শেহতীয়া আপডেটঃ

অসম খবৰৰ ষষ্ঠ বৰ্ষপূৰ্তি অনুষ্ঠান সম্পন্ন

■সমাজৰ ভিন্ন ক্ষেত্ৰত অৱদান আগবঢ়োৱা ৫ গৰাকী ব্যক্তিলৈ সম্বৰ্ধনা আৰু বঁটা প্ৰদান

তেজপুৰ ৩ ছেপ্টেম্বৰঃ দেওবাৰে জনপ্ৰিয় সংবাদ প্ৰতিষ্ঠান অসম খবৰৰ ষষ্ঠ বৰ্ষপূৰ্তি অনুষ্ঠানটি তেজপুৰস্থিত শোণিতপুৰ জাৰ্নেলিষ্ট ইউনিয়নৰ কাৰ্যালয়ত সম্পন্ন হৈ যায়। দিনৰ ১১ বজাত শোণিতপুৰ জিলাৰ তেজপুৰ নিউজ লাইভৰ জেষ্ঠ সাংবাদিক পুলক কুমাৰ ডেকাই আঁত ধৰা স্মৃতিচাৰণ অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰাৰ লগতে জাৰ্নেলিষ্ট ইউনিয়নৰ গুৰি ধৰোঁতা প্ৰয়াত প্ৰণৱ সিংহৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে জাগীৰোড উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড০ হৰমোহন কলিতাৰ লগতে শোণিতপুৰ জিলা জাৰ্ণিলিষ্ট ইউনিয়ন সদস্য সদস্যা লগতে উপস্থিত প্ৰতিগৰাকী বিশিষ্ট ব্যক্তি সংবাদ কৰ্মীয়ে। ইয়াৰ পিছতে অনুষ্ঠিত সভাৰ সভাপতিত্ব কৰে জাগীৰোড উচ্চতৰ মাধ্যমিক বিদ্যালয়ক অৱসৰী অধ্যক্ষ ড০ হৰমোহন কলিতাই। সভাপতি ড০ কলিতাই অসম খবৰৰ বৰ্ষপূৰ্তি অনুষ্ঠানটি শলাগ লোৱাৰ লগতে সভাৰ কাৰ্যসূচী আগুৱাই নিয়ে।

সভাৰ কাৰ্যসূচী অনুসৰি জনপ্ৰিয় ডিজিটেল মেডিয়া অসম খবৰ মুখ্য সম্পাদক অশ্বিনী কুমাৰ গগৈয়ে অসম খবৰ ইতিবৃত্ত আৰু জ্যেষ্ঠ সংবাদ কৰ্মী আৰু সম্বৰ্ধিত ব্যক্তি সকলক সকলোৰে আগত পৰিচয় কৰাই দিয়ে। উপস্থিত প্ৰতিগৰাকী শোণিতপুৰ জাৰ্নেলিষ্ট ইউনিয়নৰ জ্যেষ্ঠ সাংবাদিকক অসম খবৰ সদস্য সকলে একোখনকৈ ফুলাম গামোচাৰে মৰম, শুভেচ্ছা জনায়।

ইয়াৰ পিছতে সভাৰ মূল অনুষ্ঠান তথা অসমৰ বিভিন্ন সমাজ জীৱনৰ সৈতে জড়িত ৪ জন ব্যক্তি লগতে অসম খবৰ ডিজিটেল মেডিয়া সক্ৰিয় সাংবাদিক সহ ৫ গৰাকী বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা আৰু অসম খবৰ ২০২৩ বঁটা প্ৰদান কৰা হয়। বঁটা ক্ৰমে বিশ্বনাথ জিলাৰ বিহালীৰ এগৰাকী জ্যেষ্ঠ সমাজসেৱী মহিলা দীপালী বৰুৱালৈ ২০২৩ বৰ্ষৰ ‘সমাজ হিতৈষী বঁটা’, বিশ্বনাথৰ অসম অৰুণাচল সীমান্ত পাভৈ নিবাসী বিশিষ্ট সমাজ কৰ্মী তথা ১০ টকা বৰঙণিৰে চিকিৎসা সেৱা অগবঢ়াই অহা বিশিষ্ট মানৱদৰী চিকিৎসক ডাঃ ৰঞ্জন গগৈলৈ অসম খবৰ ২০২৩ ‘সমাজ সেৱক বঁটা’ আৰু শিৱসাগৰ বিশিষ্ট সমাজ সেৱক সমাজ কৰ্মী তথা অ’এন জি চিৰ অভিযন্তা তথা প্ৰখ্যাত সমাজকৰ্মী ৰমা গগৈলৈ অসম খবৰৰ ২০২৩ বৰ্ষৰ ‘জনসেৱা বঁটা’ প্ৰদান কৰা লগতে অসম খবৰত নিষ্ঠা সহকাৰে সংবাদ যোগান ধৰি সেৱা আগবঢ়াই অহা শিৱসাগৰ অসম খবৰ সাংবাদিক পৰাগ বড়াক অসম খবৰ ২০২৩ বৰ্ষৰ ‘সক্ৰিয় সাংবাদিকতা বঁটা’ প্ৰদান কৰে। ৫ গৰাকী ব্যক্তিৰ বঁটাত আছে সম্বৰ্ধনা পত্ৰ, এখনি চেলেং চাদৰ, শৰাই, ফুলাম গামোচা আৰু এটি মমেন্ট’।

আনহাতে ৰাষ্ট্রীয় সংবাদ প্ৰতিষ্ঠান ইটিভি ভাৰত উত্তৰ পূৰ্বাঞ্চলৰ পৰা বাতৰি পৰিৱেশন কৰি সেৱা আগবঢ়োৱা তেজপুৰৰ জ্যেষ্ঠ সাংবাদিক প্ৰণৱ কুমাৰ দাসলৈ চলিত বৰ্ষৰ ‘শ্ৰেষ্ঠ সাংবাদিকতা বঁটা’ প্ৰদান কৰে অসম খবৰ ডিজিটেল মেডিয়াই।

ইফালে সভাত বিশিষ্ট ব্যক্তি আসনত অংশগ্ৰহণ কৰা তেজপুৰ জ্যেষ্ঠ সাংবাদিক অৰূপ কুমাৰ কলিতাই সভাত সংবাদ মাধ্যমৰ লগতে বাতৰি পৰিৱেশন ও ওপৰত বক্তব্য আগবঢ়াই। ইয়াৰ পিছতে সভাত অসম খবৰ মেডিয়া উপদেষ্টা তথা বিশ্বনাথ চাৰিআলি ন্যায়ালয়ৰ অধিবক্তা তুষাৰ বৰাই বাতৰি ক্ষেত্ৰত‌ সঘনাই হৈ থকা গোচৰ সন্দৰ্ভত সভাত নিজৰ বক্তব্য ৰাখে। আনহাতে এই সভাতে বিহালী প্ৰেছ ক্লাৱৰ সম্পাদক শ্ৰীমন্ত দাস, নলবাৰী বিশিষ্ট সমাজকৰ্মী, লেখক, সাংবাদিক পংকজ বেজবৰুৱাকে ধৰি কেইবাজনো ব্যক্তিক সম্বৰ্ধনা জনাই অসম খবৰে। সভাৰ শেষত পুলক কুমাৰ ডেকাৰ শলাগৰ শৰাইৰে অসম খবৰৰ ষষ্ঠ বৰ্ষপূৰ্তি অনুষ্ঠানৰ সভাখনি বিয়লি ২ বজাত সফল সামৰণি পৰে।

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.