শেহতীয়া আপডেটঃ

বিশ্বনাথ জিলা আৰক্ষীৰ অভিযান উৎখাত হ’ল জালনোট বনোৱা আৰু নকল সোণৰ ব্যৱসায় কৰা এক বৃহৎ চক্ৰ

ওৰে নিশা বিশ্বনাথ জিলা আৰক্ষীৰ অভিযান

উৎখাত হ’ল জালনোট বনোৱা আৰু নকল সোণৰ ব্যৱসায় কৰা এক বৃহৎ চক্ৰ## উদ্ধাৰ হ’ল বৃহৎ পৰিমাণৰ জালনোট, নকল সোণ, বিদেশী মুদ্ৰা, বন্দুকৰ গুলি আৰু বহু আপত্তিজনক সামগ্ৰী# গ্ৰেপ্তাৰ ৫ জনকৈ অপৰাধী

 

অপৰাধ আৰু অপৰাধীৰ এক ঘাটিত যেন পৰিণত হৈছে বিশ্বনাথ। বিভিন্ন জিলাৰ বহু কুখ্যাত অপৰাধীৰ যেন এক সুৰক্ষিত ‘চেল্টাৰ’ হিচাপে গঢ় লৈ উঠিছে সমগ্ৰ বিশ্বনাথ। এনকাউণ্টাৰৰ দৰে কঠোৰ ব্যৱস্থায়ো নিয়ন্ত্ৰণ কৰিব পৰা নাই বিশ্বনাথৰ এই অপৰাধীৰ সাম্ৰাজ্য। আৰক্ষী প্ৰশাসনে যিমানেই অপৰাধ নিয়ন্ত্ৰণ কৰাৰ বাবে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে সিমানেই একাংশ অপৰাধীয়ে অপৰাধজনিত কামৰ হেডকোৰ্ৱাটাৰ হিচাপে বাচি লৈছে বিশ্বনাথক।কাৰ্যতঃ কালি নিশা বিশ্বনাথত জাল নোট সহ সজীৱ গুলী উদ্ধাৰৰ লগতে ৫জনকৈ কুখ্যাত অপৰাধী গ্ৰেপ্তাৰৰ হোৱাৰ পিছতে এই কথাই প্ৰতিপন্ন হৈছে।জানিব পৰা মতে কালি নিশা বিশ্বনাথ জিলা আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি ওৰে নিশা বিশ্বনাথ চাৰিআলি নগৰৰ আমবাৰীৰ ৪ নং ৱাৰ্ডৰ সেউজপুৰত থকা আমিৰ আলী নামৰ অপৰাধীজনৰ বাসগৃহত অভিযান চলাই বৃহৎ পৰিমাণৰ সজীৱ গুলী সহ নকল সোণ, নকল টকা বনোৱা মেচিনসহ বহু আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হয়। কেৱল সেয়াই নহয়, ১৮ ৰাউণ্ড ৭.৬২ পিষ্টলৰ সজীৱ গুলি, ৫১ ৰাউণ্ড পইন্ট ২২ পিষ্টলৰ সজীৱ গুলি সহ জাল নোট প্ৰস্তুত কৰা মেচিন এটা, ১০ টা ৫০০ টকীয়া বাণ্ডিলৰ জাল নোট সহ ৫ লাখ ৪৯ হাজাৰ ৫০০ টকাৰ জালনোট জব্দ কৰিবলৈ সক্ষম হয় বিশ্বনাথ জিলা আৰক্ষীয়ে। আনকি অভিযান কাৰী দলে আমেৰিকান ডলাৰ, সোণ গলোৱা হিটাৰ, দহটাকৈ মোবাইল ফোন, দুখন পালচাৰ বাইক, এখন চুইফট ডিজায়াৰ গাড়ীও জব্দ কৰে।আৰক্ষীয়ে এই অভিযানত বিশ্বনাথ চাৰিআলিৰ আমিৰ আলি আৰু লখিমপুৰৰ আটিকুল ইছলাম ,মফিজুদ্দিন আহমেদ ,ছাইফুল ইছলাম আৰু হবিবুৰ ৰহমান নামৰ ৫ জনক অপৰাধীক গ্ৰেপ্তাৰ কৰিছে। ইফালে নিশা বিশ্বনাথ আৰক্ষীৰ অভিযানত কৰায়ত্ত কৰা আমিৰ আলীৰ পুৰণা বাসগৃহত পুনৰ পুৱা আৰক্ষীয়ে অভিযান চলায়।বিশ্বনাথৰ মাজুলিগড় চাহ বাগিছাৰ কমাৰজানত থকা আমিৰ আলীৰ পুৰণা বাসগৃহৰ পৰা আকৌ উদ্ধাৰ কৰে নগদ ৫ লাখ ১৮ হাজাৰ টকা।উদ্ধাৰ কৰা হয় থাইলেণ্ড, ইন্দোনেচিয়াৰ মুদ্ৰা।তদুপৰি জব্দ কৰা হয় এটি অৰ্ধ নিৰ্মিত জাল নোট বনোৱা মেচিন।ইতিমধ্যে আৰক্ষীয়ে জব্দকৃত গুলীৰ আলমত পিষ্টলৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে।জানিব পৰামতে বিশ্বনাথৰ সেউজপুৰৰ আমিৰ আলিৰ বাসভৱনত বাহৰ পাতি থকা লখিমপুৰৰ বঙালমৰাৰ আটিকুল ইছলাম ,মফিজুদ্দিন আহমেদ ,ছাইফুল ইছলাম আৰু হবিবুৰ ৰহমান আদিয়ে নকল সোণৰ লগতে জালনোটৰ বেহা চলাই আহিছিল।আৰক্ষীয়ে সন্দেহজনক গতি বিধিৰ এই ব্যক্তি কেইজনৰ বিৰুদ্ধে তদন্ত কৰাৰ পিছত কালি নিশা বিশ্বনাথৰ অতিৰিক্ত আৰক্ষী অধীক্ষক কুলেন্দ্ৰ নাথ ডেকা,উপ আৰক্ষী অধীক্ষক জয়ন্ত বৰা,আৰু সদৰ থানাৰ অচিৰ নেতৃত্বত যোৱা অভিযানকাৰী দলে চি আৰ পি এফৰ ৩০ নং বেটেলিয়নৰ ইক’ কোম্পানীৰ সহায়ত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় এই অপৰাধী কেইজনক। মাজুলিগড়ৰ আমিৰ আলিয়ে শেহতীয়াকৈ লেহুগাঁও গাঁও পঞ্চায়তৰ ৪ নং ৱাৰ্ডৰ সেউজপুৰত বাস কৰি অপৰাধৰ এখন মুক্ত সাম্ৰাজ্য গঢ়ি তুলিছে।তদুপৰি উত্তৰ অসমৰ বহু অপৰাধত জড়িত এই চক্ৰটোৱে প্ৰৱঞ্চনা আৰু অন্য উপায়ৰে ধন ঘটাৰ কৌশল অৱলম্বন কৰি আৰক্ষীকো প্ৰত্যহ্বান জনাই আহিছিল।বিশ্বনাথত এনে ঘটনাৰ লগত জড়িত অপৰাধীক এনকাউণ্টাৰ কৰা ২/৩ মাহৰ পিছতে সক্ৰিয় এই অপৰাধীৰ বিৰুদ্ধে বিশ্বনাথ আৰক্ষীয়ে অভিযান তীব্ৰতৰ কৰি তুলিছে যদিও সম্পূৰ্ণ ৰূপে নিয়ন্ত্ৰণ কৰিব পৰা নাই।বিগত সময়ত বিশ্বনাথ জিলা আৰক্ষীয়ে ধাৰাবাহিকভাবে জিলাখনৰ জাল নোট ব্যবসায়ী,চোৰাং গৰু,মদ,গাঞ্জা,ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই অপৰাধীক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছিল। ইমানৰ পিছতো এতিয়াও বিশ্বনাথত এই অপৰাধী চক্ৰটো সক্ৰিয় হৈ থকা ঘটনাই চিন্তাৰ বিষয় হৈ পৰিছে

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.