শেহতীয়া আপডেটঃ

আন্তর্জাতিক নাৰী দিৱসৰ কিছু চিন্তা ধাৰা ✒️ ৰাজলক্ষ্মী বৰঠাকুৰ, দেৰগাঁও

নাৰী হল শক্তিৰ আধাৰ। এখন ঘৰ তথা সমাজৰ মূল চালিকা শক্তি হৈছে নাৰী। নাৰী অবিহনে সকলো আধৰুৱা, নাৰীৰ দ্বাৰা সৃষ্টি এই সংসাৰ। নাৰীয়ে বিভিন্ন সময়ত বিভিন্ন ভূমিকা পালন কৰি আহিছে। যুগৰ পৰিবৰ্তনৰ লগে লগে সমাজৰ পৰিবৰ্তন আহিছে। তথাপিও পুৰুষ প্রধান সমাজত নাৰী সকলক তেওঁলোকৰ অধিকাৰৰ পৰা আঁতৰাই ৰাখিব বিচাৰে। যদিও নাৰীক অৰ্ধাঙ্গিনী বুলি কোৱা হয় তথাপিও বহুতো লোকে এতিয়াও নাৰীক পুৰষৰ সম অধিকাৰ দিবলৈ নিবিচাৰে। নাৰীয়ে নিজৰ পাপ্য অধিকাৰৰ বাবে সদায় যুঁজ দি আহিব লগা হৈছে।

Happy Womens Day Images - Free Download on Freepik

প্রতি বছৰ ৮ মাৰ্চ তাৰিখে আন্তর্জাতিক নাৰী দিৱস উদযাপন কৰি আহিছে। গোটেই বিশ্বব্যাপী নাৰীসকলে এটি প্রধান উপলক্ষ্য হিচাপে এই দিৱস উদযাপন কৰে। বিশ্বৰ বেলেগ বেলেগ প্ৰান্তত নাৰী দিৱস উদযাপনৰ প্রধান লক্ষ্য বেলেগ বেলেগ। কৰবাত নাৰীৰ প্রতি সাধাৰণ সন্মান আৰু শ্রদ্ধা উদযাপনৰ মুখ্য বিষয় হয়, আকৌ কৰবাত মহিলাসকলৰ আৰ্থিক, ৰাজনৈতিক আৰু সামাজিক প্রতিষ্ঠায়ে বেছি গুৰুত্ব পায়। এই দিৱস উদযাপনৰ লগত নাৰী শ্রমিকৰ অধিকাৰ আদায়ৰ সংগ্রামৰ ইতিহাস জড়িত হৈ আছে। ১৮৫৭ চনত মজুৰি বৈষম্য, কমঘন্টা নিদিষ্ট কৰা, কামৰ অমানৱিক পৰিৱেশৰ বিৰুদ্ধে প্ৰতিবাদ জনাবলৈ মাকিন যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্কৰ সূতা কাৰখানাৰ নাৰী শ্রমিকসকলে আন্দোলন কৰিছিল। চৰকাৰে কঠোৰ হাতেৰে সেই আন্দোলন দমন কৰিছিল। জাৰ্মান সমাজতান্ত্রিক নেত্রী ক্লাৰা জেটকিনৰ নেতৃত্বত ১৯০৮ চনত নিউয়ৰ্কত পোন প্রথমে আন্তর্জাতিক নাৰী সন্মিলন অনুষ্ঠিত হৈছিল।

Governance in India: Women's Rights | Council on Foreign Relations

এই সন্মিলনৰ আয়োজন কৰিছিল নিউয়ৰ্কৰ সামাজিক নাৰী সংগঠনে। ১৯১০ চনত ডেনমার্কৰ কপেনহেগেনত অনুষ্ঠিত হয় দ্বিতীয় আন্তর্জাতিক নাৰী সন্মিলন। এই সন্মিলনতে ক্লাৰায়ে প্রতি বছৰে ৮ মাৰ্চক আন্তর্জাতিক নাৰী দিৱস হিচাপে পালন কৰাৰ প্রস্তাব দিয়ে। তেতিয়াৰ পৰা ১৯১৪ চনৰ পৰা কেইবাখনো দেশত ৮ মাৰ্চ পালন কৰিবলৈ আৰম্ভ কৰা হল। ১৯৭৫ চনত ৮ মার্চক আন্তর্জাতিক নাৰী দিৱস হিচাপে স্বীকৃতি প্রধান কৰা হয়। এই দিৱস পালন কৰিবলৈ বিভিন্ন ৰাষ্ট্ৰক ৰাষ্ট্ৰসংঘই আহবান জনায়। তাৰ পিছৰ পৰা গোটেই পৃথিৱীজুৰি এই দিন নাৰীৰ সমঅধিকাৰ দিৱস হিচাপে পালন কৰি আহিছে। নাৰীৰ সুৰক্ষা লৈ আইন প্রণয়ন হৈছে যদিও নাৰী সকল সমাজিক ভাবে কিমান সুৰক্ষিত হৈছে সেইয়া চিন্তাৰ বিষয় ,যেতিয়া লৈকে আমাৰ সামাজিক বিচাৰ ব্যৱস্থা তথা আমাৰ মানসিক চিন্তা ধাৰাৰ সলনি নহয় তেতিয়া লৈকে নাৰীসকল সকলো ক্ষেত্রেতে সুৰক্ষিত বুলি ক’ব নোৱাৰে।

High-End Contemporary Fashion Women in Angola - Wikipedia, michael kors jet  set charm large

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.