আন্তঃৰাষ্ট্ৰীয় হিন্দু সেনাৰ  উদ্যোগত বিহপুৰীয়াৰ ত্ৰিশখন বিচঁনাযুক্ত গ্ৰাম্য চিকিৎসালয়ত ৰক্তদান

 

আন্তঃৰাষ্ট্ৰীয় হিন্দু সেনাৰ  উদ্যোগত সোমবাৰে বিহপুৰীয়াৰ ত্ৰিশখন বিচঁনাযুক্ত গ্ৰাম্য চিকিৎসালয়ত এক ৰক্তদান শিৱিৰ অনুষ্ঠিত হয় ৷

শিৱিৰত বিহপুৰীয়াৰ অৰ্দ্ধশতাধিক ৰক্তদাতাই ৰক্তদান কৰে ৷

শিৱিৰত স্বাস্থ্য কৰ্মীৰ লগতে আন্তঃৰাষ্ট্ৰীয় হিন্দুসেনাৰ ৰাজ্যিক সমিতিৰ সম্পাদক প্ৰশান্ত বুঢ়াগোহাঁই, জিলা সমিতিৰ সভাপতি বিশ্বজিৎ গগৈ আৰু বিহপুৰীয়া আঞ্চলিকৰ নেতা কৰ্মী সকলে অংশগ্ৰহন কৰে৷
ৰক্তদানৰ লগতে ,নেতৃত্বত থকা প্ৰসান্ত বুঢ়াগোঁহাইৰ আহ্বানত ৰক্তদান সম্পৰ্কীয় এক সজাগতা অভিযান চলায় কৰ্মী সকলে

প্ৰেৰক : জয়ন্ত কুমাৰ হাজৰিকা

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.