Thursday, June 19, 2025
25.2 C
Guwahati
TOP NEWS:

বিশ্বনাথ জিলা আৰক্ষীৰ অভিযান উৎখাত হ’ল জালনোট বনোৱা আৰু নকল সোণৰ ব্যৱসায় কৰা এক বৃহৎ চক্ৰ

- Advertisement -
- Advertisement -
- Advertisement -
- Advertisement -

ওৰে নিশা বিশ্বনাথ জিলা আৰক্ষীৰ অভিযান

উৎখাত হ’ল জালনোট বনোৱা আৰু নকল সোণৰ ব্যৱসায় কৰা এক বৃহৎ চক্ৰ## উদ্ধাৰ হ’ল বৃহৎ পৰিমাণৰ জালনোট, নকল সোণ, বিদেশী মুদ্ৰা, বন্দুকৰ গুলি আৰু বহু আপত্তিজনক সামগ্ৰী# গ্ৰেপ্তাৰ ৫ জনকৈ অপৰাধী

 

অপৰাধ আৰু অপৰাধীৰ এক ঘাটিত যেন পৰিণত হৈছে বিশ্বনাথ। বিভিন্ন জিলাৰ বহু কুখ্যাত অপৰাধীৰ যেন এক সুৰক্ষিত ‘চেল্টাৰ’ হিচাপে গঢ় লৈ উঠিছে সমগ্ৰ বিশ্বনাথ। এনকাউণ্টাৰৰ দৰে কঠোৰ ব্যৱস্থায়ো নিয়ন্ত্ৰণ কৰিব পৰা নাই বিশ্বনাথৰ এই অপৰাধীৰ সাম্ৰাজ্য। আৰক্ষী প্ৰশাসনে যিমানেই অপৰাধ নিয়ন্ত্ৰণ কৰাৰ বাবে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে সিমানেই একাংশ অপৰাধীয়ে অপৰাধজনিত কামৰ হেডকোৰ্ৱাটাৰ হিচাপে বাচি লৈছে বিশ্বনাথক।কাৰ্যতঃ কালি নিশা বিশ্বনাথত জাল নোট সহ সজীৱ গুলী উদ্ধাৰৰ লগতে ৫জনকৈ কুখ্যাত অপৰাধী গ্ৰেপ্তাৰৰ হোৱাৰ পিছতে এই কথাই প্ৰতিপন্ন হৈছে।জানিব পৰা মতে কালি নিশা বিশ্বনাথ জিলা আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি ওৰে নিশা বিশ্বনাথ চাৰিআলি নগৰৰ আমবাৰীৰ ৪ নং ৱাৰ্ডৰ সেউজপুৰত থকা আমিৰ আলী নামৰ অপৰাধীজনৰ বাসগৃহত অভিযান চলাই বৃহৎ পৰিমাণৰ সজীৱ গুলী সহ নকল সোণ, নকল টকা বনোৱা মেচিনসহ বহু আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হয়। কেৱল সেয়াই নহয়, ১৮ ৰাউণ্ড ৭.৬২ পিষ্টলৰ সজীৱ গুলি, ৫১ ৰাউণ্ড পইন্ট ২২ পিষ্টলৰ সজীৱ গুলি সহ জাল নোট প্ৰস্তুত কৰা মেচিন এটা, ১০ টা ৫০০ টকীয়া বাণ্ডিলৰ জাল নোট সহ ৫ লাখ ৪৯ হাজাৰ ৫০০ টকাৰ জালনোট জব্দ কৰিবলৈ সক্ষম হয় বিশ্বনাথ জিলা আৰক্ষীয়ে। আনকি অভিযান কাৰী দলে আমেৰিকান ডলাৰ, সোণ গলোৱা হিটাৰ, দহটাকৈ মোবাইল ফোন, দুখন পালচাৰ বাইক, এখন চুইফট ডিজায়াৰ গাড়ীও জব্দ কৰে।আৰক্ষীয়ে এই অভিযানত বিশ্বনাথ চাৰিআলিৰ আমিৰ আলি আৰু লখিমপুৰৰ আটিকুল ইছলাম ,মফিজুদ্দিন আহমেদ ,ছাইফুল ইছলাম আৰু হবিবুৰ ৰহমান নামৰ ৫ জনক অপৰাধীক গ্ৰেপ্তাৰ কৰিছে। ইফালে নিশা বিশ্বনাথ আৰক্ষীৰ অভিযানত কৰায়ত্ত কৰা আমিৰ আলীৰ পুৰণা বাসগৃহত পুনৰ পুৱা আৰক্ষীয়ে অভিযান চলায়।বিশ্বনাথৰ মাজুলিগড় চাহ বাগিছাৰ কমাৰজানত থকা আমিৰ আলীৰ পুৰণা বাসগৃহৰ পৰা আকৌ উদ্ধাৰ কৰে নগদ ৫ লাখ ১৮ হাজাৰ টকা।উদ্ধাৰ কৰা হয় থাইলেণ্ড, ইন্দোনেচিয়াৰ মুদ্ৰা।তদুপৰি জব্দ কৰা হয় এটি অৰ্ধ নিৰ্মিত জাল নোট বনোৱা মেচিন।ইতিমধ্যে আৰক্ষীয়ে জব্দকৃত গুলীৰ আলমত পিষ্টলৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে।জানিব পৰামতে বিশ্বনাথৰ সেউজপুৰৰ আমিৰ আলিৰ বাসভৱনত বাহৰ পাতি থকা লখিমপুৰৰ বঙালমৰাৰ আটিকুল ইছলাম ,মফিজুদ্দিন আহমেদ ,ছাইফুল ইছলাম আৰু হবিবুৰ ৰহমান আদিয়ে নকল সোণৰ লগতে জালনোটৰ বেহা চলাই আহিছিল।আৰক্ষীয়ে সন্দেহজনক গতি বিধিৰ এই ব্যক্তি কেইজনৰ বিৰুদ্ধে তদন্ত কৰাৰ পিছত কালি নিশা বিশ্বনাথৰ অতিৰিক্ত আৰক্ষী অধীক্ষক কুলেন্দ্ৰ নাথ ডেকা,উপ আৰক্ষী অধীক্ষক জয়ন্ত বৰা,আৰু সদৰ থানাৰ অচিৰ নেতৃত্বত যোৱা অভিযানকাৰী দলে চি আৰ পি এফৰ ৩০ নং বেটেলিয়নৰ ইক’ কোম্পানীৰ সহায়ত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় এই অপৰাধী কেইজনক। মাজুলিগড়ৰ আমিৰ আলিয়ে শেহতীয়াকৈ লেহুগাঁও গাঁও পঞ্চায়তৰ ৪ নং ৱাৰ্ডৰ সেউজপুৰত বাস কৰি অপৰাধৰ এখন মুক্ত সাম্ৰাজ্য গঢ়ি তুলিছে।তদুপৰি উত্তৰ অসমৰ বহু অপৰাধত জড়িত এই চক্ৰটোৱে প্ৰৱঞ্চনা আৰু অন্য উপায়ৰে ধন ঘটাৰ কৌশল অৱলম্বন কৰি আৰক্ষীকো প্ৰত্যহ্বান জনাই আহিছিল।বিশ্বনাথত এনে ঘটনাৰ লগত জড়িত অপৰাধীক এনকাউণ্টাৰ কৰা ২/৩ মাহৰ পিছতে সক্ৰিয় এই অপৰাধীৰ বিৰুদ্ধে বিশ্বনাথ আৰক্ষীয়ে অভিযান তীব্ৰতৰ কৰি তুলিছে যদিও সম্পূৰ্ণ ৰূপে নিয়ন্ত্ৰণ কৰিব পৰা নাই।বিগত সময়ত বিশ্বনাথ জিলা আৰক্ষীয়ে ধাৰাবাহিকভাবে জিলাখনৰ জাল নোট ব্যবসায়ী,চোৰাং গৰু,মদ,গাঞ্জা,ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই অপৰাধীক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছিল। ইমানৰ পিছতো এতিয়াও বিশ্বনাথত এই অপৰাধী চক্ৰটো সক্ৰিয় হৈ থকা ঘটনাই চিন্তাৰ বিষয় হৈ পৰিছে

- Advertisement -

Hot this week

ইৰাণৰ চীফ অব ষ্টাফ আলী ছাদমানীৰ বিমান আক্ৰমণত মৃত্যু

ইজৰাইলৰ সেনাই ইৰাণৰ যুদ্ধকালীন চীফ অব ষ্টাফ তথা ছুপ্রিম...

নাৰীৰ যৌনতাৰ (Sex) প্ৰয়োজনীয়তা আৰু অসম্পূৰ্ণ যৌনতা (Un-Satisfactions sexual life) বাবে হোৱা সমস্যা

নাৰীৰ যৌনতাৰ (Sex) প্ৰয়োজনীয়তা আৰু অসম্পূৰ্ণ যৌনতা (Un-Satisfactions sexual...

চুলি নাবান্ধিবা যাজ্ঞসেনী

কবিঃ ড° কৰবী ডেকা হাজৰিকা অনুবাদকঃ ৰাজশ্ৰী সেনাপতি গগৈ চুলি নাবান্ধিবা...

বজ্ৰাসন আৰু আমাৰ স্বাস্থ্য

বজ্ৰাসন কি? বজ্ৰাসনে আমাৰ শৰীৰটোক বজ্ৰৰ দৰে দৃঢ় (কঠিন বা...

Topics

চুলি নাবান্ধিবা যাজ্ঞসেনী

কবিঃ ড° কৰবী ডেকা হাজৰিকা অনুবাদকঃ ৰাজশ্ৰী সেনাপতি গগৈ চুলি নাবান্ধিবা...

ইৰাণৰ চীফ অব ষ্টাফ আলী ছাদমানীৰ বিমান আক্ৰমণত মৃত্যু

ইজৰাইলৰ সেনাই ইৰাণৰ যুদ্ধকালীন চীফ অব ষ্টাফ তথা ছুপ্রিম...

৬ দিন অতিক্ৰমঃ ইজৰাইল আৰু ইৰানৰ মাজৰ সংঘৰ্ষ

মিছাইল আৰু আকাশমাৰ্গেৰ আক্ৰমণত তচনচ হৈ পৰিছে ইৰাণ৷ আজি...

নতুন পদ্ধতিৰে অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন

নতুন ব্যৱস্থাসমূহ জনসাধাৰণৰ মাজলৈ লৈ যোৱাৰ বাবে এতিয়ালৈ বিভিন্ন...

গৰ্ভাৱস্থাত যৌন সংক্ৰমণজনিত ৰোগ

গৰ্ভৱতী মহিলা এগৰাকী যৌন সংক্ৰমিত ৰোগত আক্ৰান্ত হ’ব পাৰেনে? আন...

অচিনাকী যৌন ৰোগ

তলত বৰ্ননা দিয়া যৌন ৰোগসমূহ জনসাধাৰনৰ ইমান পৰিচিত নহয়...

বজ্ৰাসন আৰু আমাৰ স্বাস্থ্য

বজ্ৰাসন কি? বজ্ৰাসনে আমাৰ শৰীৰটোক বজ্ৰৰ দৰে দৃঢ় (কঠিন বা...

Related Articles

Popular Categories

Assam
overcast clouds
25.2 ° C
25.2 °
25.2 °
97 %
1.6kmh
100 %
Thu
29 °
Fri
32 °
Sat
31 °
Sun
33 °
Mon
28 °