বিশ্বনাথৰ এখন ৰাস লীলাত কৃষ্ণৰ ৰূপত ইছলাম ধৰ্মালম্বী শিশু

  • বিশ্বনাথৰ এখন ৰাস লীলাত কৃষ্ণৰ ৰূপত ইছলাম ধৰ্মালম্বী শিশু
  • শ্ৰীকৃষ্ণৰ ৰূপত কণমানি জিন্নত আফ্ৰিনে বধ কৰিলে পুতনাক।

ৰাজ্যত এতিয়া শৰৎ কালৰ ৰাস মহোৎসৱকলৈ উখল- মাখল পৰিৱেশ।কৃষ্ণ বন্দনাৰ এনে মায়াময় পৰিৱেশৰ মাজতে পুনৰ বিশ্বনাথৰ এখন ৰাস মহোৎসৱে একতা, সম্প্রীতি আৰু ধর্মীয় সমন্বয়ৰ বাৰ্তা বিলাই দৃষ্টি কাঢ়িছে ৰাইজৰ।মূলতঃ এক হিন্দু ধর্মীয় অনুষ্ঠান হ’লেও ভগৱান শ্ৰীকৃষ্ণৰ ৰাসলীলা ইছলামধর্মী অথবা আন ধৰ্মৰ শিল্পী আৰু কলা-কুশলীসকলৰ বাবেও প্রতিভা প্ৰদৰ্শনৰ এখন মুকলি মঞ্চস্বৰূপ।এই কথা পুনৰ প্রমাণিত হ’ল বিশ্বনা্থৰ শিমলুগুৰি ৰাস মহোৎসৱত। বিশ্বনাথৰ সাৰ্বজনীন শিমলুগুৰি ৰাস মহোৎসৱ সমিতিয়ে আয়োজন কৰা ৰাস মহোৎসৱত এইবাৰ পুতনা বধ নাটিকাত কৃষ্ণৰ চৰিত্ৰ ৰূপায়ণ কৰিছে ইছলাম ধৰ্মালম্বী পৰিয়ালৰ কণমনি জিন্নত আফ্ৰিন খানে।শ্ৰীকৃষ্ণৰ ৰূপত কণমানি জিন্নত আফ্ৰিনে বধ কৰিলে অসুৰ ৰূপী পুতনাক।কণমানি জিন্নতৰ এই অভিনয় প্ৰত্যক্ষ কৰিবলৈ ৰাসথলীত সমাগম ঘটিল হাজাৰ হাজাৰ জনতাৰ।আনহাতে শেহতীয়াকৈ বিশ্বনাথৰ উত্তৰ চাৰিআলি ৰাস মহোৎসৱ সমিতিয়ে অনুষ্ঠিত কৰা বিশ্বনাথ ৰাস মহোৎসৱতো কণমানি জিন্নত আফ্ৰিন খানৰ পিতৃ আমিৰ খানে নন্দ আৰু মাতৃ জোনমনি বেগমে যশোদাৰ ভাও লৈ চৰ্চা লাভ কৰাৰ লগতে ৰাজ্যত সাম্প্ৰদায়িকতাৰ বিপৰীতে সম্প্ৰীতিৰ বাৰ্তা বিলাবলৈ সক্ষম হৈছিল।

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.