শেহতীয়া আপডেটঃ

সীমান্ত সুৰক্ষা বাহিনীৰ ড্ৰাগছৰ বিৰুদ্ধে সজাগতা সভা

মুকালমুৱাত সীমান্ত সুৰক্ষা বাহিনীৰ ড্ৰাগছৰ বিৰুদ্ধে সজাগতা সভা আৰু স্বচ্ছ অভিযান

সীমান্ত সুৰক্ষা বাহিনী চমুকৈ SSB ৰ ৬৮ নং বেটেলিয়নৰ অধিনায়ক মধুকাৰ অমিতাভৰ নিৰ্দেশত আজি নলবাৰীৰ মুকালমুৱাত ড্ৰাগছৰ বিৰোধী এখন সভা অনুষ্ঠিত হয় ৷

ড্ৰাগছৰ কৱলৰ পৰা সমাজক ৰক্ষা কৰাৰ উদ্দেশ্যৰে নৱপ্ৰজন্মৰ ছাত্ৰ-ছাত্ৰী সকলৰ মাজত সজাগতা সভা অনুষ্ঠিত কৰে সীমান্ত সুৰক্ষা বাহিনীয়ে ৷

বাহিনীৰ মুকালমুৱাস্থিত অস্থায়ী চাউনীত ৰঘুনাথ চৌধাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দুই শতাধিক ছাত্ৰ-ছাত্ৰীক ড্ৰাগছৰ পৰা সমাজক কেনেকৈ ৰক্ষা কৰিব পাৰি আৰু সমাজৰ পৰা ড্ৰাগছ নিৰ্মুল কৰাত নৱ প্ৰজন্মই কেনেকৈ আগভাগ লব তাকলৈ বাহিনীৰ শীৰ্ষ বিষয়া সকলে ভাষণ প্ৰদান কৰে ৷


তদুপৰি মানৱ সৰবৰাহকাৰীয়ে যুৱতী-মহিলাক সকলক কেনেকৈ তেওঁলোকৰ জালত পেলাই আৰু মানৱ সৰবৰাহকাৰীৰ পৰা যুৱতী মহিলা সকলে কেনেকৈ সজাগ হৈ থাকিব লাগে সেই উদ্দেশ্যৰেও বিৱৰী কয় বাহিনীৰ বিষয়া-জোৱান সকলে ৷

সজাগতা সভা সম্পন্ন হোৱাৰ পিছত বাহিনীৰ সহকাৰী উপ পৰিদৰ্শক বকুল সোণোৱালৰ নেতৃত্বত চাউনীৰ বিষয়া-জোৱান সকলে স্বচ্ছ অভিযান শীৰ্ষক এক সমদল উলিয়াই ৰঘুনাথ চৌধাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উপস্থিত হৈ স্বচ্ছ অভিযানত অংশগ্ৰহণ কৰে ৷

নলবাৰীৰ পৰা ফইজুল হক চৌধুৰী

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.