শতবৰ্ষ গৰকাৰ ‘বিজুলী প্ৰসাদ’ নাই।

◼️ শতবৰ্ষ গৰকাৰ ‘বিজুলী প্ৰসাদ’ নাই।
◼️ বৃট্ৰিছ ঔপনিৱেশিক সাম্ৰাজ্য স্বাভিমানৰ প্ৰতীক বিজুলী প্ৰসাদক শেষ বিদায় বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান , বিধায়ক ৰঞ্জিত দত্তৰ

অসম খবৰ ডেস্ক ২১ আগষ্ট২০২৩

বৃট্ৰিছ ঔপনিৱেশৰ শাসকৰ স্বাভিমানৰ প্ৰতীক বিজুলী প্ৰসাদ আৰু নাই ৷ বৃট্ৰিছ বগা চাহাবৰ ৰাজ আতিথ্য লাভ কৰা বিজুলী আছিল ভাৰতৰ বয়স্ক হাতীটোৰ নামেই বিজুলী প্ৰসাদ ।।
বগা চাহাব গুচি যোৱাৰ সময়ত বিজুলী প্ৰসাদক বিশ্বনাথৰ বিহালী সমষ্টিৰ বৰগাঁও চাহ বাগিছাত ৰখা হৈছিল যদিও আছিল পিছত জিলাখনৰে বিহালী চাহ বাগিছাৰ বাসিন্দা হ’ল বিজুলী প্ৰসাদ৷
মৃত্যু দিন পৰ্যন্তও সাত সাগৰ তেৰ নদীৰ সিপাৰৰ পৰা বিজুলীৰ খবৰ ৰাখে ইংৰাজ চাহাবে ৷

 

আজিৰ পৰা প্ৰায় ৯০ বছৰ পূৰ্বে উইলিয়ামছন মেগৰ টি কোম্পানীয়ে ক্ৰয় কৰিছিল হাতীটো । বৃটিছৰ অলিভাৰ চাহাবে হাতীটোক নাম দিছিল বিজুলী প্ৰসাদ ।
মেগৰ কোম্পানীৰ পৰিয়ালৰ সদস্য হৈ পৰা বিজুলী এসময়ত হৈ পৰিছিল কোম্পানীটোৰ আভিজাত্যৰ প্ৰতীক । বিজুলিৰ খাদ্য তালিকাত আছিল প্ৰতিদিনে ২৫ কেজি চাউল, সম পৰিমানৰ গোমধান, বুটমাহ আৰু সপ্তাহত কেইবাগাড়ীও কলগছ যোগান বিজুলী প্ৰসাদক যোগান ধৰি গৈছিল চাহ বাগিচাৰ কৰ্তৃপক্ষই।

বিজুলী প্ৰসাদক পৰিচৰ্যাৰ বাবে বৃটিছৰ অলিভাৰ চাহাবে নিয়োগ কৰিছিল কেইবাজনো কৰ্মচাৰী । তাৰ লগতে প্ৰতি সপ্তাহতে বিজুলী প্ৰসাদৰ শৰীৰৰ ওজন পৰীক্ষা কৰাৰ লগতে নিয়মিত বিজুলীৰ স্বাস্থ্য পৰীক্ষা কৰি পঠোৱা ব্যৱস্থা কৰিছিল বাগিচা খনৰ মুখ্য কাৰ্যালয় কলিকতালৈ।

 

 

পুৱাই প্ৰতি দিনে ২৫ কেজি খাদ্য যোগান ধৰিছিল৷ বিজুলীৰ খাদ্যৰ তালিকাত আছে চাউল, গোমধান আৰু বুটমাহৰ লগতে দৈনিক যোগান ধৰা হয় কলগছ ৷ বিজুলিক পৰিচৰ্যা কৰোতে বছৰি ৬ লাখ টকা খৰচ হয় আৰু চাহ কোম্পানীয়ে খৰচ কৰে সমুদায় ধন ৷
পশু চিকিৎসক ড° কে কে শৰ্মাৰ তত্বাৱধানত হাতীটোক নিয়মিত স্বাস্থ্য পৰীক্ষা চলিছিল।

 

কিন্তু পূৰ্বে কৰ্ণাটকৰ বয়স্ক হাতী চামুণ্ডা প্ৰসাদৰ ৮২ বছৰ বয়সত মৃত্যু হোৱাৰ পিছত এতিয়া বিজুলী প্ৰসাদেই দেশৰ বৰ্ষীয়ান হাতী হিচাপে স্বীকৃতি লাভ কৰিলে ৷


কিন্তু আজি হাতীটো মৃত্যু খবৰে সকলোকে মৰ্মাহত কৰি তুলিছে।

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.