোগী নাৰী সকলক আমি সুৰক্ষা দিয়া লগতে সজাগতা সৃষ্টি কৰা।
কিদৰে সমাজ খনত পুৰুষৰ সমানে সমানে নাৰী সকলৰ জৰিয়তে এখন সুন্দৰ আৰু নিকা সমাজ গঢ়াৰ ক্ষেত্ৰত আমি ৱাৰিৱৰ্ছৰ জৰিয়তে সবল ভুমিকা পালন কৰিব লাগিব বুলি গুৰুত্বপুৰ্ন বক্তব্য প্ৰদান কৰে।ইফালে সভাত উপস্থিত থাকে জিলা সহ: সম্পাদিকা ববী শইকীয়া,মোনাবাৰী গাওঁ পঞ্চায়ত সভানেত্ৰী,প্ৰাক্তন শিক্ষয়িত্ৰী লগতে অঞ্চলটোৰ উদিয়মান যুৱক-যুৱতি আৰু বহু গন্য মান্য ব্যক্তি।
সভাৰ শেষত এইখন সভাতে ৱাৰিৱৰ্ছৰ মোনাবাৰী আঞ্চলিক সমিতি খন গঠন কৰে সভাই ।
আঞ্চলিক সমিতি খনৰ
উপদেষ্টা হিচাপে অঞ্জনা হাজৰিকা, মিতালি মহানন্দ
আইনি উপদেষ্টা হিচাপে, প্ৰনামি কুমাৰি লগতে সমিতি খনৰ
সভাপতি হিচাপে জিত তাঁতি,উপ: সভাপতি: বিকাশ তচা,
উপ:সভানেত্ৰী : পুষ্পা দাস
সম্পাদিকা: প্ৰিতি চনা
সহ:সম্পাদক: লখন দীপ
বিত্ত সম্পাদিকা: কবিতা দাস,সহ বিত্ত সম্পাদক: বিমল চুন্ডী,
জন সংযোগ সম্পাদক: পৱন শৰ্মা,কমল ৰজাক
সহ:জনসংযোগ সম্পাদিকা সংগীতা চবৰকলৈ এখন সবল আঞ্চলিক সমিতি গঠন কৰে।

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.