শেহতীয়া আপডেটঃ

ৰে’লৱেৰ ট্ৰেড ইউনিয়ন স্বীকৃতিৰ নিৰ্বাচন; জনসভা, পথসভাৰে চলি আছে এফ ৰে’লৱে এম্পলইজ ইউনিয়নৰ নিৰ্বাচনী প্ৰচাৰ

মালিগাঁওঃ ভাৰতীয় ৰে’লৱেত ট্ৰেড ইউনিয়নৰ প্ৰশাসনীয় স্বীকৃতিৰ বাবে অহা ৪. ৫ আৰু ৬ ডিচেম্বৰত দেশজুৰি নিৰ্বাচন অনুষ্ঠিত হ’ব। এই নিৰ্বাচনত জয়ী হ’বলৈ মুঠ ভোটাৰৰ শতকৰা ৩০% অথবা ভোটদানৰ ৩৫% পালে সেই সংগঠনে স্বীকৃতি লাভ কৰিব। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে বিগত ২০১৩ চনত অনুষ্ঠিত হোৱা নিৰ্বাচনত এন এফ ৰে’লৱে এম্পলিইজ ইউনিয়নে ৰে’লৱেৰ ৫৪ শতাংশ শ্ৰমিক-কৰ্মচাৰীৰ ভোট লাভ কৰি উত্তৰ পূৱ সীমান্ত ৰে’লৱেত অপ্ৰতিদ্বন্দ্বী ট্ৰেড ইউনিয়নৰ মৰ্যাদা লাভ কৰিছিল। উল্লেখ্য যে ৰে’লৱে বোৰ্ডে ২০০৭ বৰ্ষৰ পৰা এই নিৰ্বাচন অনুষ্ঠিত কৰি আহিছে।

আনহাতে ইউনিয়নৰ কেন্দ্ৰীয় কমিটিৰ প্ৰচাৰ গোটৰ অধ্যক্ষ নয়ন কুমাৰ বৰ্মনে জানিবলৈ দিয়া মতে এন এফ ৰে’লৱে এম্পলইজ ইউনিয়নৰ সাধাৰণ সম্পাদক মুনীন শইকীয়াৰ নেতৃত্বত ৯ নৱেম্বৰৰ পৰা উত্তৰ পূব সীমান্ত ৰে’লৱেৰ পৰিসেৱাই সামৰি লোৱা ৮ খন ৰাজ্যত থকা ৰেলৱেৰ কাৰ্যালয়, ৰেলৱে ষ্টেছন, আৱাসিক এলেকা আদিত নিৰ্বাচনী প্ৰচাৰ অভিযান চলি আছে আৰু এই প্ৰচাৰ অভিযানৰ পহিলা ডিচেম্বৰত সামৰণি পৰিব। পহিলা ডিচেম্বৰত উত্তৰ পূব সীমান্ত ৰেলৱেৰ মালিগাঁওস্থিত সদৰ কাৰ্যালয়ৰ সন্মুখৰ বাকৰিত অনুষ্ঠিত হবলগীয়া এখন বিশাল জনসভাৰে এইবেলিৰ নিৰ্বাচনী প্ৰচাৰ অভিযানৰ সামৰণি মৰা হ’ব। ইফালে বিগত কেইদিনত এম্পলইজ ইউনিয়নে উত্তৰ পূব সীমান্ত ৰেলৱেৰ অধীনৰ লিডুৰ পৰা কাটিহাৰলৈ আৰু আগৰতলাৰ পৰা মূৰ্কংচেলেঙলৈকে ৰেলৱেৰ কাৰ্যালয় চৌহদ, আৱাসিক এলেকা সমূহত বেনাৰ, পোষ্টাৰ, হৰ্ডিং, সৰু সৰু পথ সভা, জন সভা আদিৰে ব্যাপক নিৰ্বাচনী প্ৰচাৰ অভিযান চলোৱা পৰিলক্ষিত হৈছে। নিৰ্বাচনী প্ৰচাৰ সভা সমূহত ভাগ লৈ এন এফ ৰেলৱে এম্পলইজ ইউনিয়নৰ সাধাৰণ সম্পাদক মুনীন শইকীয়াই জন্মলগ্নৰে পৰা ইউনিয়নে ৰে’লৱেৰ শ্ৰমিক-কৰ্মচাৰীৰ নাৰ্য্য প্ৰাপ্তিৰ হকে মাত মাতি আহিছে বুলি সদৰি কৰি নতুন পেন্সন নীতি বাতিল আৰু পুৰণি পেন্সন নীতি বাহাল ৰখাৰ দাবীত যি আন্দোলন আৰম্ভ কৰিছে সেয়া মানি নোলোৱালৈকে চলি থাকিব বুলিও হুংকাৰ দিয়ে। আগন্তুক নিৰ্বাচনত পূৰ্বতকৈ যাতে অধিক ভোট লাভ কৰিব পাৰি তাৰ বাবে হাতে-কামে সকলোৱে নামি পৰিবলৈ আহ্বান জনাইছে।

আনহাতে সভা সমূহত উপস্থিত সকলোৱে এন এফ ৰে’লৱে এম্পলইজ ইউনিয়ন জিন্দাবাদ, এন এফ আই আৰ জিন্দাবাদ, শ্ৰমিক ঐক্য জিন্দাবাদ, মুনীন শইকীয়া জিন্দাবাদ ধ্বনি দি আকাশ বতাহ মুখৰিত কৰি তোলা হৈছে। জানিব পৰা মতে সভা সমূহত ইউনিয়নৰ কেন্দ্ৰীয় কমিটিৰ বিষয়ববীয়াৰ উপৰিও মাণ্ডলিক কমিটি আৰু নিজ নিজ অঞ্চলৰ শাখা কমিটিৰ কৰ্মকৰ্তা সকলেও ভাগ লৈছে। ইফালে প্ৰচাৰ গোটৰ অধ্যক্ষ নয়ন কুমাৰ বৰ্মনে সদৰি কৰা অনুসৰি এইবেলি নিৰ্বাচনত ২০১৩ চনতকৈ অধিক ভোট লাভ কৰিব বুলি আশাবাদী।

কিয়নো বিগত দিনকেইটাত যতেই সভা অনুষ্ঠিত হৈছে তাতেই এম্পলইজ ইউনিয়নৰ প্ৰতি ৰেলৱেৰ শ্ৰমিক-কৰ্মচাৰী সকলে ব্যাপক সঁহাৰি দিয়া পৰিলক্ষিত হৈছে। আনকি ৰে’লৱেৰ বহু শ্ৰমিক-কৰ্মচাৰীয়ে মুনীন শইকীয়াৰ উপস্থিতিত এম্পলইজ ইউনিয়নৰ নীতি আৰু আদৰ্শত আস্থা-বিশ্বাস ৰাখি দলে-বলে যোগদান কৰি নিৰ্বাচনী প্ৰচাৰ অভিযানত নতুন মাত্ৰা প্ৰদান কৰাও পৰিলক্ষিত হৈছে। আজি উত্তৰ পূব সীমান্ত ৰেলৱেৰ নিৰ্মাণ শাখাৰ মহা প্ৰবন্ধকৰ কাৰ্যালয়ৰ সন্মুখত ইউনিয়নৰ নিৰ্মাণ শাখাৰ উদ্যোগত আয়োজিত এখন নিৰ্বাচনী প্ৰচাৰ সভাত বহু শ্ৰমিক-কৰ্মচাৰীয়ে ভাগ লৈ ইউনিয়নৰ প্ৰতি আস্থা স্থাপন কৰে।

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.