
চোৰাং চিকাৰী বিৰুদ্ধে অভিযান বিহালী আৰক্ষী: গ্ৰেপ্তাৰ কুখ্যাত ৪ চোৰাং চিকাৰী
ডিজিটেল ডেস্ক অসম খবৰ বিশ্বনাথ ১ আগষ্ট
বিশ্বনাথত দীৰ্ঘদিন ধৰি সক্ৰিয় হৈ আছে চোৰাং চিকাৰীৰ বৃহৎ চক্ৰ।
শনিবাৰে নিশা বিশ্বনাথ জিলাৰ বিহালী আৰক্ষী থানা ভা:প্ৰাপ্ত আৰক্ষী বিষয়া হৰেন গগৈ আৰু কাজিৰঙা অতিৰিক্ত আৰক্ষী বিষয়া ধ্ৰুৱজ্যোতি নাথ (APS) আৰু গহপুৰ গমিৰি বন বিভাগৰ যুটীয়া অভিযানত বিহালী আৰক্ষী থানা অন্তৰ্গত ৰাংছালী গাৱঁৰ পৰা ৩ জন আৰু বিশ্বনাথ সমষ্টিৰ বিশ্বনাথ আৰক্ষী থানা অধিনৰ জপৌবাৰী পৰা ১ জন মুঠ চাৰিজন চোৰাং চিকাৰীক গ্ৰেপ্তাৰ কৰা হয় ।
অভিযানকাৰী দলটোৱে গোপন সূত্ৰৰ পম খেদি গঁড় হত্যা কৰাৰ উদ্দেশ্যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান প্ৰৱেশ কৰাৰ চেষ্টা কৰা অৱস্থাতে চোৰাং চিকাৰী কেইটাক আটক কৰে আৰক্ষীয়ে৷
গ্ৰেপ্তাৰ কৰা চোৰাং চিকাৰী কেইটা হ’ল বিশ্বনাথৰ জপৌবাৰী দীপাংক বড়ো (৩৪) ৰাংছালী গাৱঁৰ অজিত দাস( ৩৮),ধনীদেৱ শইকীয়া (৪০), আৰু পদুম হাজৰিকা (২৫) ৷
উল্লেখযোগ্য যে কিছু দিন পূৰ্বে বিহালী আৰক্ষী থানাত যোগদান কৰিয়েই বিহালী আৰক্ষী থানা ভা: প্ৰাপ্ত আৰক্ষী বিষয়া হৰেন গগৈ তৎপৰ হৈ পৰিছিল চোৰাং চিকাৰী বিৰুদ্ধে।
যাৰ ফলত শনিবাৰে বিহালী আৰক্ষী বিষয়া জনৰ নেতৃত্বত ৪ জনকৈ চোৰাং চিকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।
লগতে গড়ঁ হত্যা পৰিকল্পনাক বিফল কৰে আৰক্ষী বিষয়া জনে।
আনহাতে আটাইকেইটা চোৰাং চিকাৰীক আজি বিহালী আৰক্ষীয়ে বন সংমণ্ডল প্ৰাধিকাৰী কাৰ্যালয় বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডল চমজাই দিয়ে। আনহাতে চোৰাং চিকাৰী কেইটাক বন বিভাগে সোধ পোছ অব্যাহত ৰাখিছে অধিক তথ্যৰ বাবে।
আনহাতে বিহালী আৰক্ষীৰ আৰু গমিৰি বনাঞ্চলিক এনে তৎপৰতাক বিহালী বিভিন্ন দল সংগঠনে ধন্যবাদ জ্ঞাপন কৰিছে।
Leave a Reply Cancel reply