শেহতীয়া আপডেটঃ

নলবাৰী জিলা সাহিত্য সভাৰ উদ্যোগত কুমাৰ ভাস্কৰ বৰ্মা দিৱস আৰু নিজৰ দিন পালন

◊৫০ বছৰ পাছত অসমীয়া ভাষাৰ অৱস্থা টান নৰিয়াৰপৰা উঠা মানুহৰদৰে থৰক্‌বৰক্‌ হ’ব— ডঃ বসন্ত কুমাৰ ভট্টাচাৰ্য

♦নলবাৰীঃ নলবাৰী জিলা সাহিত্য সভাৰ উদ্যোগত পহিলা ব’হাগৰ দিনটোত ‘কুমাৰ ভাস্কৰ বৰ্মা দিৱস’ আৰু ‘নিজৰ দিন’ পালন কৰা হয় । নলবাৰী জিলা সাহিত্য সভাৰ কাৰ্যালয় সুভদ্ৰা চৌধুৰী ভৱনত এই উপলক্ষে আয়োজিত এখন সভাত বিশিষ্ট অতিথি হিচাপে সাহিত্যাচাৰ্য–নলবাৰীৰত্ন ডঃ বসন্ত কুমাৰ ভট্টাচাৰ্যই ভাগ লৈ দিয়া ভাষণত কুমাৰ ভাস্কৰ বৰ্মাই অসমীয়া ভাষাক নতুন ৰূপ দিয়া বুলি দোহাৰে । ভাষণ প্ৰসংগত বিশিষ্ট সাহিত্যিকগৰাকীয়ে কয় যে এতিয়াৰ বহু শিক্ষাৰ্থীয়ে নলবাৰী– গুৱাহাটীত নপঢ়ে । তেওঁলোকে বহিঃৰাজ্য বা বিদেশলৈ যায় । অসমৰ বাহিৰলৈ গৈ তেওঁলোকে অসমীয়া ভাষা–সাহিত্য চৰ্চা কৰা বা ভাষা–সাহিত্যৰ উন্নতি সাধনত যে বিশেষ কিবা কৰিব পাৰে সেয়া আমাৰ বাবে ডাঙৰ প্ৰশ্ন হৈ ৰয় । ডঃ ভট্টাচাৰ্যই অতি দুখ আৰু ক্ষোভেৰে কয় যে বাহিৰত শিক্ষা–দীক্ষা গ্ৰহণেৰে তেওঁলোকে সেই ঠাইৰ ভাষা আয়ত্ত কৰি জীৱন নিৰ্বাহৰ লগতে ঘৰ সংসাৰ কৰে । এনেদৰে এই অৱস্থা চলি থাকিলে ৫০ বছৰ পাছত অসমীয়া ভাষাৰ অৱস্থা টান নৰিয়াৰপৰা উঠা মানুহৰদৰে থৰক্‌বৰক্‌ হ’ব। এই দিশত অসম সাহিত্য সভা আৰু চৰকাৰে বিশেষভাৱে ক্ষিপ্ৰ গুৰুত্ব দিব লাগিব ।

অনুষ্ঠানৰ অন্য এগৰাকী বিশিষ্ট অতিথি নলবাৰী মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ কমল নয়ন পাটোৱাৰীয়ে ভাষণ দি কয় যে ভাৰতবৰ্ষৰ পূবৰপৰাই অহা হওক বা পশ্চিমৰপৰাই অহা হওক কুমাৰ ভাস্কৰ বৰ্মাই সকলো দিশৰপৰা অহা বিভিন্ন সংস্কৃতিৰ সমন্বয় সাধন কৰিছিল। এনেদৰে তেওঁ বৈচিত্ৰ্যময় সংস্কৃতিৰ এখন বৰ অসম গঢ়িছিল । এগৰাকী বিশেষ অসমীয়া হিচাপে কুমাৰ ভাস্কৰ বৰ্মাৰ জীৱন–কৰ্ম আৰু দৰ্শনক লৈ বহু গৱেষণা কৰিবলগীয়া আছে । ভাষণ প্ৰসংগত তেওঁ অসমীয়া সংস্কৃতিৰ সৰু সৰু বিষয়ত বহু আলোচনা আৰু গৱেষণা কৰাৰ থল থকা বুলি কৈ তেওঁ নৱীনসকলক এই বিষয়ত বিশেষভাৱে মনোনিৱেশ কৰিবলৈ আহ্বান কৰে । সভাখনত পৌৰোহিত্য কৰে নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি ধ্ৰুৱজ্যোতি শৰ্মাই।

সভাত নলবাৰী জিলা সাহিত্য সভাৰ প্ৰাত্তন সভাপতি ৰমানাথ বৰুৱা, অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য ডাঃ বিপিন চন্দ্ৰ কলিতা, কৰ্ণাটকৰ ৰাষ্ট্ৰীয় প্ৰযুক্তি প্ৰতিষ্ঠানৰ অধ্যাপক ডঃ পৰেশ চন্দ্ৰ ডেকা, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ অধ্যাপিকা ডঃ লীনা ডেকা, নলবাৰী জিলা সাহিত্য সভাৰ উপ সভাপতি অতুল চন্দ্ৰ শৰ্মা প্ৰমুখ্যে কেবাগৰাকী বিশিষ্ট লোক অতিথি হিচাপে ভাগ লয়। নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক পংকজ বেজবৰুৱাই আঁত ধৰা আৰু ’চিৰ চেনেহী মোৰ ভাষা জননী’ শীৰ্ষক বৃন্দগীতেৰে আৰম্ভ হোৱা এই অনুষ্ঠানৰ পূৰ্বে নলবাৰীৰ বিশিষ্ট পুথি প্ৰকাশক জাৰ্ণাল এম্প’ৰিয়ামৰ স্বত্বাধিকাৰী সুৰেন্দ্ৰ চন্দ্ৰ বৈশ্য, নলবাৰী বাণিজ্য মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত ভাৰপ্ৰাপ্ত অধ্যক্ষ ৰমেশ চন্দ্ৰ গোস্বামী, বাপুজী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ডঃ নকুল চন্দ্ৰ ডেকা, ব্ৰজলক্ষ্মী হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক কেশৱ বৰ্মন, কামৰূপ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক অচ্যুৎ মিশ্ৰ আৰু বিশিষ্ট চিকিৎসক ডাঃ উমেশ চক্ৰৱৰ্তীৰ ঘৰে ঘৰে নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি আৰু সম্পাদকৰ নেতৃত্বত এটি প্ৰতিনিধি দল গৈ বিশিষ্ট লোককেইগৰাকীক নৱ বৰ্ষৰ ওলগ জ্ঞাপন কৰে। অসম সংগীতেৰে অনুষ্ঠান সামৰা হয়।

উল্লেখ্য, নলবাৰী জিলা সাহিত্য সভাৰ অন্তৰ্গত শাখা সাহিত্য সভাবোৰৰদ্বাৰা জিলাখনৰ বিভিন্ন প্ৰান্তৰ প্ৰায় দুশগৰাকী বিশিষ্ট আৰু জ্যেষ্ঠ লোকক ‘নিজৰ দিন’ পালন উপলক্ষে নৱ বৰ্ষৰ ওলগ জ্ঞাপন কৰা হয় ।

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.