31.3 C
Guwahati
Saturday, January 17, 2026
More

    Trending Now:

    বিশিষ্ট সংগীত শিল্পী প্রয়াত সমৰ হাজৰিকা আৰু ধনদা পাঠকলৈ অসম চৰকাৰৰ ২০২৬ বৰ্ষৰ শিল্পী বঁটা

    — গুৱাহাটী, ১৬ জানুৱাৰী, ২০২৬ অসম চৰকাৰৰ ২০২৬ বৰ্ষৰ শিল্পী বঁটাৰ বাবে বিশিষ্ট সংগীত শিল্পী প্রয়াত সমৰ হাজৰিকা (মৰণোত্তৰভাৱে) আৰু ধনদা পাঠকক মনোনীত কৰা হৈছে।...

    শেহতীয়া আপডেটঃ

    জাগীৰোড মহাবিদ্যালয়ত ভোটাৰৰ সচেতনতা বৃদ্ধি অভিযান

    জাগীৰোড ৬ মাৰ্চ: সাংবাদদাতা,মনীষা শৰ্মা-জাগীৰোড মহাবিদ্যালয় আভ্যন্তৰীণ মন নিৰূপণ কোষৰ উদ্যোগত ছাত্ৰ একতা সভা, ৰাষ্ট্ৰীয় সেৱা আঁচনি, ইলেক্টৰেল লিটাৰেচি ক্লাব আৰু এন চি চি গোটৰ সদস্য সকলৰ সহযোগত জাগীৰোড মহাবিদ্যালয়ত “মেৰা পেহেলা ভোট দেশ কে লিয়ে” শীৰ্ষক ভোটাৰৰ সচেতনতা বৃদ্ধি অভিযান বিগত ৪মাৰ্চৰ পৰা ৬ মাৰ্চলৈ বিভিন্ন কাৰ্যসূচীৰ জৰিয়তে ৰূপায়ণ কৰা হয়।
    এই উপলক্ষে ৪ মাৰ্চ তাৰিখে ছাত্ৰ ছাত্ৰী সকলৰ মাজত “ৰাষ্ট্ৰ নিৰ্মাণত ভোটাৰৰ ভূমিকা” শীৰ্ষক এক ৰচনা প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। ৫মাৰ্চ তাৰিখে মহাবিদ্যালয় প্ৰাংগনত বিশেষ শ্লোগান সন্নিৱিষ্ট এক চেলফি পইন্ট সজাই তোলে। য’ত ছাত্ৰ ছাত্ৰীসকলে ব্যাপক অংশ গ্ৰহণ কৰে । এই চেলফি পইন্টৰ সন্মুখত সমৱেত ছাত্ৰ ছাত্ৰী সকলক উদ্দেশ্যি মহাবিদ্যালয়ৰ অধ্যক্ষ ড° ভবেন চন্দ্ৰ নেওগে ৰাষ্ট্ৰ নিৰ্মাণৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰী সকলৰ দায়িত্ব আৰু ভূমিকাৰ বিষয়ে বক্তব্য প্ৰদান কৰে । তেখেতে কয় যে বিশ্বত এনে এজন নাগৰিক নাই যি নিজৰ দেশক ভাল নাপায়। এখন গণতান্ত্ৰিক দেশৰ দায়বদ্ধ নাগৰিক হিচাপে প্ৰতি গৰাকী লোকে ৰাষ্ট্ৰ প্ৰথম ধাৰণা লৈ কাম কৰাটো অত্যন্ত গুৰুত্বপূৰ্ণ বুলি উল্লেখ কৰে। তেখেতে কয় যে আমাৰ দেশৰ ভৱিষ্যত যিহেতু নৱ প্ৰজন্মৰ ওপৰত নিৰ্ভৰ কৰিব গতিকে জাগীৰোড মহাবিদ্যালয়ৰ প্ৰতিগৰাকী প্ৰাপ্ত বয়স্ক ভোটাৰকে বিশেষকৈ নতুনকৈ ভোটাধিকাৰ লাভ কৰা ছাত্ৰ ছাত্ৰী সকলক সচেতন হৈ ভোট প্ৰদানৰ জৰিয়তে শক্তিশালী ৰাষ্ট্ৰ নিৰ্মাণৰ ক্ষেত্ৰত নিজৰ ভোটটিৰ গুৰুত্ব উপলব্ধি কৰিবলৈ আহ্বান জনায়।

    ৬ মাৰ্চ তাৰিখে মহাবিদ্যালয়ৰ উচ্চতৰ মাধ্যমিকৰ লগতে স্নাতক প্ৰথম বৰ্ষৰ ছাত্ৰ ছাত্ৰী সকলৰ লগত পৃথকে পৃথকে ভাৰতীয় গণতন্ত্ৰত ভোটাৰৰ ভূমিকা আৰু আমি কিয় ভোট প্ৰদান কৰিব লাগে সে সন্দৰ্ভত অধ্যক্ষ ড° নেওগ আৰু মহাবিদ্যালয়ৰ ইলেক্টৰেল লিটাৰেচি ক্লাবৰ সমন্বয়ক হিমাংশু হালৈয়ে বক্তব্য প্ৰদান কৰে। লগতে ইতিমধ্যে ভোটাধিকাৰ লাভ কৰা ছাত্ৰ ছাত্ৰী সকলৰ পৰা কেইবাগৰাকীয়ে তেওঁলোকৰ নিজ দায়িত্ব আৰু ভূমিকাৰ বিষয়ে সভাত নিজ নিজ চিন্তাধাৰা প্ৰকাশ কৰি অনুষ্ঠান কেইটা মনোগ্ৰাহী কৰি তোলে। তদুপৰি গুগুল ফৰ্মৰ জৰিয়তে নতুনকৈ ভোটাধিকাৰ লাভ কৰা আৰু নকৰা ছাত্ৰ ছাত্ৰী সকলৰ তথ্য সংগ্ৰহ কৰাৰ এক ব্যতিক্ৰমী কাৰ্যসূচীও গ্ৰহণ কৰে।

    উল্লেখযোগ্য যে নতুন ভোটাৰক ভোট প্ৰদানৰ সন্দৰ্ভত সজাগতা আৰু সংবেদনশীলতা সৃষ্টি কৰাৰ উদ্দেশ্যে বিশ্ববিদ্যালয় অনুদান আয়োগৰ যোগেদি সমগ্ৰ দেশতে এই বিষয়ে ২৮ তাৰিখৰ পৰা ৬ মাৰ্চ তাৰিখলৈকে শিক্ষানুষ্ঠান সমূহত এনে কাৰ্যসূচী ৰূপায়ণৰ ব্যৱস্থা লোৱাৰ বাবে দিয়া বিশেষ নিৰ্দেশনাৰ অধীনত জাগীৰোড মহাবিদ্যালয়ত এই পদক্ষেপ সমূহ গ্ৰহণ কৰা হয়।

    জাগীৰোড পৰা আমাৰ সহযোগী সমুদ্ৰ মনি নেওগ ৰিপোৰ্ট ।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
    • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
    • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
    • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
    • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
    • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
    • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
    • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
    • FREE BIRD | ZUBEEN GARG |
    • Herowa Chanda- Trailer

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.